ETV Bharat / jagte-raho

ধুবুৰী তামাৰহাটত গ্ৰেপ্তাৰ গৰু চোৰ

author img

By

Published : Jul 11, 2020, 7:35 AM IST

ধুবুৰীত গ্ৰেপ্তাৰ গৰু চোৰ ৷ জিলাখনৰ তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত খৰখৰীৰ পৰা গ্ৰেপ্তাৰ গৰুচোৰটো ৷

ধুবুৰী তামাৰহাটত গ্ৰেপ্তাৰ গৰু চোৰ
ধুবুৰী তামাৰহাটত গ্ৰেপ্তাৰ গৰু চোৰ

ধুবুৰী, 11 জুলাই : দীৰ্ঘদিন ধৰি ধুবুৰীৰ তামাৰহাট অঞ্চলত সন্ত্ৰাস চলাই আহিছিল অজ্ঞাত গৰু চোৰে ৷ অৱশেষত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন গৰু চোৰ ৷

জিলাখনৰ তামাৰহাট থানাৰ অন্তৰ্গত খৰখৰীৰ পৰা গ্ৰেপ্তাৰ হয় গৰু চোৰটো । দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত গৰু চুৰি হৈ আহিছিল ৷ যাৰ বাবে একপ্ৰকাৰে ৰাইজৰ নিদ্ৰাহৰণ হৈ পৰিছিল । এনে সময়তে তামাৰহাটৰ খৰখৰী অঞ্চলৰ ৰাইজে আবু ছামা নামৰ এজন গৰু চোৰক আটক কৰি এখন ৰাইজ মেল অনুষ্ঠিত কৰে ।

ধুবুৰী তামাৰহাটত গ্ৰেপ্তাৰ গৰু চোৰ

ইফালে আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ধৃত আবু ছামাক ৰাইজৰ হাতৰ পৰা তামাৰহাট থানাত লৈ আহে । ধৃত আবু ছামাৰ ঘৰ তামাৰহাট থানাৰ উজানপেটলা ১ম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে । গৰু চোৰটো আটক হোৱা খবৰ পাই গৰুৰ গৰাকী আব্দুল হামিদ শ্বেখে আবু ছামাৰ নামত তামাৰহাট থানাত এজাহাৰ দিয়ে । উক্ত এজাহাৰৰ ভিত্তিতে তামাৰহাট আৰক্ষীয়ে ১৬০/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ৩৭৯ ধাৰাত ধৃত আবু ছামাক ধুবুৰী আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়কঃ মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.