বিশ্বনাথ,3 অক্টোবৰ : বিশ্বনাথৰ হেলেম আৰক্ষী থানা অন্তৰ্গত হেলেম হেলেমগুৰিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । শুকুৰবাৰে নিশা হেলেমগুৰিত সোণাৰীপৰীয়াৰ গুণেশ্বৰ সৎনামী নামৰ লোকজনে পত্নী সবিতা সৎনামীক মৰিয়াই মৰিয়াই হত্যা কৰে ।
ঘৰুৱা কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অৱশ্যে শনিবাৰে বিয়লি ভাগত গুণেশ্বৰ সৎনামীয়ে হেলেম থানাত আত্মসমৰ্পণ কৰে ।
লগতে পঢ়ক: পশ্চিম কার্বি আংলঙত কুণ্ডাভর্তি বাহন জব্দ বন বিভাগৰ