বৰপেটা, 23 আগষ্টঃ অৱশেষত আৰক্ষীৰ জালত পৰিল চুৰিকাঘাট কৰি নিজৰ প্ৰেমিকক হত্যা কৰা বৰপেটাৰ ৰুণীমা পাৰভীন নামৰ যুৱতী গৰাকী ৷ গোপন সূত্ৰৰ পম খেদি ঘটনা সংঘটিত হোৱাৰ চাৰিদিনৰ পাচত বৰপেটা চহৰৰ মেটুৱাকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুণীমা পাৰভীনক ৷ বৰপেটাৰ নগাঁৱৰ বি বি কে কলেজৰ সমীপত বহৰি বৰভিঠা গাৱৰ ময়দুল ইছলাম নামৰ যুৱকজনক চুৰিকাঘাট কৰি হত্যা কৰাৰ পাচৰ পৰাই পলাতক হৈ আছিল যুৱতীগৰাকী ৷ উল্লেখ্য যে, বি বি কে কলেজৰ বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৰুণীমাৰ সৈতে দীৰ্ঘ ৭ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকা ময়দুলে ছাত্ৰীগৰাকীক প্ৰৱঞ্চনা কৰি মৃত্যুৰ তিনিদিন পূৰ্বে বিৱাহ কৰিছিল আন এগৰাকী যুৱতীক ৷ প্ৰেমিকৰ এই প্ৰৱঞ্চনাৰ বাবেই হত্যাৰ সন্দেহ পৰিয়ালৰ ৷
শেহতীয়া তথ্য মতে শুকুৰবাৰে পাৰভীনৰ স্বীকাৰোক্তিৰ ভিত্তিত বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপৰ এটা পুখুৰীৰ পৰা হত্যাত ব্যৱহৃত চুৰিখন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷