ETV Bharat / jagte-raho

বাবৰি গোচৰত চিবিআই আদালতত হাজিৰ উমা ভাৰতী

author img

By

Published : Jul 2, 2020, 5:01 PM IST

বাবৰি মছজিদ গোচৰত অভিযুক্ত জ্যেষ্ঠ বিজেপি নেত্ৰী উমা ভাৰতী আজি চিবিআই আদালতত হাজিৰ হয় ৷ 61 বছৰীয়া বিজেপি নেত্ৰীগৰাকী বাবৰি গোচৰৰ 19সংখ্যক অভিযুক্ত ৷

বাবৰি গোচৰত চিবিআই আদালতত হাজিৰ উমা ভাৰতী
বাবৰি গোচৰত চিবিআই আদালতত হাজিৰ উমা ভাৰতী

নিউজ ডেস্ক, 2 জুলাই : জ্যেষ্ঠ বিজেপি নেত্ৰী উমা ভাৰতী বৃহস্পতিবাৰে লক্ষ্নৌস্থিত চিবিআইৰ বিশেষ আদালতত উপস্থিত হয় ৷ 1992 চনৰ বাবৰি মছজিদ গোচৰ সংক্ৰান্তত উমা ভাৰতী এইদৰে বিশেষ আদালতত উপস্থিত হয় ৷

চিআৰপিচিৰ 313 ধাৰাৰ অধীনত চিবিআইৰ বিদেশ আদালতে 32 গৰাকী অভিযুক্তৰ শুনানি গ্ৰহণ কৰি আছে ৷ 61 বছৰীয়া বিজেপি নেত্ৰীগৰাকী 27 বছৰ পুৰনি গোচৰটোৰ এই তালিকাৰ 19সংখ্যক অভিযুক্ত ৷ এই গোচৰত অভিযুক্তসকলৰ ভিতৰত আছে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যান সিং, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী, জ্যেষ্ঠ বিজেপি নেতা মুৰলী মনোহৰ যোশী, বিনয় কাটিয়াৰ, সাধ্বী ৰিথামবৰা, সাক্ষী মহাৰাজ আৰু ৰাম বিলাস বেদান্তীৰ দৰে নেতাসকলৰ নাম ৷

লগতে পঢ়কঃ চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে ৰাম মন্দিৰৰ ভূমি পূজন স্থগিত

চিবিআইৰ আগত এইসকল অভিযুক্তৰ অধিবক্তাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল ৷ 2017ৰ 19 এপ্ৰিলত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিশেষ ন্যায়াধীশক দুবছৰৰ বাবে এই গোচৰৰ দিন-প্ৰতিদিন শুনানি গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ ইতিমধ্যে অহা 31 আগষ্টত এই দিন-প্ৰতিদিন শুনানিৰ অন্ত পৰিব ৷

উমা ভাৰতীৰ পিচতে বাকীসকল অভিযুক্তকো এইদৰে লাহে লাহে আদালতত উপস্থিত কৰোৱা হ'ব ৷

1992 চনৰ ডিচেম্বৰ মাহত কাৰসেৱকৰ দ্বাৰা অযোধ্যাস্থিত বাবৰি মছজিদ ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কাৰসেৱক সকলে বাবৰি মছজিদ থকা স্থানত ৰাম মন্দিৰ থকা বুলি দাবী কৰি আহিছে ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযুক্তসকলৰ লক্ষ্নৌস্থিত চিবিআইৰ বিশেষ আদালতত শুনানি গ্ৰহণ কৰি থকা হৈছে ৷

ইতিমধ্যে, ৰাম বিলাস বেদান্তী, বিজয় বাহাদুৰ গান্ধী, যাদৱ প্ৰকাশ শৰ্মাৰ শুনানি ইতিমধ্যেই আদালতে গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ আদালতে চিআৰপিচিৰ 313ৰ ধাৰাৰ অধীনত অন্যান্য অভিযুক্তসকলৰ সাক্ষ্য গ্ৰহণ কৰি আছে ৷

লগতে পঢ়কঃ সমুদ্ৰ মন্থনৰ সময়ত উঠি অহা কল্পবৃক্ষৰ আছে ঐশ্বৰিক বিশেষত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.