ডিফু, ৭ জুন : কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা দা পিপুলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ শিৱিৰত অসম আৰক্ষীৰ মোক্ষম আঘাত ৷ উগ্ৰপন্থী সংগঠনটোৰ চিএনচি আৰু চাৰ্জেণ্টসহ চাৰিজনকৈ দূৰ্ধৰ্ষ কেডাৰক কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ডকমকা থানাৰ ১৯ /২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত ডকমকাৰ তাৰাবাছাৰ গভীৰ অৰণ্য এলেকাত বোকাজানৰ এছডিপিঅ' আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (মুখ্য)ৰ নেতৃত্বত জিলাখনৰ বিভিন্ন থানাৰ অচি আৰু আইচি ষ্টাফ, চিডিঅ', বেটেলিয়ান আৰু চিআৰপিএফৰ যুটীয়া অভিযানত পিডিচিকেৰ চাৰিজনকৈ দূৰ্ধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ফ্ৰাঞ্চিছ তেৰাঙ ওৰফে ডেভিদ মুক্ৰাং পিডিচিকে প্ৰাক্তন সেনাধ্যক্ষ আৰু বৰ্তমান সংগঠনটোৰ গৃহ সচিব, নমন ঋষি ৰেংমা ওৰফে আখাবি ৰেংমা হ'ল ছাৰ্জেণ্ট, ৰজভেল্ট ইংতি ( ১৮) আৰু আংতং ৰংপি হ'ল নতুনকৈ ভৰ্তি হোৱা সদস্য ৷

আটকাধীন পিডিচিকেৰ সদস্য কেইজনৰ পৰা অভিযানকাৰী দলটোৱে দুটাকৈ 7.65 পিষ্টল, ১০ জাঁই সজীৱ গুলি, নগদ প্ৰায় ৩ লাখ টকা, এটা লেপটপ, ইউনিফৰ্ম, হাণ্টিং শ্বু , ম'বাইল ফোন, টৰ্চ লাইট আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
যোৱা ২ জুনত কাৰ্বি আংলং আৰক্ষীয়ে AK চিৰিজৰ অত্যাধুনিক মাৰণাস্ত্ৰসহ আটক কৰিছিল তিনিজনকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰীক ৷ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, জিলাখনত পিডিচিকেৰ অস্তিত্ব প্ৰায় নাই বুলিয়ে ক'ব পাৰি ৷ আনহাতে জিলাখনৰ বাহিৰত পিডিচিকেৰ গতিবিধিৰ বিষয়ে তেওঁ নাজানো বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃ অস্ত্ৰ হাতত ল'লে অসম আৰক্ষী বহি নাথাকেঃ ভাস্কৰজ্যোতি মহন্ত