ETV Bharat / jagte-raho

শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Feb 5, 2021, 12:42 PM IST

শোণিতপুৰৰ চাৰিদুৱাৰত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ ৰঙাপৰা আবকাৰী বিভাগৰ ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে আবকাৰী বিভাগে ।

Illegal Wine Seized By Excise Dept At Sonitpur Sariduwar
শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ৰঙাপৰা, 5 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷ তেনে এটা ঘটনা পোহৰলৈ আহিছে ৰঙাপৰাৰ চাৰিদুৱাৰত ৷ বৃহস্পতিবাৰে নিশা ৰঙাপৰা আবকাৰী বিভাগে দুখন নম্বৰ প্লেট বিহীন বাহনৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সুত্ৰৰ পম খেদি নিশা ৰঙাপৰা আবকাৰী বিভাগৰ উপ পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত আবকাৰী দল আৰু চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ পৰা প্ৰায় ৭০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লখ্য যে,অৰুণাচলী সুৰাখিনি ভালুকপুঙৰ পৰা যোৰহাট অভিমুখে লৈ যোৱা অৱস্থাত দুখন নম্বৰ প্লেটবিহীন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। অৱশ্যে আবকাৰী আৰু আৰক্ষীয়ে চলোৱা অভিযানকালত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে আন্ধাৰৰ সুযোগ লৈ পলাই য‍াবলৈ সক্ষম হয় চালক কেইজন। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা হ'ব বুলি সাংবাদিকৰ আগত সদৰি কৰে আবকাৰী বিষয়াই। ইফালে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.