নিউজ ডেস্ক, ৪ মে' : লকডাউনৰ মাজতে মহাৰাষ্ট্ৰৰ দুটা ফৈদৰ মাজৰ সংঘৰ্ষত এজন লোক নিহত হয় । ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এজাহাৰ ৰুজু কৰাৰ লগতে তদন্ত অব্যাহত আছে ।
ঘটনা অনুসৰি, ৰাজ্যখনৰ লাটুৰ জিলাত সংঘটিত হয় এই কাণ্ড । লাটুৰ জিলাৰ উদগিৰ অঞ্চলত এটা হ্ৰদ চাফা কৰাক লৈ সংঘৰ্ষৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দুটাকৈ পক্ষৰ মাজত দা-কুঠাৰেৰে আক্ৰমণ সংঘটিত হয় । উদগিৰৰ দেউলৱাড়ী গাঁৱত সংঘটিত হোৱা এই ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে ছজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ঘটনাত নিহত লোকজন ৰুদ্ৰপ্পা গাতটে বুলি জানিব পৰা গৈছে । ইতিমধ্যে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ।