নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ সমগ্ৰ দেশতে মহামাৰী কোভিড-১৯ বিয়পি পৰাত অৰিহনা যোগোৱা তবলিগি জামাতৰ সৈতে জড়িত বিদেশী নাগৰিকক জেললৈ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । বিগত ১ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইকেইজন লোকক ।
দিল্লীত অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্ঠানত দেশৰ লগতে বিদেশৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল । যাৰ পিচতেই সমগ্ৰ দেশত ভয়ানক হাৰত বৃদ্ধি পাইছিল কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা । আৰক্ষীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকসকলক আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা দিছিল যদিও চৰকাৰ তথা আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বহুতেই পলাই ফুৰিছিল আৰু তাৰ পিচতেই ভয়ানক হাৰত বৃদ্ধি পাইছিল কৰ'ণা ভাইৰাছৰ প্ৰকোপ । আনহাতে আৰক্ষীকে ধৰি স্বাস্থ্য় কৰ্মীৰ ওপৰত আক্ৰমণো সংঘটিত কৰিছিল জামাতীসকলে ।
শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইণ্ডোনেচিয়াৰ পৰা আহি জামাতত অংশগ্ৰহণ কৰা ৮গৰাকী বিদেশী নাগৰিকক জেললৈ প্ৰেৰণ কৰিছে । মুৰাদাবাদ জিলাৰ উপ-আৰক্ষী অধীক্ষক বিশাল যাদৱে এই কথা প্ৰকাশ কৰিছে । ধৃত জামাতীকেইজনক পৃথকে ৰখাৰ লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত বুধবাৰে এইদৰে জেললৈ প্ৰেৰণ কৰা হয় ।