ETV Bharat / jagte-raho

জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Jul 21, 2020, 7:47 PM IST

জোনাইত তিনিটা দুৰ্ধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ দীৰ্ঘ দিন ধৰি জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল ধৃত ডকাইত কেইটা ৷ ইতিমধ্যে আন কেইবাটাও ডকাইত পলাতক আছে বুলি জানিবলৈ পোৱা গৈছে ৷

3 Robbery Arrested By Police At Jonai
জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

জোনাই, 21 জুলাইঃ জোনাইত আৰক্ষীৰ জালত পৰে তিনি দুৰ্ধৰ্ষ ডকাইত ৷ আৰক্ষীয়ে জোনাইৰ লাইমেকুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইত কেইটাক ৷

জোনাইৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰীৰ তাক দলঙৰ সমীপত মঙলবাৰে বহুদিনৰ পৰা গাড়ী ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰা তিনি দুৰ্ধৰ্ষ ডকাইতক জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত তিনিজন ক্ৰমে ক্ৰমে নৱ মিছং (২২) পিতা মিলেশ্বৰ মিছং,ধনেশ কুলি(২১) পিতা বিলাপচন কুলি, ৰঞ্জিত দলে (১৮) পিতা বন্দেশ্বৰ দলে ৷ ইফালে ভোলানাথ মিলি নামৰ আন এটা দুৰ্ধৰ্ষ ডকাইত পলাতক অৱস্থাত আছে বুলি জানিবলৈ পোৱা গৈছে ৷

উল্লেখযোগ্য যে,যোৱা ১৮ জুলাই শনিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত এজন ব্যক্তিয়ে নিজা গাড়ীৰে জোনাইৰ পৰা লাইমেকুৰীস্থিত ঘৰলৈ আহি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰী দলঙৰ সমীপত গছৰ ডাল পৰি থাকে ৷ তাৰ পিছত গাড়ীৰ পৰা নামি গছৰ ডালসমুহ আতঁৰাবলৈ যাওতে পিছপালৰ পৰা চোকা অস্ত্ৰ দেখুৱাই লুট কৰিব চেষ্টা চলায় । কিন্ত ব্যক্তি জনে কোনোমতে ডকাইতৰ দলটোৰ পৰা হাত সাৰি গাড়ীত উঠি পলাবলৈ সক্ষম হয় । উক্ত ব্যক্তিজনে পিছদিনা জোনাইৰ আৰক্ষী থানাত এই সমগ্ৰ ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰে ৷

উক্ত ঘটনাৰ বিৰুদ্ধে জোনাই আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ নেতৃত্বত অভিযান চলাই তিনিজন ডকাইত আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে ডকাইতৰ দলটোৰ বাকী কেইজন পলাতক অৱস্থাত আছে বুলি জানিবলৈ পোৱা গৈছে ৷ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ডকাইতৰ দলটোৰ ভোলানাথ মিলি নামৰ যুৱকজন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাকী কেইজনৰ বিষয়ে জানিব পাৰিব বুলি স্থানীয় ৰাইজে জনাইছে৷ ইফালে জোনাই মাকুমা আৰক্ষী থানাত ডকাইত কেইজনৰ বিৰুদ্ধে পঞ্জীভুক্ত ৭০/২০ u/s ৩৯৪/৪২৭ আই পি চি নম্বৰৰ গোচৰ মৰ্মে ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰে ৷ আৰু অধিক তথ্যৰ বাব আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- বিটিচিৰ কামৰ কমিচন লাভেৰে দুৰ্নীতি কৰিছে প্ৰমোদে: চণ্ডী বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.