ETV Bharat / international

Zelenskyy writes to PM Modi: সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ - ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী এমিন জাপাৰোভা

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিকিৎসা সঁজুলিসহ অতিৰিক্ত মানৱীয় সাহায্য বিচাৰি পত্ৰ লিখিছে বুলি এক বিবৃত্তিযোগে বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷ পত্ৰখন ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী এমিন জাপাৰোভাৰ যোগেদি প্ৰেৰণ কৰা হৈছে ৷ সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান ভাৰতৰ (Russia Ukraine war update ) ৷

Ukraine president write to Modi
সাহায্য বিচাৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পত্ৰ প্ৰেৰণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ
author img

By

Published : Apr 12, 2023, 4:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 এপ্ৰিল : কেইদিনমান পূৰ্বে ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী এমিন জাপাৰোভা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছিল ৷ উপ বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকী ভলোডিমিৰ জেলেনস্কিয়ে দেশৰ প্ৰধামন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিছে সাহায্য বিচাৰি এখন পত্ৰ ৷ ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখীক সাক্ষাৎ কৰে জাপাৰোভাই আৰু তেওঁৰ সৈতে সাক্ষাতৰ সময়ত যুদ্ধ বিধস্ত ইউক্ৰেইনে অতিৰিক্ত মানৱীয় সাহায্য বিচাৰি জেলেনস্কিয়ে প্ৰেৰণ কৰা পত্ৰখন প্ৰদান কৰে বুলি বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিত প্ৰকাশ (Russia Ukraine war update) ৷

উল্লেখ্য যে, জাপাৰোভাই বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীক সাক্ষাতৰ সময়ছোৱাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোডীক উদ্দেশ্যি প্ৰেৰণ কৰা পত্ৰখন প্ৰদান কৰে ৷ লগতে পাৰস্পৰিক স্বাৰ্থৰ বিস্তৃত দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ ৷ ইয়াৰোপৰি, ঔষধ আৰু চিকিৎসা সঁজুলিকে ধৰি অতিৰিক্ত মানৱীয় সাহায্য বিচাৰিও জেলেনস্কিয়ে পত্ৰ প্ৰেৰণ কৰে বুলি বিবৃতিটোত প্ৰকাশ (Russia Ukraine latest news) ।

নতুন দিল্লী আৰু ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়ভৰ মাজত পৰৱৰ্তী সময়ত আন্তঃচৰকাৰী আয়োগ অনুষ্ঠিত হ’ব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে । দুইখন দেশৰ দুয়োগৰাকী মন্ত্ৰী জাপাৰোভা আৰু লেখীয়ে পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক আৰু বিশ্বব্যাপী বিষয়বোৰ সন্দৰ্ভত সাক্ষাতৰ সময়চোৱাত মত বিনিময় কৰে । ভাৰতে ইউক্ৰেইনক বৰ্ধিত মানৱীয় সাহায্য প্ৰদানৰ আশ্বাস দিছে । বৈঠকৰ অন্তত এম এছ লেখীয়ে নিজৰ টুইটাৰ হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত কোৱা কথাখিনি পুনৰ উল্লেখ কৰে যে, “আজিৰ যুগ যুদ্ধৰ নহয় ” (Russia Ukraine war news)

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে টুইটযোগে "যুদ্ধৰ সময় নহয়’’ - PM @narendramodi বুলি উল্লেখ কৰে ৷ পাৰস্পৰিক আগ্ৰহৰ দ্বিপাক্ষিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰা হৈছিল বুলি উল্লেখ কৰাৰ লগতে সাংস্কৃতিক সম্পৰ্ক আৰু মহিলা সবলীকৰণৰ বিষয়টোৱেও আলোচনাত স্থান পাইছিল বুলি বিবৃতিযোগে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, মানৱীয় সাহায্য বৃদ্ধি কৰা হ’ব বুলি ইউক্ৰেইনক আশ্বাস দিয়া হৈছে বুলিও বিবৃতিত উল্লেখ কৰে (Russia Ukraine war news today) ।

আনফালে, মঙলবাৰে টুইটাৰত জাপাৰোভাইও মীনাক্ষী লেখীক ধন্যবাদসূচক বাৰ্তা প্ৰদান কৰে ৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীৰ সৈতে হোৱা উক্ত সাক্ষাতক ফলপ্ৰসূ বৈঠক বুলি উল্লেখ কৰি অপ্ৰৰোচিত আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনৰ প্ৰচেষ্টাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰাৰ বিষয়ে উল্লেখ কৰে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকী ভলোডিমিৰ জেলেনস্কিৰ পৃষ্ঠপোষকতাত কিতাপৰ আলমাৰী আৰু অডিঅ' গাইড ভাৰতত অতি সোনকালে উপলব্ধ হ'ব বুলিও টুইটযোগে জানিবলৈ দিয়ে (Ukraine president write to Modi)।

ভাৰত ভ্ৰমণৰ সময়ছোৱাত জাপাৰোভাই গৃহ মন্ত্ৰণালয়ৰ সম্পাদক (পশ্চিম) সঞ্জয় ভাৰ্মাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । দ্বিপাক্ষিক কাৰ্যসূচীত অৰ্থনৈতিক, প্ৰতিৰক্ষা, মানৱীয় সাহায্য আৰু পাৰস্পৰিক স্বাৰ্থৰ বিশ্বব্যাপী বিষয়সমূহে স্থান লাভ কৰে । মন্ত্ৰণালয়ৰ বিবৃতিত ইউক্ৰেইনৰ ডেপুটি এফ এমেও ইউক্ৰেইনত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰাটো ভাৰতীয় কোম্পানীসমূহৰ বাবে এক সুযোগ হ'ব পাৰে বুলিও প্ৰস্তাৱ আগবঢ়াইছিল বুলি উল্লেখ কৰাৰ লগতে সচিব (পশ্চিম)এ ভাৰতে ঔষধ, চিকিৎসা সঁজুলি আৰু ইউক্ৰেইনক স্কুল বাছ আদিৰ যোগান ধৰিব বুলি উল্লেখ কৰে (President of Russia) ৷

ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী জাপাৰোভাই তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ত মনোহৰ পাৰিকাৰ-প্ৰতিৰক্ষা অধ্যয়ন প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদতো বক্তব্য প্ৰদান কৰে । ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ সৈতে অধিক শক্তিশালী আৰু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ ইউক্ৰেইনৰ ইচ্ছা সন্দৰ্ভতো বক্তব্য আগবঢ়ায় (Deputy Foreign Minister of Ukraine) । (ANI)

লগতে পঢ়ক : IMF projects on Growing Economy : ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ: IMF

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.