ETV Bharat / international

Israel-Hamas War: ধ্বংসস্তুপত পৰিণত গাজা ষ্ট্ৰিপ; খাদ্যৰ বাবে হাহাকাৰ আৱাসীৰ - Israel Palestine war update

এমুঠি অন্নৰ বাবে হাহাকাৰ পেলেষ্টাইনবাসীৰ ৷ অচিৰেই চিকিৎসায়লসমূহত বিদ্যুৎ কৰ্তন হোৱাৰ সম্ভাৱনা অধিক ৷ ফলত ৰোগীসমূহৰ চিকিৎসাক লৈ চিন্তিত হৈ পৰিছে চিকিৎসকল ৷

Gaza draws closer to total collapse
ধ্বংসস্তুপত পৰিণত গাজা ষ্ট্ৰিপ; খাদ্যৰ বাবে হাহাকাৰ আৱাসী
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:13 PM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 17 অক্টোবৰ : যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপত এমুঠি অন্নৰ বাবে হাহাকাৰ আৱাসীৰ ৷ গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে ৷ এই যুদ্ধই ইতিমধ্যে 9 দিনত ভৰি দিছে । আনহাতে ইজৰাইলৰ সমান্তৰালকে হামাছ উগ্ৰপন্থীয়ে ইজৰাইল-লেবানন সীমান্তত ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ৷

এতিয়া ইজাইলৰ আক্ৰমণত সৰ্বস্ব হেৰুওৱা পেলেষ্টাইনীবাসীৱে এসাঁজ এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ইয়াৰোপৰি যোৱা 15 অক্টোবৰতেই গাজাৰ চিকিৎসালয়সমূহত ইন্ধন শেষ হোৱাৰ উপক্ৰম ঘটিছে বুলি চিকিৎসকসকলে সতৰ্কবাণী জাৰি কৰিছিল ৷ অচিৰেই চিকিৎসায়লসমূহত বিদ্যুৎ কৰ্তন হোৱাৰ সম্ভাৱনা অধিক ৷ ফলত ৰোগীসমূহৰ চিকিৎসাক লৈ চিন্তিত হৈ পৰিছে চিকিৎসকল ৷

ইতিমধ্য গাজা-ইজিপ্তৰ সীমান্তত সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ যাতায়ত নিষ্ক্ৰিয় হৈ পৰিছে ৷ ইয়াৰ পিচতে আৱাসী আৰু মানৱ দৰদী গোটসমূহে সোমবাৰে জেনেৰেটৰৰ বাবে পানী, লোকসকলৰ বাবে খাদ্য আৰু ইন্ধন যোগানৰ বাবে অনুৰোধ জনায় ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে বুধবাৰে ইজৰাইলক হোৱাইট হাউচৰ সমৰ্থনৰ সংকেত দি আৰৱ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ইজৰাইল ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে ৷

ইজৰাইলে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰৱেশ বন্ধ কৰাৰ এসপ্তাহৰ পিচতেই সকলোৰে দৃষ্টি নিৱদ্ধ আছিল ইজিপ্ত আৰু গাজাৰ একমাত্ৰ সংযোগীস্থল ৰাফা ক্ৰছিঙৰ ওপৰত ৷ যুদ্ধবিধ্বস্ত দুয়োখন দেশৰ মধ্যস্থতাকাৰীসকলে আৱদ্ধ কৰি ৰখা বিদেশী লোকসকলক এৰি দিয়াৰ চৰ্তৰে যুদ্ধবিৰতিত সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰিছিল, কিন্তু সেয়া সফল নহ’ল ৷ তাৰ পিচতে ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত বিগত সপ্তাহত ৰাফা ক্ৰছিং বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৷

আৰৱৰ ৰাষ্ট্ৰসমূহৰ সৈতে ছয়খন দেশৰ ভ্ৰমণৰ পিচত ইজৰাইললৈ উভতি অহা ব্লিঙ্কেনে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে গাজাৰ সাধাৰণ লোকসকলক মানৱীয়তা দৃষ্টিভংগীৰে সাহায্য প্ৰদান কৰিবলৈ এক পৰিকল্পনা হাতত ল’বলৈ সন্মত হৈছে ৷ কিন্তু এই পৰিকল্পনা কেতিয়া কাৰ্যকৰী হয় সেই বিষয়ে কোনো ধৰণৰ তথ্য লাভ কৰা নাই ৷

দুয়োপক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ পিচত গাজা যুদ্ধই মাৰাত্মক ৰূপ লৈছে ৷ শেহতীয়া তথ্য অনুসৰি, গাজাত কমেও 2,778 জন লোক নিহত আৰু 9,700 জন আহত হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে ৷ ইফালে যোৱা 7 অক্টোবৰত হামাছ উগ্ৰপন্থীয়ে কৰা আক্ৰমণত 1400 ত কৈও অধিক ইজৰাইলী লোকৰ মৃত্যু হৈছিল ৷

ইজৰাইলী সামৰিক বাহিনীয়ে সোমবাৰে কোৱা অনুসৰি কমেও 199 জন বন্দীক গাজালৈ লৈ যোৱা হৈছে ৷ আনহাতে হামাছ উগ্ৰপন্থীৰ কোৱা অনুসৰি তেওঁলোকে 200 ৰ পৰা 250 জন লোকক বন্দী কৰি ৰাখিছে ৷ ইয়াৰ ভিতৰত যিসকল বিদেশী লোক আছে তেওঁলোকক সম্ভৱ হ’লে মুকলি কৰি দিয়া হ‘ব বুলি সদৰী কৰে ৷

ইফালে, সোমবাৰে হামাছৰ সামৰিক শাখাই এটা ভিডিঅ' প্ৰচাৰ কৰে, য'ত এগৰাকী মহিলাই তেওঁৰ বাহুত বেণ্ডেজ মেৰিয়াই থোৱা পৰিলক্ষিত কৰা হৈছে ৷ ভিডিঅ'টোত নিজকে তেওঁ 21 বছৰীয়া মিয়া স্কিম বুলি পৰিচয় দিছে ৷ মহিলাগৰাকীয়ে দিয়া বিবৃতিটোৰ পিচফালে বিস্ফোৰণৰ শব্দ প্ৰতিধ্বনিত হৈছিল ৷

লগতে পঢ়ক: Israel Palestine conflict : গাজাবাসীক বাধাহীনভাৱে চলাচলৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.