ETV Bharat / international

Netanyahu on destroying Hamas : হামাছক ধ্বংসৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

হামাছক ধ্বংস কৰাৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে । ইজৰাইলে স্থল আক্ৰমণৰ লগতে বিমান আক্ৰমণো অব্যাহত ৰাখিছে । যুদ্ধৰ শেষত হামাছ পৰাজিত হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:36 AM IST

Netanyahu on destroying Hamas
হামাছক ধ্বংসৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছক পুনৰ এবাৰ সকীয়নি দিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে । হামাছক সম্পূৰ্ণ ধ্বংস কৰাৰ অভিপ্ৰায় পুনৰ এবাৰ স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । মঙলবাৰে বিদেশী সংবাদ মাধ্যমলৈ এক বিবৃতি জাৰি কৰি তেওঁ কয় যে হামাছৰ সামৰিক আৰু শাসনৰ ক্ষমতা ধ্বংস কৰাৰ লক্ষ্যৰে যুদ্ধ অব্যাহত আছে । তেওঁ দাবী কৰা মতে ইজৰাইলে প্ৰণালীবদ্ধভাৱে ইয়াক সম্পাদন কৰি আছে ।

  • Statement by Prime Minister Benjamin Netanyahu to the Foreign Media:
    "The horrors that Hamas perpetrated on October 7th remind us that we will not realize the promise of a better future unless we, the civilized world, are willing to fight the barbarians."https://t.co/8QZPL9WvzT pic.twitter.com/1cgCegRgRD

    — Prime Minister of Israel (@IsraeliPM) October 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৈঠকৰ আৰম্ভণিতে তেওঁ কয় যে ইজৰাইলে যুদ্ধ অব্যাহত ৰাখিছে । হামাছক ধ্বংস কৰাৰ এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয় যে নেতানিয়াহুৰ নিৰ্দেশনা অনুসৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ সম্প্ৰসাৰিত কৰিছে ।

বিবৃতি অনুসৰি ইজৰাইলে অৱৰোধ পৰ্যায় সম্পন্ন কৰিছে । দ্বিতীয় পৰ্যায়ত বিমান আক্ৰমণ চলাই আছে । প্ৰধানমন্ত্ৰীৰ মতে ইয়াৰ লগে লগে আক্ৰমণৰ তৃতীয় পৰ্যায়ো আৰম্ভ হৈছে । তেওঁ দাবী কৰা মতে সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰিপৰ ভিতৰত স্থল আক্ৰমণ তীব্ৰতৰ কৰিছে । ইজৰাইলে শক্তিশালী, প্ৰণালীবদ্ধ পদক্ষেপ গ্ৰহণ কৰি ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিছে । আমেৰিকাৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।

  • בסיור בחיל הים פגשתי לוחמים ולוחמות - אריות הים. מהרגע הראשון של הלחימה הם עשו עבודה מדהימה. אמרתי להם: אתם מוקפים בים של אהבה והערכה מצד אזרחי ישראל. אתם מגינים על אזרחי ישראל, אתם מגינים על הבית.

    (צילום: קובי גדעון, לע״מ) pic.twitter.com/fFERy7EaFT

    — Benjamin Netanyahu - בנימין נתניהו (@netanyahu) October 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কোৱা মতে ইজৰাইলে উত্তৰ দিশত সক্ৰিয় প্ৰতিৰোধৰ বাবে কাম কৰি আছে । হামাছক তীব্ৰ সকীয়নি প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদি হামাছ ইজৰাইলৰ অভিযানত হস্তক্ষেপৰ সিদ্ধান্ত লয় । তেনেহ'লে সেয়া অতি ভুল হ'ব । হামাছে কল্পনা কৰিব নোৱাৰা ধৰণে আচৰিত হ'ব বুলিও দাবী কৰে । নেতান্য়াহুৱে কয় যে ইজৰাইলে বন্দীসকলক মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁ জোৰ দিছে যে অভিযানটোত সময়ৰ প্ৰয়োজন হ'ব । অৱশেষত হামাছ পৰাজিত হ'ব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Israeli Gaza war: যুদ্ধবিৰতিৰ বাবে সন্মত নহয় ইজৰাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.