ETV Bharat / international

Crimes against humanity: ইউক্ৰেইনৰ ওপৰত অমানৱীয় আক্ৰমণৰ বাবে ৰাছিয়াক সমালোচনা মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ - Crimes against humanity in Ukraine

ইউক্ৰেইনৰ ওপৰত অমানৱীয় অপৰাধ কৰা বুলি ৰাছিয়াক তীব্ৰ সমালোচনা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ৷ মিউনিখ নিৰাপত্তা সন্মিলনত এইদৰে অভিযোগ কৰিছে মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীয়ে (US Vice President criticizes Russia) ৷

ইউক্ৰেইনৰ ওপৰত অমানৱীয় আক্ৰমণ
Crimes against humanity
author img

By

Published : Feb 19, 2023, 8:11 AM IST

Updated : Feb 19, 2023, 9:10 AM IST

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী: ৰাছিয়াই ইউক্ৰেইনত অমানৱীয় অপৰাধ সংঘটিত কৰিছে বুলি শনিবাৰে উল্লেখ কৰে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে । শনিবাৰে মিউনিখ নিৰাপত্তা সন্মিলনত দৰ্শকক সম্বোধন কৰি হেৰিছে ৰাছিয়াৰ বিৰুদ্ধে প্ৰমাণৰ উদ্ধৃতি দি কয়, “কোনো সন্দেহ নাই: এইবোৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ ।” লগতে তেওঁ কয় যে, যিসকলে এই অপৰাধ সংঘটিত কৰিছে আৰু সেই অপৰাধত সহযোগী, তেওঁলোকৰ সমৰ্থকসকলকো জবাবদিহি কৰা হ’ব । ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ কিছুদিন পূৰ্বে শনিবাৰে হেৰিছৰ এই ঘোষণা (Crimes against humanity) ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান চিএনএনৰ বাতৰি অনুসৰি, ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ কোটি কোটি টকাৰ সাহায্য, পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা পশ্চিমীয়া মিত্ৰ দেশসমূহৰ মাজত ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু ঐক্য প্ৰকাশৰ বাবে বাইডেন প্ৰশাসনৰ প্ৰচেষ্টাৰ অংশ হিচাপে উপ-ৰাষ্ট্ৰপতিগৰাকী জাৰ্মানীত আছে । ভাষণৰ মাজত হেৰিছে কিছুমান প্ৰমাণৰ কথা উল্লেখ কৰে, যিবোৰক ৰাছিয়াই মানৱতাৰ বিৰুদ্ধে কৰা অপৰাধৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি । হেৰিছে কয় যে, প্ৰথমতে এই অপ্ৰৰোচিত যুদ্ধৰ আৰম্ভণিৰ দিনৰ পৰাই আমি ৰাছিয়ান বাহিনীয়ে ভয়ংকৰ অত্যাচাৰ আৰু যুদ্ধাপৰাধত লিপ্ত হোৱা দেখিছো (Russia attack on Ukraine)।

ৰাছিয়াৰ বাহিনীয়ে সাধাৰণ জনতাৰ বিৰুদ্ধে ব্যাপক আৰু ব্যৱস্থাগত আক্ৰমণ চলাইছে ৷ ইয়াৰ ভিতৰত হত্যা, নিৰ্যাতন, ধৰ্ষণ, আৰু বিতাড়নৰ ভয়ানক কাৰ্যসমূহৰ কথা ক’ব পাৰি । উপ-ৰাষ্ট্ৰপতি আৰু কয় যে, ৰাছিয়ান কৰ্তৃপক্ষই ইউক্ৰেইনৰ পৰা শিশুকে ধৰি লাখ লাখ লোকক বলপূৰ্বকভাৱে বিতাড়িত কৰিছে । তেওঁলোকে নিষ্ঠুৰভাৱে শিশুক পৰিয়ালৰ পৰা পৃথক কৰিছে । চিএনএনৰ বাতৰিত প্ৰকাশ (Crimes against humanity in Ukraine)।

হেৰিছে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি ৰাছিয়াৰ নিৰ্বিচাৰ আক্ৰমণৰ প্ৰমাণ উল্লেখ কৰে, য’ত এগৰাকী গৰ্ভৱতী মাতৃৰ মৃত্যু হোৱা প্ৰসূতি চিকিৎসালয় আৰু মাৰিউপলৰ এখন থিয়েটাৰত বোমা বিস্ফোৰণ ঘটাইছিল ৰাছিয়ান বাহিনীয়ে ৷ য’ত শ শ লোকৰ মৃত্যু হৈছিল । বুচাৰ বহু পুৰুষ-মহিলাক গুলীয়াই ৰাজপথতে মৃতদেহ পচিবলৈ এৰি দিয়া ভয়ানক কাণ্ডৰ বিষয়েও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

শনিবাৰে বিদেশ সচিব এণ্টনি ব্লিংকেনে নিজৰ বিবৃতিত হেৰিছৰ মন্তব্যৰ কথা উল্লেখ কৰে । ‘‘আইন আৰু উপলব্ধ তথ্যৰ সযতনে বিশ্লেষণৰ ভিত্তিত মই নিৰ্ণয় কৰিছো যে, ৰাছিয়াৰ বাহিনীৰ সদস্য আৰু আন ৰাছিয়াৰ বিষয়াসকলে ইউক্ৰেইনত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছে । ৰাছিয়ান বাহিনীৰ সদস্যসকলে ইউক্ৰেইনৰ পুৰুষ, মহিলা আৰু শিশুক ফাঁচীৰ দি হত্যা কৰিছে ৷ আটকাধীন হৈ থকা সাধাৰণ নাগৰিকক প্ৰহাৰ, বিদ্যুৎস্পৃষ্ট, আৰু নকল মৃত্যুদণ্ডৰ জৰিয়তে নিৰ্যাতন, ধৰ্ষণ চলোৱা হৈছে ৷ ৰাছিয়াৰ আন বিষয়াসকলে বলপূৰ্বকভাৱে পৰিয়ালৰ পৰা পৃথক কৰা শিশুকে ধৰি লাখ লাখ ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক ৰাছিয়ালৈ বিতাড়িত কৰিছে ৷” ব্লিংকেনৰ বিবৃতিত কোৱা হৈছে ।

"আমি মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সংকল্পক আটাইতকৈ উগ্ৰ অপৰাধৰ বাবে সংৰক্ষণ কৰি ৰাখিছো । আজিৰ এই দৃঢ়তাই ইউক্ৰেইনৰ অসামৰিক জনসাধাৰণৰ ওপৰত মস্কোৱে প্ৰয়োগ কৰা মানৱীয় দুখ-কষ্টৰ উদ্বেগজনক পৰিসৰৰ ওপৰত আলোকপাত কৰিছে । এই সংকল্পই ইউক্ৰেইনৰ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাছিয়াৰ বাহিনীৰ সদস্য আৰু অন্যান্য ৰাছিয়াৰ বিষয়াসকলক জবাবদিহি কৰাৰ বাবে আমেৰিকাৰ গভীৰ প্ৰতিশ্ৰুতিকো প্ৰতিফলিত কৰে ৷’’ (ANI)

লগতে পঢ়ক: Mississippi shootout : ৬ গৰাকী লোকক গুলীয়াই হত্যা, আৰক্ষীৰ জালত অভিযুক্ত

Last Updated : Feb 19, 2023, 9:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.