ইণ্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ: বুধবাৰে ইজৰাইল আৰু আৰবৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন ৷ ইজৰাইল-হামাছৰ যুদ্ধখন বৃহত্তৰ আঞ্চলিক সংঘাতলৈ সম্প্ৰসাৰিত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইজৰাইল আৰু জৰ্ডানলৈ যাত্ৰা কৰিবৰ বাবে স্থিৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ।
গাজা ষ্ট্ৰিপৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ লগতে ইজৰাইলে হামাছক পুলি-পোখাই উঘালি পেলাবলৈ 141 বৰ্গমাইল (365 বৰ্গ কিলোমিটাৰ) ভূ-খণ্ডত স্থল আক্ৰমণৰ বাবে সাজু হোৱাৰ সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে বাইডেনৰ ইজৰাইল ভ্ৰমণৰ কথা ঘোষণা কৰে ৷ আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে হিটলাৰৰ হ’ল’কাষ্টৰ পিছত ইহুদীসকলৰ বিৰুদ্ধে হোৱা এয়া মাৰাত্মক আক্ৰমণ বুলি বিবেচিত কৰিছে ।
ইজৰাইলৰ সৈতে আমেৰিকা আছে বুলিও বাইডেনে বাৰাম্বাৰ ঘোষণা কৰি আহিছে । বাইডেন প্ৰশাসনে সামৰিক সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ৷ লগতে আমেৰিকাৰ কেৰিয়াৰ আৰু সাহায্য প্ৰেৰণ কৰিছে দেশখনলৈ । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলৰ অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে সাত ঘণ্টাৰো অধিক আলোচনাৰ অন্তত মঙলবাৰে পুৱা ব্লিংকেনে এই কথা ঘোষণা কৰে ।
ইয়াৰ কিছু সময়ৰ পাছতে ৱাশ্বিংটনত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে ঘোষণা কৰে যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে জৰ্ডানলৈ গৈ ৰজা আব্দুল্লা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল ছিছি আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছৰ সৈতে সাক্ষাৎ কৰিব ।
সোমবাৰে ইজিপ্তৰ গাজা সীমান্তত সাহায্য ভৰ্তি ট্ৰাকৰ যাতায়ত ৰোধ কৰা হয় ৷ ট্ৰাকবোৰক প্ৰৱেশত বাধা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, হামাছ আৰু ইজৰাইলৰ মাজৰ সংঘাত বৃদ্ধি পোৱাৰ পিচতে পেলেষ্টাইনত পানী, খাদ্য আৰু ইন্ধনৰ যোগান সম্পৰ্ণৰূপে বন্ধ কৰি দিছিল ইজৰাইলে ৷ ইয়াৰ পিচতে অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে পেলেষ্টাইনৰ নাগৰিক ৷
ইফালে সোমবাৰে বাইডেনে ক’লৰাড’ৰ পুয়েব্ল’লৈ যোৱাৰ কথা আছিল যদিও তেওঁ এই ভ্ৰমণ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয় যাতে তেওঁ নিজৰ সহায়কসকলৰ সৈতে পৰামৰ্শ কৰিব পাৰে আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বিষয়ে সহযোগী নেতাসকলৰ সৈতে কথা পাতিব পাৰে ।
লগতে পঢ়ক : Israel Hamas hate crime: ইছলাম ধৰ্মক বিশ্বাস কৰাৰ বাবেই আমেৰিকাত হত্যাৰ বলি কণমানি, আঘাতপ্ৰাপ্ত মহিলা