ETV Bharat / international

US shutdown halted : অস্থায়ী পুঁজি বিধেয়কত অনুমোদন কংগ্ৰেছৰ, স্বস্তিৰ নিশ্বাস আমেৰিকাবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:50 AM IST

বন্ধ নহয় আমেৰিকা । অৱশেষত শনিবাৰে আমেৰিকাৰ কংগ্ৰেছে অস্থায়ী পুঁজি বিধেয়কত অনুমোদন জনাই আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে । এই বিধেয়কত অনুমোদন নজনালে আজিৰে পৰা আমেৰিকাত বিভিন্ন সেৱা স্থগিত হোৱাৰ আশংকা কৰা হৈছিল ।

US shutdown halted
অস্থায়ী পুঁজি বিধেয়কত অনুমোদন কংগ্ৰেছৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১ অক্টোবৰ : অৱশেষত আমেৰিকাৰ বিভিন্ন সেৱা বন্ধ হোৱাক লৈ চলি থকা আশংকাৰ অৱসান ঘটিল । শনিবাৰে আমেৰিকাৰ কংগ্ৰেছে সংস্থাসমূহ খোলা ৰখাৰ বাবে অস্থায়ী পুঁজি বিধেয়কত অনুমোদন জনাই আৰু আইনত পৰিণত হ'বলৈ ৰাষ্ট্ৰপতি জ' বিডেনলৈ প্ৰেৰণ কৰে । অস্থায়ী পুঁজিৰ বিধেয়কত ইউক্ৰেইনলৈ সাহায্য হ্ৰাস কৰে । কিন্তু বিডেনৰ অনুৰোধত ফেডাৰেল দুৰ্যোগ সাহায্য ১৬ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি কৰা হয় । ইফালে বিধেয়কখনে ১৭ নৱেম্বৰলৈকে চৰকাৰক পুঁজি যোগান ধৰিব ।

কংগ্ৰেছত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে অধ্যক্ষ কেভিন মেককাৰ্থীয়ে হঠাতে বিধেয়কখন গৃহীত কৰিবলৈ ডেমক্ৰেটসকলক আহ্বান জনায় । লক্ষণীয়ভাৱে আমেৰিকান জনসাধাৰণৰ বাবে ই ভাল খবৰ বুলি বিডেনে এক বিবৃতিত উল্লেখ কৰে । তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কোনো পৰিস্থিতিত ইউক্ৰেইনৰ প্ৰতি আমেৰিকাৰ সমৰ্থন ব্যাহত হ'বলৈ দিব নোৱাৰে । তেওঁ আশা প্ৰকাশ কৰি কয় যে অধ্যক্ষ মেককাৰ্থীয়ে ইউক্ৰেইনৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি বজাই ৰাখিব আৰু এই সংকটজনক মুহূৰ্তত ইউক্ৰেইনক সহায় কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব ।

সদন অৰ্থাৎ কংগ্ৰেছত একপ্ৰকাৰ অস্থিৰতাই বিৰাজ কৰিছিল আৰু সকলোৱে আমেৰিকা বন্ধ হোৱাৰ আশংকা কৰিছিল । পুঁজিৰ অভাৱত আমেৰিকাৰ গুৰুত্বপূৰ্ণ সেৱাবোৰ বন্ধ হোৱাৰ আশংকা কৰা হৈছিল । অৱশ্যে কংগ্ৰেছত হঠাতে গ্ৰহণ কৰা সিদ্ধান্তবোৰে সকলোকে সকাহ প্ৰদান কৰিছে ।

লগে লগে এতিয়াৰ বাবে আমেৰিকা বন্ধৰ আশংকাৰো অৱসান ঘটে । অৱশ্যে এই অৱকাশ কম সময়ৰ বাবে হ'ব পাৰে বুলিও একাংশই দাবী কৰিছে । সংকটৰ আশংকা কৰি কংগ্ৰেছে পুনৰ চৰকাৰক পুঁজি যোগান ধৰিব লাগিব ।

উল্লেখ্য যে যদি দেওবাৰৰ পূৰ্বে কোনো চুক্তি নহ'লহেঁতেন, ফেডাৰেল নেতাসকল বিপদৰ সন্মুখীন হ'লহেঁতেন । ২ নিযুততকৈও অধিক সক্ৰিয়, কৰ্তব্যৰত আৰু সংৰক্ষিত সামৰিক সেনাই দৰমহা অবিহনে কাম কৰিব লগা হ'লহেঁতেন আৰু আমেৰিকানসকলে নিৰ্ভৰ কৰা কাৰ্যসূচী আৰু সেৱাসমূহ বন্ধৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিলেহেঁতেন ।

আমেৰিকাৰ চৰকাৰী পুঁজি ৩০ ছেপ্টেম্বৰত সমাপ্ত হয় । ফেডাৰেল বিত্তীয় বৰ্ষ আৰু তাৰ পূৰ্বে চৰকাৰে বিৰোধীৰ সৈতে সন্মত হৈ পুঁজিৰ পৰিকল্পনা পাছ কৰিব লাগে । কিন্তু বিৰোধী ৰিপাব্লিকানসকলে পুঁজি আৱণ্টন বিধেয়কক লৈ অসন্তুষ্ট আছিল । ইফালে অস্থায়ী পুঁজি বিধেয়কত অনুমোদন নজনোৱা হ'লে ১ অক্টোবৰ অৰ্থাৎ আজিৰ পৰা দেশত বন্ধ ঘোষণা কৰাৰ আশংকা কৰা হৈছিল ।

লগতে পঢ়ক :US Govt Shutdown Tomorrow : 'আমেৰিকা বন্ধৰ বাবে মই দায়ী নহয়'-বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.