ETV Bharat / international

Terrorists in Pakistan: পাকিস্তানত পুনৰ সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Aug 20, 2023, 7:28 AM IST

পাকিস্তানত অব্যাহত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান ৷ সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী ৷

Two terrorists killed during operation in Khyber Pakhtunkhwa in Pakistan
পাকিস্তানত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট: সেনাৰ গুলীত পাকিস্তানত নিহত দুই সন্ত্ৰাসবাদী ৷ পাকিস্তান সেনাৰ সংবাদ শাখাৰ উদ্ধৃতি দি শনিবাৰে ডনে প্ৰকাশ কৰা অনুসৰি খাইবাৰ পাখতুনখোৱাৰ খাইবাৰ জিলাৰ বাৰা অঞ্চলত চোৰাংচোৱাই চলোৱা অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হয় । আন্তঃসেৱা জনসংযোগৰ প্ৰেছ বিবৃতিত কোৱা হৈছে যে 18 আগষ্টৰ পৰা 19 আগষ্টৰ নিশা অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পিচতে নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল ।

সংবাদ পত্ৰ ডনে কয় যে, “অপাৰেচন চলোৱাৰ সময়ত নিজৰ সৈন্য আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হৈছিল আৰু ফলত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছিল । নিহত সন্ত্ৰাসবাদীকেইজন নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগতে নিৰীহ নাগৰিকক হত্যা কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছিল ।”

ইয়াত লগতে কোৱা হৈছে যে, অঞ্চলটোত সন্ত্ৰাসবাদী নিৰ্মূল কৰিবলৈ বৰ্তমানেও সেনাই চলায় আছে অভিযান । অঞ্চলটোৰ স্থানীয় লোকে সেনাৰ এই অভিযানৰ শলাগ লৈছে আৰু পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে । ড’নে প্ৰকাশ কৰা অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে উত্তৰ ৱাজিৰস্তানৰ ৰামজাক অঞ্চলত 14 আৰু 15 আগষ্টৰ নিশা অনুৰূপ অভিযানত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে আৰু দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল ।

যোৱা 13 আগষ্টত বজাউৰ জিলাৰ চৰমাং উপত্যকাত গুলীয়াগুলীৰ ফলত এজন জোৱানৰ লগতে চাৰিজন সন্ত্ৰাসবাদীৰ নিহত হৈছিল । ইফালে, শেহতীয়াকৈ পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল অসীম মুনিৰে কয় যে, শেহতীয়াকৈ সন্ত্ৰাসবাদৰ উত্থান সন্ত্ৰাসবাদীয়ে পুনৰ আলোচনা আৰম্ভ কৰাৰ “অসাৰ প্ৰচেষ্টা” আৰু তেওঁলোকক “ধ্বংস হোৱাৰ আগতে পাকিস্তানৰ ৰিট অৱ ষ্টেট”ৰ অধীনত থাকিবলৈ সকীয়াই দিছে ।

আই এছ পি আৰৰ তথ্য অনুসৰি সেনা প্ৰধানগৰাকীয়ে নতুনকৈ একত্ৰিত হোৱা খাইবাৰ পখতুনখোৱা জিলাৰ জনজাতীয় বয়োজ্যেষ্ঠ আৰু প্ৰভাৱশালী লোকসকলক সাক্ষাৎ কৰি এই সতৰ্কবাণী জাৰি কৰে । জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি, চীফ অৱ আৰ্মী ষ্টাফৰ (চিঅ’এএছ) পেছাৱৰ ভ্ৰমণৰ সময়ত অনুষ্ঠিত হৈছিল এই মত বিনিময় অনুষ্ঠানৰ ।

উল্লেখযোগ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহত পাকিস্তান চৰকাৰ আৰু নিষিদ্ধ পাকিস্তান তেহৰিক-ই-ইনছাফৰ মাজত যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পিছত বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

জুলাই মাহত প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে, পাকিস্তানত আত্মঘাতী আক্ৰমণৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে । পাকিস্তানস্থিত ডনে থিংক টেংকৰ প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি 2023 চনৰ প্ৰথম সাত মাহত পাকিস্তানে 18 টা আত্মঘাতী আক্ৰমণৰ সন্মুখীন হৈছিল, য’ত 200 জন লোকৰ প্ৰাণহানি হৈছিল আৰু 450 জনতকৈ অধিক লোক আহত হৈছিল ।

লগতে পঢ়ক: Blast in Pakistan : পাকিস্তানত বোমা বিস্ফোৰণত কেন্দ্ৰীয় পৰিষদৰ সদস্যকে ধৰি নিহত 7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.