ETV Bharat / international

Donald Trump’s mug shot: সামাজিক মাধ্যমত ভাইৰেল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মগশ্বট

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:02 AM IST

মুকলি হৈছে ড’নাল্ড ট্ৰাম্পৰ বহু প্ৰত্যাশিত মগশ্বট । পূৰ্বৰ 3 বাৰ গ্ৰেপ্তাৰৰ সময়ত মগশ্বটৰ পৰা ৰেহাই পাইছিল যদিও এইবাৰ মগশ্বটৰ পৰা ৰেহাই নাপালে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ট্ৰাম্পে ৷

Donald Trump’s mug shot
প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মগশ্বট

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 আগষ্ট: জৰ্জিয়া কৰ্তৃপক্ষই ড’নাল্ড ট্ৰাম্পৰ মগশ্বটৰ অনুৰোধ নাকচ কৰাৰ পিছত প্ৰদৰ্শিত হৈছে ড’নাল্ড ট্ৰাম্পৰ বহু প্ৰত্যাশিত মগশ্বট । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা চতুৰ্থবাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰতিবাৰেই মগশ্বটৰ পৰা হাত সাৰিছিল যদিও বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পিচত ড’নাল্ড ট্ৰাম্পৰ মগশ্বট কৰোৱা হয় ৷

কেইসপ্তাহমানৰ আগতে ট্ৰাম্পে ফটো তুলিব লাগিব নেকি বুলি সোধাত ফুলটন কাউন্টিৰ শ্বেৰিফ পেট লাবাটে কয় যে, “ইয়াৰ সৈতে আপোনাৰ মৰ্যাদাৰ কোনো কথা নাই, আমি আপোনাৰ বাবে এটা মগশ্বট সাজু কৰি ৰাখিম ।" অৱশ্যে গ্ৰেপ্তাৰৰ পিচতে 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ট্ৰাম্পে ৷ জেলৰ পৰা ওলায় অহাৰ পিচতে ন্যায় ব্যৱস্থাক তাচ্ছিল্য কৰে ট্ৰাম্পে ৷

ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণে ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হোৱাৰ সময়তে শেহতীয়াকৈ বিভিন্ন আইনী মেৰপেচত সোমায় পৰা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে 24 আগষ্ট বৃহস্পতিবাৰে (স্থানীয় সময় অনুসাৰে) আত্মসমৰ্পণ কৰিছে ৷ 2020 চনৰ নিৰ্বাচনী ফলাফল বাতিল কৰাৰ ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মুখামুখি হোৱা ট্ৰাম্পে জৰ্জিয়াত 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ৷ ট্ৰাম্পৰ প্ৰতিৰক্ষা অধিবক্তা আৰু ন্যায়াধীশৰ দ্বাৰা স্বাক্ষৰিত বণ্ড চুক্তি অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গোচৰটোৰ সহ-প্ৰতিবাদী, সাক্ষী বা ভুক্তভোগীসকলক ভয় খুৱাবলৈ বাধা দিয়া হৈছে ।

বিচাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত আটলাণ্টাৰ জেলৰ পৰা মুক্তি পাবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে পূৰণ কৰে এই চৰ্ত । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী চতুৰ্থবাৰৰ বাবে গ্ৰেপ্তাৰ হ'বলৈ ওলাইছিল ।

পৰৱৰ্তী সময়ত ট্ৰাম্পে গোচৰটোক 'ন্যায় ব্যৱস্থাৰ প্ৰতাৰণা' বুলি অভিহিত কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, পাঁচ মাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । লগতে ট্ৰাম্পে এই গোচৰসমূহ ৰাজনৈতিক অভিসন্ধি বুলি অভিহিত কৰে ৷ কাৰণ তেওঁ 2024 বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট দলৰ ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰত্যাহ্বান জনাবলৈ আগবঢ়ি আছে ৰিপাব্লিকান দলৰ পৰা ।

বৃহস্পতিবাৰে বিয়লি ফুলটন কাউন্টি জেললৈ নিজৰ ব্যক্তিগত জেট বিমানেৰে নিউ জাৰ্চিৰ পৰা ৰাওনা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । প্ৰায় 20 মিনিট সময় তেওঁ জেলৰ ভিতৰত আছিল । উক্ত সময়ছোৱাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সমৰ্থকসকল গোট খুওৱা পৰিলক্ষিত হৈছিল । প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জেলত তথা কয়েদী হিচাপে নম্বৰ আছিল P01135809 ৷

লগতে পঢ়ক: Donald Trump surrendered: গ্ৰেপ্তাৰৰ পিচতে চৰ্ত সাপেক্ষে মুকলি আকাশৰ তললৈ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.