ইণ্টাৰনেশ্যনেল ডেস্ক,১২ মে' : চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা (Plane crash in China)। ৪০ গৰাকীৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত দুৰ্ঘটনাটোত । চীনৰ দক্ষিণ-পশ্চিম চংকিং চহৰত তিব্বত এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এই দুৰ্ঘটনা । ১২২ গৰাকী লোকৰ সৈতে উৰণৰ বাবে সাজু হোৱাৰ সময়তে বিমানখনত জুইৰ সূত্ৰপাত হয় (Tibet Airlines Plane Catches Fire)।
চংকিঙৰ পৰা নিয়িংচিলৈ যাবলৈ সাজু হৈছিল বিমানখন । তিব্বত এয়াৰলাইনছে জনোৱা মতে ১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমান কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে । আনহাতে চাইনা গ্ল'বেল টেলিভিছন নেটৱৰ্কৰ তথ্য অনুসৰি সামান্য আঘাতপ্ৰাপ্ত ৪০ জনৰো অধিক যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । জানিব পৰা মতে ১২ মে'ৰ পুৱা প্ৰায় ৮ মান বজাত তিব্বত এয়াৰলাইনছৰ বিমানখন চংকিং জিয়াংবেই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেৰ পৰা উৰা মাৰিবলৈ লওঁতেই সূত্ৰপাত হয় জুইৰ ।
ঘটনা সন্দৰ্ভত প্ৰকাশিত এটা ভিডিঅ'ত দেখা গৈছে যে বিমানবন্দৰৰ ৰানৱেত থকা বিমানখনৰ সন্মুখ ভাগত জুই লাগিছিল আৰু ক'লা ধোঁৱাই বিমানবন্দৰটো চানি ধৰিছিল । আনহাতে যাত্ৰীসকলক পিছফালৰ দুৱাৰেৰে স্থানান্তৰ কৰা হৈছে । চিচিটিভিৰ ভিডিঅ'টোত দেখা গৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰিছে আৰু কিছু সময়ৰ বাবে ৰানৱেটো বন্ধ কৰি দিয়া হৈছিল ।
জানিব পৰা মতে বিমান সংস্থাটোৱে দুৰ্ঘটনাটো সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে । অতি ৰহস্যজনকভাৱে যোৱা কেই সপ্তাহমানৰ ভিতৰত চীনত যাত্ৰীবাহী বিমান দুৰ্ঘটনাৰ এয়া দ্বিতীয়টো ঘটনা । ১২ মাৰ্চত কুনমিঙৰ পৰা গুয়াংজুলৈ যোৱা এখন বোয়িং ৭৩৭ বিমান গুয়াংছি ঝুয়াং স্বায়ত্তশাসিত অঞ্চলৰ টেংজিয়ান কাউণ্টিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । বিমানখনত থকা ১৩২ গৰাকী যাত্ৰী আৰু বিমান কৰ্মীৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক :Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত