ETV Bharat / international

Sri Lanka Crisis: প্ৰাক্তন প্ৰধানমন্ত্ৰীসহ 16 জনক বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আদালতৰ

সোমবাৰে শ্ৰীলংকাৰ কলম্বো চহৰত গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল (Protest against Sri Lankan government) ৷ শ্ৰীলংকা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ খাতিৰতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু তেওঁৰ পুত্ৰ তথা সাংসদ নামাল ৰাজাপাকচাক বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে (Mahinda Rajapaksa barred from travelling overseas)৷

Mahinda Rajapaksa barred from travelling overseas

author img

By

Published : May 12, 2022, 9:51 PM IST

নিউজ ডেস্ক, 12 মে’: শ্ৰীলংকাৰ এখন আদালতে বৃহস্পতিবাৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু তেওঁৰ পুত্ৰ তথা সাংসদ নামাল ৰাজাপাকচাক বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে (Mahinda Rajapaksa barred from travelling overseas) ৷ কলম্বোত চৰকাৰ বিৰোধী প্ৰতিবাদত সংঘটিত আক্ৰমণৰ অনুসন্ধানৰ বাবেই এই নিৰ্দেশনা দিছে আদালতে ৷ ফ’ৰ্ট মেজিষ্ট্ৰেটৰ আদালতে দুয়োগৰাকী পিতা-পুত্ৰক নিজৰ পাচপ’ৰ্ট জমা দিয়াৰ বাবে নিৰ্দেশ দিয়ে ৷ গোটাগোগামা আৰু মীনাগোগামাৰ গণতান্ত্ৰিক আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ইতিমধ্য়ে তদন্ত ঘোষণা কৰা হৈছে (Violence in Sri Lanka) ৷

যোৱা সোমবাৰে শ্ৰীলংকাৰ কলম্বো চহৰত গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল (Protest against Sri Lankan government) ৷ শ্ৰীলংকা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ আবেদনৰ ভিত্তিতেই আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু তেওঁৰ সাংসদ পুত্ৰক বিদেশ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ শ্ৰীলংকা পদুজানা পেৰামুনা দলৰ 13 গৰাকীকৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে আদালতে জাৰি কৰিছে এই নিৰ্দেশ ৷ তেওঁলোকৰ ভিতৰত আছে জনষ্টন ফাৰ্ণান্দো, সনথ নিশান্ত, পৱিত্ৰা ৱান্নিয়াৰাচ্চি, চি বি ৰতনয়াকে আৰু সঞ্জীৱা এডিৰিমান্নে ৷

দেশবন্ধু টেন্নাকুনৰ পশ্চিম শাখাৰ আৰক্ষীৰ জ্যেষ্ঠ উপ-মহাপৰিদৰ্শকৰ নামো এই তালিকাত আছে ৷ তেওঁকো তদন্তৰ খাতিৰত দেশতেই থাকিবলৈ নিৰ্দেশ দিছে আদালতে ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকচা আৰু ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাৰ বাসগৃহৰ সমীপত প্ৰতিবাদ কৰা একাংশ প্ৰতিবাদকাৰী জনতাক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এইসকলৰ বিৰুদ্ধে ৷ মহিন্দা ৰাজাপাকচাই ৰাজনৈতিক শক্তি প্ৰদৰ্শন কৰি, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ বাবে মিত্ৰজোঁটক বাধ্য কৰিবলৈ তেওঁৰ তৃণমূল সমৰ্থকসকলক সমবেত কৰিছিল (Sri Lanka latest news)৷

সূত্ৰ মতে, তেতিয়ালৈকে শাসকীয় মিত্ৰজোঁটৰ পৰা তেওঁৰ ওপৰত এক অন্তৱৰ্তীকালীন সৰ্বদলীয় চৰকাৰ গঠনৰ পথ প্ৰস্তুত কৰিবলৈ পদত্যাগ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল । তেওঁ এক আৱেগিক ভাষণ দি প্ৰতিবাদকাৰী সকলে সপ্তাহধৰি ৰাজাপাকচেৰ পদত্যাগ দাবী কৰি থকা বুলি উল্লেখ কৰে আৰু দেশৰ ভয়াৱহ অৰ্থনৈতিক সংকটৰ বাবে প্ৰতিবাদকাৰীসকলক দোষাৰোপ কৰি আক্ৰমণ কৰে ৷

সোমবাৰ আৰু মঙলবাৰে দেশজুৰি ক্ৰোধিত জনতাই কেইবাজনো সাংসদৰ ঘৰ আৰু কাৰ্যালয় জ্বলাই দিছিল (Protester burnt Mahinda Rajapaksa's residence)৷ মহিন্দা ৰাজপাকচাৰ সমৰ্থকসকল চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাত ঘটনাই হিংসাত্মক ৰূপ লয় ৷

এই ঘটনাৰ কিছু ঘন্টাৰ পিচত মহিন্দা ৰাজাপাকচাই পদত্যাগ কৰে আৰু সমগ্ৰ দেশত সান্ধ্য আইন বলৱৎ কৰা হয় ৷ 2005 চনৰ পৰা 2015 চনলৈ ৰাষ্ট্ৰপতি হৈ থকা কালত লিবাৰেশ্যন টাইগাৰ অৱ তামিল ঈলাম চমুকৈ এল টি টি ইৰ বিৰুদ্ধে চলোৱা ব্যাপক সেনা অভিযানৰ বাবে জনাজাত আছিল মহিন্দা ৰাজাপাকচা ৷ তেওঁ সোমবাৰে নিজৰ ব্যক্তিগত বাসভৱন জুইত জাহ যোৱা দেখিছিল । পত্নী আৰু পৰিয়ালৰ সৈতে ৰাজাপাকচা তেওঁৰ চৰকাৰী বাসভৱন টেম্পল ট্ৰিজলৈ পলাই গৈছিল ৷ তেওঁৰ সমৰ্থকসকলৰ ওপৰত হোৱা কেইবাটাও মাৰাত্মক আক্ৰমণৰ পিছত ট্ৰিংকোমালীৰ নৌ-সেনা ঘাটিত আশ্ৰয় লৈছিল ।

যোৱা বুধবাৰে নিশা টেলিভিশ্বনত জনতাক সম্বোধন কৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাই কয় যে, সোমবাৰৰ ঘটনাক প্ৰৰোচনা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷ 1948 চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিচৰে পৰা তীব্ৰ অৰ্থনৈতিক সংকটত ভুগি আহিছে শ্ৰীলংকাই ৷ এই সংকট আংশিকভাৱে বিদেশী মুদ্ৰাৰ অভাৱৰ ফলত হয় ৷ যাৰ ফলত দেশখনে মুখ্য খাদ্য আৰু ইন্ধন আমদানিৰ ধন পৰিশোধ কৰিব নোৱৰা অৱস্থা হয় ৷ পৰিণতিত দেশখনত দুৰ্ভিক্ষ আৰু ব্যাপক মূল্যবৃদ্ধিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : Sri Lanka crisis: চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে শ্ৰীলংকাক পূৰ্ণ সহযোগিতা আগবঢ়াব ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.