ETV Bharat / international

FIFA Women's World Cup : ফুটবল দল থকা হোটেলৰ সমীপতে গুলীচালনা, আক্ৰমণকাৰীসহ ৩ জন লোক নিহত

author img

By

Published : Jul 20, 2023, 10:36 AM IST

আজিৰে পৰা নিউজিলেণ্ডত অনুষ্ঠিত হ'ব ফিফা মহিলা বিশ্বকাপ । তাৰ প্ৰাকক্ষণত গুলীচালনাৰ ঘটনা । বিভিন্ন দেশৰ মহিলা ফুটবল দলবোৰ থকা হোটেলৰ সমীপতে গুলীচালনা । দুজন লোক নিহত । বন্দুকধাৰীও গুলীত নিহত ।

FIFA Women's World Cup
ফুটবল দল থকা হোটেলৰ সমীপতে গুলীচালনা

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ জুলাই : এইবাৰ ফিফা মহিলা বিশ্বকাপ নিউজিলেণ্ডত অনুষ্ঠিত হ'ব । চৰকাৰে ক্ৰীড়া প্ৰতিযোগিতাটোৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । ফুটবলৰ দলবোৰে ইতিমধ্যে নিউজিলেণ্ডত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে । ফিফা মহিলা বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলখন আজি অৰ্থাৎ বৃহস্পতিবাৰে নিউজিলেণ্ড আৰু নৰৱেৰ মাজত অনুষ্ঠিত হ'ব ।

ইয়াৰ মাজত দেশখনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । হঠাৎ এজন বন্দুকধাৰীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । য'ত দুজন লোক নিহত হয় । নৰৱে আৰু অন্যান্য ফুটবল দল থকা হোটেলৰ কাষতে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । প্ৰশাসনে জনোৱা মতে আৰক্ষীৰ অভিযানত বন্দুকধাৰীজনো নিহত হৈছে । ইফালে এজন আৰক্ষী বিষয়া আৰু ৪ জন সাধাৰণ নাগৰিক গুলীচালনাত আহত হয় ।

আৰক্ষীয়ে জনোৱা মতে যে আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিছ হিপকিন্সে এই ঘটনাক লৈ শোকপ্ৰকাশ কৰাৰ লগতে তেওঁ ঘোষণা কৰিছে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন পৰিকল্পনা অনুসৰিয়ে অনুষ্ঠিত হ'ব । ফিফা বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে অকলেণ্ডত অধিক নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

খেলুৱৈসকল কিছু শংকিত হৈছে যদিও প্ৰশাসনে তেওঁলোকৰ নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰিছে । ইফালে চৰকাৰে ফিফাৰ আয়োজকসকলৰ সৈতেও এই বিষয়ে কথা পাতিছে আৰু প্ৰতিযোগিতাখন পৰিকল্পনা অনুসৰি আগবাঢ়িব বুলি কৈছে । ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কোনো চিন্তাৰ কাৰণ নাই বুলিও চৰকাৰে ঘোষণা কৰিছে ।

আৰক্ষী অধীক্ষক ছানী পেটেলে কোৱা মতে বন্দুকধাৰী লোকজনক পুৱা প্ৰায় ৭.২০ বজাত নামনিৰ কুইন ষ্ট্ৰীটৰ ওচৰত দেখা গৈছিল । লোকজনে অট্টালিকাবোৰৰ মাজেৰে আগবাঢ়ি গৈছিল আৰু তাত থকা লোকসকলৰ ওপৰত গুলীচালনা কৰিছিল । অৱশ্যে বন্দুকধাৰীজন আৰক্ষীৰ গুলীত নিহত হৈছিল নে নাই সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Space Junk : পশ্চিম অষ্ট্ৰেলিয়াৰ তীৰত ভাৰতীয় মহাকাশযানৰ আৱৰ্জনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.