ETV Bharat / international

The Hazara Express derails: পাকিস্তানত লাইনচ্যুত হৈ ৰে’ল দুৰ্ঘটনা; 22 জন নিহত, শতাধিক আহত - 15 জন লোক নিহত

কৰাচীৰ পৰা ৰাৱালপিণ্ডি অভিমুখে গৈ থকা হাজাৰা এক্সপ্ৰেছখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় ৷ ৰে'লখনৰ পাঁচটা বোগী লাইনচ্যুত হোৱাৰ ফলত কমেও 22 জন লোক নিহত হোৱাৰ উপৰিও আন বহুলোক আহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে নিহত আৰু আহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভৱনা আছে ৷

15-killed-50-injured-as-train-derails-in-pakistan
লাইনচ্যুত হৈ ৰে’ল দুৰ্ঘটনা; 15 জন নিহত, 50 জন আহত
author img

By

Published : Aug 6, 2023, 4:59 PM IST

Updated : Aug 6, 2023, 7:19 PM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 6 আগষ্ট : পাকিস্তানৰ নৱাবশ্বাহ অঞ্চলৰ চাৰহাৰী ৰে’ল ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হৈছে ৷ দেওবাৰে কৰাচীৰ পৰা ৰাৱালপিণ্ডি অভিমুখে গৈ থকা হাজাৰা এক্সপ্ৰেছখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় ৷ ৰে'লখনৰ আঠটা বোগী লাইনচ্যুত হোৱাৰ ফলত কমেও 22 জন লোক নিহত হোৱাৰ উপৰিও আন বহুলোক আহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ হাজাৰা এক্সপ্ৰেছখন কৰাচীৰ পৰা ৰাৱালপিণ্ডিলৈ গৈ থকাৰ পথতে নৱাবশ্বাহ অঞ্চলৰ চাৰহাৰী ৰে’ল ষ্টেচনৰ সমীপতে সংঘটিত হয় ৷

পাকিস্তান ৰে'লৱেৰ উপ অধীক্ষক মাহমুদ ৰহমানে ঘটনা সন্দৰ্ভত নিশ্চিত কৰি কয় যে, ক্ষতিগ্ৰস্ত দবাকেইটাৰ পৰা কমেও 22 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু প্ৰায় 100 জন আহত লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ৷ দুৰ্ঘটনাত ৰে’লৰ কম্পাৰ্টমেণ্টসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী কৰ্মী আৰু আৰক্ষীৰ সৈতে স্থানীয় লোকেও উদ্ধাৰ কাৰ্যত সহযোগ কৰি আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিছে ৷ ৰহমানে লগতে উল্লেখ কৰে যে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰা হৈছে ৷

কৰাচীৰ পাকিস্তান ৰে’লৱেৰ মুখপাত্ৰই কয় যে, কমেও আঠটা বোগী লাইনচ্যুত হৈছিল আৰু ব্ৰেক প্ৰয়োগত পলম হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল। অনতিপলমে ৰে’লৱে ট্ৰেকটোৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বোগীসমূহৰ যন্ত্ৰ ব্যৱহাৰ কৰি উঠাই অনা হ’ব ৷ দুৰ্ঘটনাৰ ফলত কৰাচীৰ পৰা প্ৰস্থান কৰা ৰে’লসমূহে পলম হোৱাৰ সম্ভাৱনা অধিক ৷ ঘটনাস্থলীত সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে ৷ অনাগত সময়ত আহত আৰু মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

ফেডাৰেল ৰে'ল আৰু বিমান পৰিবহন মন্ত্ৰী ৰফিকে কৈয় যে প্ৰায় ১,০০০ ৰো অধিক যাত্ৰী কঢ়িয়াই অনা ৰে'লখনে ঠিক গতিতেই যাত্ৰা কৰি আছিল ৷ দুৰ্ঘটনাৰ বাবে চুক্কুৰ আৰু নৱাবশ্বাহৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে ৷

ইফালে, সিন্ধৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ হকে শোক প্ৰকাশ কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে নৱাবশ্বাহৰ উপায়ুক্তক আহতসকলক তাৎক্ষণিক চিকিৎসা সহায় প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে ৷

উল্লেখ্য যে, পুৰণি ৰে’লৱে ট্ৰেক, ৰক্ষণাবেক্ষণ প্ৰণালী, সংকেতৰ সমস্যা, কাৰিকৰী সঁজুলি আৰু পুৰণি ইঞ্জিনৰ বাবে পাকিস্তানত সঘনাই ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। 1990 চনত সিন্ধেৰ চুক্কুৰৰ সমীপত হোৱা ভয়াবহ ৰে’ল দুৰ্ঘটনাত 307 জন লোক নিহত হৈছিল। 2021 চনৰ 7 জুনত সিন্ধুৰ ঘোটকীত দুখন এক্সপ্ৰেছ ৰে'লৰ সংঘৰ্ষৰ ফলত 32 জন লোক নিহত আৰু 64 জন আহত হয়। 2020 চনৰ ফেব্ৰুৱাৰী মাহত সিন্ধৰ ৰোহৰী ষ্টেচনৰ ওচৰত এখন যাত্ৰীবাহী বাছৰ সৈতে ৰে'লৰ সংঘৰ্ষত ১৯ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: General elections in Pakistan: পিছুৱাই দিয়া হৈছে পাকিস্তানত সাধাৰণ নিৰ্বাচনৰ দিন

Last Updated : Aug 6, 2023, 7:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.