ETV Bharat / international

Second earthquake hits Turkey : ১২ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো শক্তিশালী ভূমিকম্প তুৰস্কত

author img

By

Published : Feb 6, 2023, 7:24 PM IST

Updated : Feb 6, 2023, 10:41 PM IST

পুৱতি নিশাৰ ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে তুৰস্কত পুনৰ এক বিধ্বংসী ভূমিকম্প (Second earthquake hits Turkey)। বিয়লি ৭.৫ ৰিখতাৰ স্কেলৰ প্ৰাবল্যত অহা ভূমিকম্পটোৰ অভিকেন্দ্ৰ তুৰস্কৰ একিন'জুৰ পৰা ৪ কিলোমিটাৰ দক্ষিণ-পূবত বুলি জানিব পৰা গৈছে । তুৰস্কত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

Second earthquake hits Turkey
১২ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো শক্তিশালী ভূমিকম্প তুৰস্কত

ইণ্টাৰনেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী : প্ৰকৃতিৰ ৰোষত পৰিছে তুৰস্ক আৰু ছিৰিয়া । সোমবাৰে পুৱতি নিশা হোৱা ভূমিকম্পৰ বিভীষিকাৰ পৰা এতিয়াও মুক্ত হ'ব পৰা নাই দেশ দুখন । কিন্তু তাৰ মাজতে তুৰস্কত আন এক শক্তিশালী ভূমিকম্প (Second earthquake in Turkey)। এই দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৫ বুলি জানিব পৰা গৈছে । বিয়লি ভাগত দ্বিতীয়টো শক্তিশালী ভূমিকম্পৰ জোঁকাৰণি অনুভৱ কৰে তুৰস্কবাসীয়ে (Again Earthquake in Turkey)।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, তুৰস্কৰ একিন'জুৰ পৰা ৪ কিলোমিটাৰ দক্ষিণ-পূবত দ্বিতীয়টো ভূমিকম্প অনুভূত হয় । পুৱা ৭.৮ প্ৰাবল্যৰ জোকাৰণিৰ ১২ ঘণ্টাৰ ভিতৰতে আহিছে এই দ্বিতীয়টো শক্তিশালী ভূমিকম্প । প্ৰথমটো ভূমিকম্পই তুৰস্ক আৰু ছিৰিয়াক জোকাৰি গৈছিল আৰু এতিয়ালৈকে এক হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ।

ভূমিকম্পৰ ফলত কেইবাটাও অট্টালিকা খহি পৰিছে । এতিয়াও সন্ধানহীন বহু লোক । মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । কিন্তু তাৰ মাজতে দ্বিতীয়টো ভূমিকম্পই সমগ্ৰ দেশখনত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে (Earthquake damages Turkey)।

প্ৰথমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল প্ৰাদেশিক ৰাজধানী গাজিয়ানটেপৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ দূৰৈত । নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ নিলগত আছিল ভূমিকম্পটোৰ অভিকেন্দ্ৰ । ১৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তিস্থল বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে প্ৰকাশ কৰিছিল (Turkey earthquake epicenter) ।

তুৰস্কৰ এনে পৰিস্থিতিৰ পাছতে ইউৰোপীয় ইউনিয়নে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে আৰু তুৰস্কৰ বাবে অধিক সহায়ৰ প্ৰস্তুতি চলাইছে । নেডাৰলেণ্ড আৰু ৰোমানিয়াৰ দলবোৰো ইতিমধ্যে তুৰস্কৰ ভূমিকম্প পীড়িত অঞ্চললৈ ৰাওনা হৈছে । ইউৰোপীয় ইউনিয়নৰ জৰুৰীকালীন সঁহাৰি সমন্বয় কেন্দ্ৰই তেওঁলোকৰ নিযুক্তিৰ তদাৰক কৰি আছে । ভাৰতেও তুৰস্কলৈ উদ্ধাৰকাৰী বিশেষ দল প্ৰেৰণৰ বাবে সাজু হৈছে ।

তুৰস্ক আৰু ছিৰিয়াত হোৱা প্ৰথমটো ভূমিকম্পৰ ফলত চৰকাৰী তথ্য অনুসৰি ইতিমধ্যে ১,২০০ তকৈও অধিক লোকৰ মৃত্যু হৈছে । তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানে ইয়াক ১৯৩৯ চনৰ পাছত দেশখনৰ সৰ্ববৃহৎ দুৰ্যোগ বুলি অভিহিত কৰিছে । ইফালে প্ৰতিকূল বতৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে ।

তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে কোৱা মতে এতিয়ালৈকে ৪৫ খনতকৈও অধিক ৰাষ্ট্ৰই দেশখনলৈ সহায় আগবঢ়াইছে । কিন্তু এনে এক পৰিস্থিতিৰ মাজত বিয়লি অহা আনটো ভূমিকম্পই এতিয়া বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে । তুৰস্কৰ জনসাধাৰণৰ বাবে প্ৰাৰ্থনা কৰিছে বিশ্ববাসীয়ে ।

লগতে পঢ়ক :Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 1300 গৰাকী লোকে

Last Updated : Feb 6, 2023, 10:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.