ETV Bharat / international

Russian Strikes in Ukraine : ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত নিহত কমেও ৮ নাগৰিক - fierce fighting continues in Ukraine

ইউক্ৰেইনৰ বায়ুসেনাই শনিবাৰে পুৱা কৈছে যে তেওঁলোকে নিশাটোৰ ভিতৰতে দেশখনৰ দক্ষিণ-পূবত পাঁচটা ইৰাণত নিৰ্মিত ড্ৰোনকে ধৰি ১৪ টা ৰাছিয়াৰ ড্ৰোন ভূপতিত কৰিছে । তাত এতিয়াও যুদ্ধ চলি আছে ।

Russian Strikes in Ukraine
Russian Strikes in Ukraine
author img

By

Published : Jul 22, 2023, 7:21 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২২ জুলাই : ইউক্ৰেইনত এতিয়াও অব্যাহত আছে ৰাছিয়ান বাহিনীৰ আক্ৰমণ । শেহতীয়াকৈ ইউক্ৰেইনৰ ১১ টা অঞ্চলত ৰাতিটোৰ ভিতৰতে ৰাছিয়াৰ আক্ৰমণত কমেও আঠজন নাগৰিক নিহত হয় আৰু আন কেইবাজনো আহত হয় । ইউক্ৰেইন কৰ্তৃপক্ষই শনিবাৰে এই কথা প্ৰকাশ কৰে । উল্লেখ্য যে ইউক্ৰেইনে ৰাছিয়ান বাহিনীক তেওঁলোকে দখল কৰা অঞ্চলৰ পৰা উৎখাত কৰাৰ প্ৰচেষ্টাত তীব্ৰ যুঁজ অব্যাহত ৰাখিছে ।

পূব ডনেটস্ক অঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে কয় যে শুকুৰবাৰে নিশা ৰাছিয়ান বাহিনীয়ে বাখমুট চহৰৰ দক্ষিণে থকা নিয়ু-য়ৰ্কৰ বসতি অঞ্চলত এটা দম্পতীসহ কমেও চাৰিজন লোক নিহত হয় । যুদ্ধৰ আটাইতকৈ দীঘলীয়া আৰু ৰক্তক্ষয়ী যুদ্ধৰ স্থান হৈছে এই অঞ্চলটো । নিয়ু-য়ৰ্কৰ আন তিনিজন বাসিন্দাকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আনহাতে, শনিবাৰে পুৱা ইউক্ৰেইনৰ আভ্যন্তৰীণ মন্ত্ৰালয়ে কয় যে ৰাছিয়ান বাহিনীয়ে শুকুৰবাৰে একাধিক ৰকেট লঞ্চাৰৰ পৰা ডনেটস্ক অঞ্চলৰ এখন চহৰ কোষ্টিয়ানটিনিভকাত আঘাত কৰাৰ ফলত দুজন নাগৰিকৰ মৃত্যু হয় । ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এটা পোষ্টত মন্ত্ৰালয়ে কৈছে যে একেটা আক্ৰমণত আন এজন অসামৰিক লোক আহত হয় । লগতে ২০ টা ব্যক্তিগত ঘৰ, গাড়ী আৰু এটা গেছ পাইপলাইন ধ্বংস হয় ।

ইয়াৰ উপৰি ৰাছিয়াৰ ক্ৰুজ মিছাইলে স্থানীয় সাংস্কৃতিক কেন্দ্ৰ ধ্বংস কৰাৰ লগতে এপাৰ্টমেণ্ট ব্লকসমূহ ক্ষতিগ্ৰস্ত কৰাৰ ফলত ৰাছিয়াৰ সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ (৬২ মাইল) দূৰত্বত থকা উত্তৰ চহৰ চেৰনিহিভৰ ওচৰতো দুজন লোক নিহত হয় বুলি আঞ্চলিক সামৰিক প্ৰশাসনে শনিবাৰে পুৱা জানিবলৈ দিয়ে । অৱশ্যে এই আক্ৰমণৰ সঠিক সময় জনোৱা হোৱা নাই । কেৱল পূৰ্বৰ ঘটনাৰ 24 ঘণ্টাৰ ভিতৰত আক্ৰমণটো সংঘটিত হোৱা বুলি জনোৱা হৈছে ।

স্থানীয় চৰকাৰ চেৰহি লাইচাকে শনিবাৰে জনোৱা অনুসৰি, ৰাছিয়াৰ সৈন্যই নিশাটোৰ ভিতৰতে জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পৰ চুবুৰীয়া চহৰ এখন তছনছ কৰাৰ ফলত তিনিজন নাগৰিক আহত হয় ।

আনহাতে, ইউক্ৰেইনৰ বায়ুসেনাই শনিবাৰে পুৱা কয় যে তেওঁলোকে নিশাটোৰ ভিতৰতে দেশখনৰ দক্ষিণ-পূবত পাঁচটা ইৰাণ নিৰ্মিত ড্ৰোনকে ধৰি ১৪ টা ৰাছিয়াৰ ড্ৰোন ভূপতিত কৰে, য'ত এতিয়াও যুদ্ধ চলি আছে । এক নিয়মীয়া ছ'চিয়েল মিডিয়া আপডেটত বায়ুসেনাই কয় যে নিশা ৰাছিয়াৰ সৈন্যৰ দ্বাৰা উৎক্ষেপণ কৰা সকলো ইৰাণ নিৰ্মিত শ্বাহেদ বিস্ফোৰিত ড্ৰোন ভূপতিত কৰে । এই ঘটনাই ইউক্ৰেইনৰ বৰ্ধিত সফলতাৰ হাৰক প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :Russia Comes Under Pressure at UN : বিশ্বজুৰি খাদ্য সংকটক লৈ ৰাষ্ট্ৰসংঘত চাপৰ সন্মুখীন ৰাছিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.