ETV Bharat / international

Ukraine tried to assassinate Putin: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনত ড্ৰ’ণেৰে ইউক্ৰেইনৰ আক্ৰমণ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱন ক্ৰেমলিনত ড্ৰ’ণেৰে আক্ৰমণৰ চেষ্টা ইউক্ৰেইনৰ ৷ অৱশ্যে ইউক্ৰেইনে চলোৱা এই প্ৰাণঘাটী আক্ৰমণ বিফল কৰিবলৈ সক্ষম হ’ল ৰাছিয়াৰ সেনাবাহিনী আৰু চোৰাংচোৱাই (Ukraine tried to assassinate Putin) ৷ এই আক্ৰমণৰ পাচতেই ইউক্ৰেইনক সতৰ্কবাণী ৰাছিয়াৰ ৷

Ukraine tried to assassinate Putin
ক্ৰেমলিন ভৱনত ড্ৰ’ণেৰে ইউক্ৰেইনৰ আক্ৰমণৰ চেষ্টা
author img

By

Published : May 4, 2023, 9:02 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 4 মে’ : বুধবাৰে ৰাছিয়াই অভিযোগ কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰাৰ চেষ্টা চলাইছিল (Putin in drone attack on the Kremlin) ৷ আনকি ৰাষ্ট্ৰপতি পুটিনৰ বাসভৱনৰ ওপৰত ড্ৰ’ণ নিক্ষেপো কৰা হৈছিল ৷ ক্ৰেমলিন ভৱনৰ পৰা সদৰি কৰা এক বিবৃতিত এই আক্ৰমণক “সন্ত্ৰাসবাদী কাৰ্য বা সন্ত্ৰাসবাদী আক্ৰমণ” বুলি গৰিহণা দিয়া হয় ৷

লগতে এই বিবৃতিটোত উল্লেখ কৰা হয় যে ৰাছিয়াৰ সামৰিক আৰু নিৰাপত্তা বাহিনীয়ে ইউক্ৰেইনে আক্ৰমণ কৰাৰ পূৰ্বেই ড্ৰ’ণসমূহ নষ্ট কৰিবলৈ সক্ষম হৈছিল । উক্ত বিবৃতিত উল্লেখ কৰা অনুসৰি, ইউক্ৰেইনে প্ৰতিশোধ লোৱাৰ প্ৰৱণতা পুহি ৰাখিছে ৷ মাত্ৰ উচিত সময় আৰু সুযোগৰ সন্ধানত আছিল ৷ যাৰ ফলতে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাসগৃহত মঙলবাৰে সন্ধিয়া ড্ৰ’ণেৰে ইউক্ৰেইনে আক্ৰমণৰ চেষ্টা চলাইছিল (Ukraine tried to assassinate Putin ) ৷ মঙলবাৰে ইউক্ৰেইনে দুখন ড্ৰ’ণৰ জৰিয়তে আক্ৰমণৰ চেষ্টা চলাইছিল বুলি বিবৃতিত উল্লেখ কৰে ৰাছিয়াই প্ৰশাসনিক বিষয়াসকলে ।

ক্ৰেমলিন ভৱনৰ পৰা সদৰি কৰা এই বিবৃতিত প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী আক্ৰমণত ৰাষ্ট্ৰপতি পুটিনৰ কোনো ক্ষতি হোৱা নাই । আই আৰু ক্ৰেমলিন কমপ্লেক্সৰো এই আক্ৰমণত কোনো ক্ষতি হোৱা নাই । পুটিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে সংবাদ সংস্থা আৰ আই এ ন’ভ’ষ্টিক (News agency RIA Novosti) জনোৱা মতে, ড্ৰ’ন আক্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ক্ৰেমলিনত উপস্থিত নাছিল । তেওঁ আৰু কয় যে মঙলবাৰে আক্ৰমণৰ সময়ত পুটিনে মস্কোৰ ওচৰৰ নিজৰ ন’ভ’-অগাৰিয়’ভ’ বাসগৃহত কৰ্মৰত হৈ আছিল ৷

এই আক্ৰমণত আন কোনো লোক হতাহত হোৱা নাই বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে ৷ ইউক্ৰেইনৰ এই আক্ৰমণৰ পাছত উচিত সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ৰাছিয়াই ৷ জানিব পৰা মতে আক্ৰমণত ব্যৱহৃত ড্ৰ’ণ দুখন ৰাছিয়াৰ সামৰিক বাহিনীয়ে ৰাষ্ট্ৰপতি পুটিনে বাস কৰা ক্ৰেমলিন ভৱনৰ নতি দূৰত নষ্ট কৰিবলৈ সক্ষম হয় ৷ তাৰ পাচতে সমগ্ৰ অঞ্চলটো ধোঁৱাই ছানি ধৰে ৷ আনকি সামাজিক মাধ্যমতো এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে, আৰ টিৰ প্ৰতিবেদন অনুসৰি বিজয় দিৱস আৰু 9 মে’ত অনুষ্ঠিত হ’বলগীয়া পেৰেডৰ পূৰ্বে এই ঘটনা সংঘটিত হয় ৷ য’ত বহু বিদেশী অতিথি উপস্থিত থকাৰ সম্ভাৱনা আছিল ।

লগতে পঢ়ক : MPLAD fund irregularities : সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী; খাৰিজ শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিন আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.