ETV Bharat / international

aircraft crashed japan : দুখন বিমানৰ মাজত সংঘৰ্ষ; সংঘৰ্ষৰ পাচত বন্ধ কৰি দিয়া হয় ৰাণৱে - দুখন বিমানৰ মাজত সংঘৰ্ষ

টকিঅ’ত দুখন বিমানৰ মাজত সংঘৰ্ষ ৷ হানিদা বিমানবন্দৰত সংঘটিত হৈছে ঘটনাটো ৷ কোনো লোক আহত হোৱা নাই (2 jets accidentally contact each other at Tokyo) ৷

No injuries in Tokyos Haneda airport incident
হানিদা বিমানবন্দৰৰ দৃশ্য
author img

By

Published : Jun 10, 2023, 11:29 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 জুন : জাপানৰ ৰাজধানী টকিঅ’ত ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা ৷ 10 জুন অৰ্থাৎ শনিবাৰে টকিঅ’ৰ অন্যতম এটি বৃহৎ বিমানবন্দৰ হানিদাত ৰাণৱেৰ সময়তে দুখন যাত্ৰীবাহী বিমানৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ৷ অনাকাংশিতভাৱে সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (2 jets accidentally contact each other at Tokyo) ।

দেশখনৰ সংবাদ মাধ্যমৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বেংককলৈ যাবলৈ ওলোৱা থাই এয়াৰৱেজৰ আন্তঃৰাষ্ট্ৰীয় জেট বিমানে হানিদা বিমানবন্দৰত টাইপেইলৈ যোৱা ইভা এয়াৰৱেজৰ বিমানৰ সৈতে সংঘৰ্ষ হয় ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে বিমান বন্দৰটোত ৰাণৱে বন্ধ কৰি দিয়া হয় । দেশখনৰ সংবাদ প্ৰতিষ্ঠান টিবিএছ টিভি নিউজে একেটা ৰাণৱেত দুখন বাণিজ্যিক জেট বিমান ৰৈ থকাৰ দৃশ্য সম্প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছিল (aircraft crashed japan) ।

লগতে পঢ়ক : IMA Passing Out Parade 2023 : পাছিং আউট পেৰেডত মিত্ৰদেশৰো ৪২ গৰাকী কেডেটৰ অংশগ্ৰহণ

উল্লেখ্য যে, বিমান সংস্থা, বিমানবন্দৰ আৰু জাপানৰ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ উদ্দেশ্যৰে যোগাযোগৰ চেষ্টা চলোৱা হৈছিল যদিও উল্লেখিত সংস্থাবোৰে ফোনৰ প্ৰতি কোনো সহাঁৰি আগনবঢ়ালে বুলি জানিবলৈ পৰা হৈছে ৷ দুৰ্ঘটনাৰ কাৰণ বৰ্তমানেও স্পষ্ট হোৱা নাই ( No injuries in Tokyos Haneda airport incident) ।

ঘটনাটো সংঘটিত হোৱাৰ বাবেই কিছু বিমানৰ উৰণৰ সময়সীমা সলনি কৰা হৈছিল । ইয়াৰে এখন বিমানত উইংলেটৰ ক্ষতি হ’ব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে ।

উল্লেখ্য যে, ভাৰতীয় সময়মতে 10 জুনৰ পুৱাই সংঘটিত হৈছিল এই কাণ্ড ৷ ফলত বিমানবন্দৰৰ চাৰিটা ৰাণৱেৰ ভিতৰত এটা ৰাণৱে প্ৰায় 11 বজাত বন্ধ হৈ পৰে বুলি জানিবলৈ পৰা গৈছে । ঘটনাটোৰ ফলত থাই এয়াৰৱেজৰ বিমানখনৰ ডেউকাৰ এটা অংশ ভাঙি যোৱা যেন লাগিছিল বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : Amarnath Yatra 2023 : অমৰনাথ যাত্ৰাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.