ETV Bharat / international

Imran Khan Arrest : ইমৰাণ খানক ছুপ্ৰিম কোৰ্টত হাজিৰ কৰোৱাৰ নিৰ্দেশ পাক মুখ্য ন্যায়াধীশৰ

author img

By

Published : May 11, 2023, 8:28 PM IST

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পিছত অস্থিৰ হৈ আছে পাকিস্তানৰ পৰিস্থিতি । তাৰ মাজতে বৃহস্পতিবাৰে পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ইমৰাণ খানক ততাতৈয়াকৈ ছুপ্ৰিম কোৰ্টত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে (CJP ordered to produce Imran Khan in SC) ।

Imran Khan Arrest
Imran Khan Arrest

ইণ্টাৰনেচনেল ডেস্ক, ১১ মে' : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পিছৰে পৰা উত্তপ্ত হৈ আছে পাকিস্তানৰ পৰিস্থিতি (Imran Khan arrested) । তাৰ মাজতে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক এঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে । পাক সংবাদ-পত্ৰ ডনৰ সূত্ৰত এই কথা প্ৰকাশ । পাকিস্তানৰ মুখ্য ন্যায়াধীশ (Pakistan Chief Justice) ওমৰ আতা বান্দিয়ালে এই সন্দৰ্ভত কয়, "বৃহস্পতিবাৰে এটা ৰায় জাৰি কৰা হ'ব (CJP orderd to produce Imran Khan in SC) ।"

উল্লেখ্য, ইমৰাণ খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । যাৰ ফলত সমগ্ৰ দেশখনতে হিংসাত্মক প্ৰতিবাদ আৰম্ভ হয় (protest against Imran Khan arrest) । পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বান্দিয়ালে দেশৰ ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোক (এনএবি) বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) মুৰব্বীক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ডনৰ বাতৰি অনুসৰি, চিজেপি বান্দিয়াল, ন্যায়াধীশ মহম্মদ আলী মাজহাৰ আৰু ন্যায়াধীশ আথাৰ মিনাল্লাহক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে আল-কাদিৰ ট্ৰাষ্ট গোচৰত গ্ৰেপ্তাৰ হোৱাৰ বিৰুদ্ধে খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ।

শুনানিৰ আৰম্ভণিতে ইমৰাণ খানৰ এজন পৰামৰ্শদাতা হামিদ খানে শীৰ্ষ আদালতক জনায় যে ইমৰাণ খানক গ্ৰেপ্তাৰৰ পূৰ্বে আগতীয়া জামিনৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ (Islamabad High Court) কাষ চাপিছিল । তেওঁৰ অধিবক্তাই কয় যে, ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ বায়োমেট্ৰিক সম্পন্ন কৰাৰ প্ৰক্ৰিয়া চলি আছিল ।

"ৰেঞ্জাৰসকলে ইমৰাণ খানৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।" ডনৰ উদ্ধৃতি দি অধিবক্তাজনে কয় । আনহাতে, চিজেপি বান্দিয়েলে লক্ষ্য কৰে যে আদালতৰ ৰেকৰ্ডে দেখুৱাইছে যে গোচৰটো শুনানিৰ বাবে স্থিৰ কৰা হোৱা নাছিল । ইফালে অধিবক্তাজনে আদালতক কয় যে, বায়োমেট্ৰিক প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ আপীল দাখিল কৰিব নোৱাৰি ।

লগতে পঢ়ক :Imran Khan Arrest : পাকিস্তানত হিংসাত্মক প্ৰতিবাদত নিহত ৮, আহত ২৯০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.