ETV Bharat / international

PM Modi Greece visit; ভাৰতে চন্দ্ৰত ত্ৰিৰংগ পতাকা উৰুৱাই বিশ্বক দেখুৱালে নিজৰ সামৰ্থ : মোদী

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:01 AM IST

গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে গ্ৰীচত বাস কৰা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক ৷ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জয়গান গায় ৷

PM Modi Greece visit
গ্ৰীচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, 26 আগষ্ট : দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ সামৰি বৃহস্পতিবাৰে গ্ৰীচলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে আৰু বিশ্বৰ কেবাগৰাকী নেতাৰ সৈতেও এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।

শুকুৰবাৰে গ্ৰীচৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভাৰতে চন্দ্ৰত ত্ৰিৰংগা উত্তোলন কৰি বিশ্বক নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনে বিশ্বজুৰি ঢৌৰ সৃষ্টি কৰিছে’’ ৷

বিগত 9 বছৰত তেওঁৰ চৰকাৰে লাভ কৰা কেইবাটাও উন্নয়নমূলক কৃতিত্বৰ তালিকা প্ৰস্তুত কৰি তেওঁ কয় যে আন্তঃগাঁথনি খণ্ডত ইমান বিনিয়োগ পূৰ্বতে কেতিয়াও কৰা হোৱা নাছিল । চলিত সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ কথা উল্লেখ কৰি মোদীয়ে কয়, ‘‘ভাৰতে চন্দ্ৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি বিশ্বক নিজৰ সামৰ্থ প্ৰদৰ্শন কৰিছে’’ ।

তেওঁ কয়, ‘‘সমগ্ৰ বিশ্ববাসীয়ে এতিয়া ভাৰতবাসী তথা ভাৰতীয় বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰিছে ৷ সমগ্ৰ ছ’চিয়েল মিডিয়া এতিয়া অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে । ভাৰতীয়ৰ এই কৃতিত্ব আৰু উৎসাহ অবিৰত হৈ থাকক । পৃথিৱীৰ য’তেই ভাৰতীয় নাথাকক কিয়, ভাৰতীয়ৰ এই সফলতাই সকলোকে গৌৰৱান্বিত কৰিছে ৷ চন্দ্ৰযান-3 ৰ সফলতাৰ বাবে পুনৰবাৰ সকলোকে অভিনন্দন জনাইছো’’ ।

গ্ৰীচত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক সম্বোধন কৰা এই অনুষ্ঠানত পাঞ্জাৱী লোকনৃত্য ভাংৰা প্ৰদৰ্শিত কৰা হয় ৷ শতাধিক ভাৰতীয় প্ৰব্ৰজনকাৰী লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাৰতৰ জাতীয় সংগীতো পৰিৱেশন কৰা হয় ৷ য’ত প্ৰব্ৰজনকাৰীসকলে "বন্দে মাতৰম’’ আৰু ‘‘ভাৰত মাতা কি জয়’’ ধ্বনি দি উত্তাল কৰি তোলে সমগ্ৰ গ্ৰীচ ।

উল্লেখ্য যে, জোহান্সবাৰ্গত অনুষ্ঠিত 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিচত এদিনীয়া ভ্ৰমণৰ বাবে এথেন্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিছে ।

লগতে পঢ়ক : PM Modi off to Greece: গ্ৰীচ অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.