ETV Bharat / international

PM Modi's gifts for Macron: ইমানুৱেল মেক্ৰন আৰু ব্ৰিজিট মেক্ৰনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Jul 15, 2023, 1:53 PM IST

Updated : Jul 15, 2023, 2:11 PM IST

প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক চন্দন কাঠেৰে বিশেষভাৱে নিৰ্মিত বাদ্যযন্ত্ৰ চিতাৰ প্ৰদান কৰে ৷ লগতে ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰিজিট মেক্ৰনক চন্দন কাঠৰ বাকচত পচাম্পালি ৰেচমৰ ইকাট শাৰী উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modis gift to Brigitte Macron
ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰিজিট মেক্ৰনক পচাম্পালি ৰেচমৰ ইকাট শাৰী উপহাৰ মোদীৰ

নিউজ ডেস্ক, 15 জুলাই: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ফ্ৰান্স ভ্ৰমণৰ অন্ত পৰিল ৷ এই দুদিনীয়া ভ্ৰমণ সূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক চন্দন কাঠেৰে বিশেষভাৱে নিৰ্মিত বাদ্যযন্ত্ৰ চিতাৰ প্ৰদান কৰে ৷ লগতে ফ্ৰান্সৰ ফাৰ্ষ্ট লেডী ব্ৰিজিট মেক্ৰনক চন্দন কাঠৰ বাকচত পচাম্পালি ৰেচমৰ ইকাট শাৰী উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

তেলেংগানাৰ পোচাম্পালী চহৰৰ পৰা উৎপত্তি হোৱা পোচাম্পালি ৰেচমৰ ইকাট কাপোৰ ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্যৰ মনোমোহা প্ৰমাণ হিচাপে থিয় দিছে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ৷ ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ ইকাট ৰেচমৰ কাপোৰখন এক মনোমোহা চন্দন কাঠৰ বাকচত উপস্থাপন কৰা হৈছিল ৷

লগতে পঢ়ক : PM Modi France visit : বেষ্টিল দিৱসৰ পেৰেডত ভাৰতৰ অংশগ্ৰহণ গৌৰৱৰ বিষয় ; প্ৰধানমন্ত্ৰী মোডী

ফ্ৰান্স ভ্ৰমণৰ অংশ হিচাবে মোদীক মেক্ৰন আৰু ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীয়েও বহু উপহাৰ প্ৰদান কৰে ৷ ইফালে শুকুৰবাৰে পেৰিছত অনুষ্ঠিত হোৱা গ্ৰেণ্ড বেষ্টিল ডে পেৰেডত প্ৰধানমন্ত্ৰী মোদীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷ এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰে এক বিৰল সন্মান ৷ মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক আৰু সামৰিক বঁটা গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অৱ অনাৰেৰে সন্মানিত কৰে ৷

আনহাতে দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰ শ্বাহীলৈ ৰাওনা হয়৷ শনিবাৰে তেওঁ আবুধাবি ভ্ৰমণ কৰিব ৷ এই উপলক্ষে মোদীয়ে বিভিন্ন খণ্ডৰ প্ৰতিনিধিক সাক্ষাৎ কৰিব ৷ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী ৷

ইফালে ফ্ৰান্স ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, এই ভ্ৰমণ তেওঁৰ বাবে স্মৰণীয় আছিল । বেষ্টিল দিৱসত তেওঁ অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ বাবে ই আৰু অধিক বিশেষ হৈ উঠিছিল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Macron took selfi with PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তোলা চেল্ফি টুইটাৰত শ্বেয়াৰ কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে

Last Updated : Jul 15, 2023, 2:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.