ETV Bharat / international

US Plane Crashes : আমেৰিকাত বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাগ্ৰস্ত বিমান, বিদ্যুৎ কৰ্তন

ৱাশ্বিংটন পোষ্টে (Washington Post) স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি কয় যে দেওবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড ৰাজ্যৰ মণ্টগোমাৰী কাউণ্টিৰ বিদ্যুতৰ তাঁৰত লাগি এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত ব্যাপক বিদ্যুৎ বিভ্ৰাট দেখা গৈছে (plane crashed into power lines of Montgomery US) ।

author img

By

Published : Nov 28, 2022, 7:21 PM IST

Plane crashed
Plane crashed

ইণ্টাৰনেচনেল ডেস্ক, 28 নৱেম্বৰ : ৱাশ্বিংটন পোষ্টে (Washington Post) স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি কয় যে দেওবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড ৰাজ্যৰ মণ্টগোমাৰী কাউণ্টিৰ বিদ্যুতৰ তাঁৰত লাগি এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । তাৰ পিছতে সৃষ্টি হয় ব্যাপক বিদ্যুৎ বিভ্ৰাট (plane crashed into power lines of Montgomery US) ।

উক্ত বিমান দুৰ্ঘটনাৰ ফলত অঞ্চলটোত বিদ্যুত সৰবৰাহ কৰ্তন কৰা হয় (plane crash resulted electricity cut off in USA) । যাৰ ফলত সমগ্ৰ মণ্টগোমাৰী কাউণ্টিত 90,000 ৰো অধিক ঘৰ আৰু ব্যৱসায় প্ৰভাৱিত হয় । বিদ্যুত বিভ্ৰাটৰ সন্মুখীন হোৱা এই সংখ্যা কাউণ্টীখনৰ এক চতুৰ্থাংশৰ সমান । অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে ।

"এখন সৰু বিমান ৰথবাৰীৰ ড৹ এণ্ড গোশেন ৰোড এলেকাত বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাগ্ৰস্ত হৈছে (small plane crashed into power lines) । যাৰ ফলত কাউণ্টিৰ কিছু অংশৰ পৰা বিদ্যুৎ কৰ্তন কৰা হৈছে । MCFRS-এ উক্ত ঘটনাৰ নিৰীক্ষণ কৰি আছে । অনুগ্ৰহ কৰি অঞ্চলটো পৰিহাৰ কৰক, কিয়নো এতিয়াও তাত বিদ্যুৎ পৰিবাহী তাঁৰ আছে ।"

মণ্টগোমাৰী কাউণ্টি আৰক্ষী বিভাগৰ (Montgomery County Department of Police) অফিচিয়েল টুইটাৰ হেণ্ডেলে এনেদৰে টুইট কৰে ।

উল্লেখ্য, বৰষুণৰ বতৰৰ বাবে এটা বাণিজ্যিক এলেকাৰ ওচৰত উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে । অৱশ্যে ইয়াৰ কাৰণ এতিয়াও অজ্ঞাত হৈ আছে । আনহাতে, এক অনুমানে ইংগিত দিয়ে যে বিমানখনে দহমহলীয়া বিল্ডিং এটাৰ সমান উচ্চতাত বিদ্যুতৰ তাঁৰত আঘাত কৰিব পাৰে । অৱশ্যে সেইটো তৎক্ষণাৎ নিশ্চিত কৰিব পৰা হোৱা নাই বুলি ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত প্ৰকাশ । উক্ত বিমান দুৰ্ঘটনাৰ তদন্ত চলি আছে ।

লগতে পঢ়ক :Baba Ramdev Apology : নাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা ৰামদেৱৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.