ETV Bharat / international

Aircraft crashed in Nepal: 72 গৰাকী আৰোহীসহ জাহ গ’ল এখন বিমান; প্ৰত্যক্ষদৰ্শীয়ে দিলে শিহৰণকাৰী বৰ্ণনা

author img

By

Published : Jan 16, 2023, 9:36 AM IST

দেওবাৰে পুৰণি বিমানবন্দৰ আৰু পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি বিমান সংস্থাৰ বিমানখনত মুঠ ৬৮ জন যাত্ৰী আৰু বিমানখনৰ চাৰিজন কৰ্মচাৰী আছিল ৷ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ 72 গৰাকীৰ মৃতদেহ ৷

Witness account in Nepal plane crash that killed 72
ভয়ংকৰ বিমান দুৰ্ঘটনাত 68 বিমান যাত্ৰীৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী : নেপালৰ পোখৰা বিমান বন্দৰত ভয়ংকৰ দুৰ্ঘটনা (aircraft crashed at Pokhara Airport) ৷ নেপালৰ এখন পৰ্যটন চহৰলৈ ২৭ মিনিটৰ বাবে বিমান যাত্ৰা কৰা এখন বিমান দেওবাৰে নতুনকৈ মুকলি কৰা বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় ৷ এই দুৰ্ঘটনাত বিমানখনত থকা 72 গৰাকী আৰোহীৰ মৃত্যু হয়(Nepal plane crash that killed 72)। কেৱল মাত্ৰ এজন সাক্ষীয়ে ধবংসস্তূপত পৰিণত হোৱা বিমানখনৰ পৰা সহায়ৰ বাবে কান্দি থকাৰ কথা জানিব পৰা গৈছে । তিনি দশকৰ ভিতৰত এইটোৱেই আছিল দেশখনৰ আটাইতকৈ মাৰাত্মক বিমান দুৰ্ঘটনা (deadliest airplane accident in Nepal) ।

পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় য়েটি এয়াৰলাইনৰ এ টি আৰ - ৭২ বিমানখন । অনুসন্ধান আৰু উদ্ধাৰ সমন্বয় সমিতিৰ এজন বিষয়াই দুৰ্ঘটনাস্থলীৰ পৰা 72 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বিমানখনত চাৰিজন ৰাছিয়ান, দুজন কোৰিয়াৰ ব্যক্তি, আয়াৰলেণ্ড, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ এজনৰ লগতে ১৫ গৰাকী ভাৰতীয় নাগৰিক আছিল । য়েটি এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত টুইন ইঞ্জিনযুক্ত এ টি আৰ ৭২ বিমানখন নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা আহি আছিল (Nepal’s capital Kathmandu)।

দেওবাৰৰ দিনটোত আন্ধাৰ হোৱাৰ কেইবা ঘণ্টাৰ পাছতো অব্যাহত আছিল উদ্ধাৰ অভিযান ৷ উক্ত সময়ছোৱাত বিমানবন্দৰৰ ওচৰৰ দুৰ্ঘটনাস্থলীৰ চাৰিওফালে বহুতো লোকে ভিৰ কৰিছিল ৷ উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ সন্ধান নিশাটোৰ বাবে স্থগিত ৰাখি সোমবাৰে পুনৰ বিচাৰি উলিওৱাৰ পৰিকল্পনা কৰে । ইতিমধ্যে আন চাৰিটা মৃতদেহো পোৱা গৈছে ৷

মৃতদেহ বিচাৰি উলিওৱাত সহায় কৰিবলৈ চেটি নদীৰ সমীপৰ দুৰ্ঘটনাস্থলীলৈ যোৱা স্থানীয় বাসিন্দা বিষ্ণু তিৱাৰীয়ে ধোঁৱা আৰু অগ্নিকাণ্ডৰ বাবে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে । তেওঁ কয়, “দুৰ্ঘটনাস্থলী জুয়ে আৱৰি থকাৰ বাবে আমি ধ্বংসাৱশেষৰ ওচৰলৈ যাব পৰা নাছিলো । এজন মানুহে সহায় বিচাৰি কান্দি থকা শুনিলোঁ, কিন্তু জুইৰ শিখা আৰু ধোঁৱাৰ বাবে আমি তেওঁক সহায় কৰিব নোৱাৰিলোঁ ।’’ নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জনোৱা মতে, দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁ বিমানখন অৱতৰণ আৰম্ভ কৰাৰ পাচতে বতাহত বিমানখন অনিয়ন্ত্ৰিতভাৱে উৰি থকা দেখিছিল ৷ তেওঁৰ ঘৰৰ মূধচৰ পৰাই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল বুলি উল্লেখ কৰে । অৱশেষত গৌৰৱ গুৰুঙে কয় যে, বিমানখনে প্ৰথমে বাওঁফালে পৰি পাহাৰত খুন্দা মাৰে । বিমান কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনে শেষবাৰৰ বাবে ছেটি খাদৰ সমীপৰ পৰা বিমানবন্দৰৰ সৈতে যোগাযোগ কৰিছিল পুৱা ১০:৫০ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে ।

নেপালৰ য়েটি এয়াৰলাইন্সৰ দ্বাৰা পৰিচালিত টুইন ইঞ্জিনযুক্ত এ টি আৰ ৭২ বিমানখনে ৰাজধানী কাঠমাণ্ডুৰ পৰা ২০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত পোখাৰালৈ উৰা মাৰিছিল । টুইটাৰত শ্বেয়াৰ কৰা ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় ১.৬ কিলোমিটাৰ (প্ৰায় এক মাইল) দূৰত্বত দুৰ্ঘটনাস্থলীৰ পৰা ধোঁৱা নিৰ্গত হৈ আছে । বিমানখন তথা বাহিৰৰ অংশ একাধিক ভাগত বিভক্ত হৈ খাদৰ তলত সিঁচৰতি হৈ পৰি আছিল ।

অগ্নিনিৰ্বাপক বাহিনীয়ে মৃতদেহবোৰ কঢ়িয়াই লৈ যায়, কিছুমান মৃতদেহ ইমানেই বেয়াকৈ জ্বলি যায় যে সেয়া চিনাক্তকৰণ কৰিব পৰা সম্ভৱ নাছিল বুলি জানিব পৰা গৈছে ৷ শোকসন্তপ্ত পৰিয়ালবোৰে আপোনজনক বিচাৰি চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে । কাঠমাণ্ডু বিমানবন্দৰৰ পৰা পৰিয়ালৰ সদস্যসকলক কনভয়েৰে লৈ যোৱাৰ সময়ত পৰিয়ালৰ লোকক উচপিচাই থকা দেখিবলৈ পোৱা গৈছিল আৰু তথ্যৰ বাবে অপেক্ষাৰত অৱস্থাত পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছিল ।

কাস্কি জিলাৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া টেক বাহাদুৰ কে চিয়ে কয় যে উদ্ধাৰকাৰীয়ে খাদৰ তলত আৰু অধিক মৃতদেহ বিচাৰি পাব । পোখাৰা হৈছে হিমালয়ৰ জনপ্ৰিয় হাইকিং ট্ৰেইল অন্নপূৰ্ণা চাৰ্কিটৰ প্ৰৱেশদ্বাৰ (gateway to the Annapurna Circuit)। উল্লেখ্য যে, মহানগৰীখনৰ নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো মাত্ৰ দুসপ্তাহৰ আগতে আৰম্ভ কৰা হৈছিল ।

বিমানখনৰ ভিতৰত থকা পাঁচজন ভাৰতীয় অভিশেখ কুশৱাহা, বিশাল শৰ্মা, অনিল কুমাৰ ৰাজভৰ, সোণু জয়ছোৱাল আৰু সঞ্জয় জয়ছোৱাল বুলি চিনাক্ত কৰা হৈছে । চীনৰ সহায়ত নিৰ্মিত পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো দুসপ্তাহ পূৰ্বে উদ্বোধন কৰিছিল নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড’ই (Nepal Prime Minister Pushpa Kamal Dahal Prachanda)।

শোকাৱহ ঘটনাটোৰ তদন্তৰ বাবে পাঁচজনীয়া এখন কমিটী গঠন কৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে কেবিনেটৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় । দেওবাৰে বিয়লি অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ জৰুৰী বৈঠকত বিমান দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি ১৬ জানুৱাৰীত ৰাজহুৱা বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাটোক লৈ দুখ প্ৰকাশ কৰি গৃহ মন্ত্ৰালয়, নিৰাপত্তাৰক্ষী আৰু সকলো চৰকাৰী সংস্থাক শীঘ্ৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ নিৰ্দেশ দিয়ে।

উল্লেখনীয় যে, নেপালত বিমান দুৰ্ঘটনা সঘনাই হোৱা পৰিলক্ষিত হয়, ইয়াৰ কাৰণ আংশিকভাৱে হঠাতে বতৰৰ পৰিৱৰ্তন আৰু কঠিন শিলৰ ভূখণ্ডত অৱস্থিত বিমানপথ । নেপালৰ শেষৰটো বৃহৎ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ২৯ মে’ত যেতিয়া নেপালৰ পাহাৰীয়া মুস্তাংগ জিলাত তাৰা এয়াৰৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় পৰিয়ালৰ চাৰিজন সদস্যকে ধৰি বিমানখনত থকা ২২ জন লোকৰ আটাইকেইজন লোক নিহত হৈছিল ।

২০১৬ চনত অৱতৰণৰ পাছত একেটা পথতে উৰাজাহাজ চলোৱা একেটা বিমান সংস্থাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা ২৩ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হৈছিল । ২০১৮ চনৰ মাৰ্চ মাহত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকা-বাংলাদেশ অভিমুখী বিমান দুৰ্ঘটনাগ্ৰস্থ হৈছিল আৰু বিমানখনত থকা ৫১ জন লোকৰ মৃত্যু হৈছিল । ২০১২ চনৰ ছেপ্টেম্বৰ মাহত সীতা এয়াৰৰ এখন বিমান ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ এই দুৰ্ঘটনাটোত ১৯ জন লোকৰ মৃত্যু হয় । ২০১২ চনৰ ১৪ মে’ত পোখাৰাৰ পৰা জোমছমলৈ যোৱা এখন বিমান জমছম বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈ ১৫ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: Hawala bribery Case: গুৱাহাটীৰ এডিচনেল ডিভিজনেল ৰে’লৱে মেনেজাৰসহ সাতজন চি বি আইৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.