নিউজ ডেস্ক, 15 মে’: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে সোমবাৰে দাবী কৰে যে, দেশৰ শক্তিশালী সামৰিক প্ৰতিষ্ঠানে তেওঁক অহা 10 বছৰলৈ দেশদ্ৰোহৰ অভিযোগত কাৰাগাৰত ৰখাৰ পৰিকল্পনা কৰিছে । সোমবাৰে পুৱাৰ ভাগত পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বীগৰাকীয়ে ধাৰাবাহিক টুইটযোগে কয়, ‘‘এতিয়া সম্পূৰ্ণ লণ্ডনৰ পৰিকল্পনা ওলাইছে পৰিছে । মই জেলৰ ভিতৰত থকাৰ সময়ত হিংসাৰ অজুহাত দেখুৱাই তেওঁলোকে ধৰি লৈছে যে বুছৰা বেগমক (খানৰ পত্নী) জেলত ভৰাই মোক অপমান কৰিব আৰু অহা দহ বছৰলৈকে মোক ভিতৰত ৰাখিবলৈ কিছু দেশদ্ৰোহৰ আইন ব্যৱহাৰ কৰিব ।’’(Imran Khan updates)
খানে নিজৰ লাহোৰৰ বাসগৃহত পিটিআই নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পিচতে এই টুইট কৰে । 100 টাতকৈও অধিক গোচৰত জামিনত থকা 70 বছৰীয়া নেতাগৰাকীয়ে আৰু কয়, “ৰাইজক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকে দুটা কাম কৰিছে ৷ প্ৰথমে কেৱল পিটিআই কৰ্মীৰ ওপৰত নহয়, ইচ্ছাকৃতভাৱে সন্ত্ৰাসৰ সৃষ্টি কৰা হৈছে ।” দ্বিতীয়তে, সংবাদ মাধ্যম সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত আৰু মুখ বন্ধ কৰি ৰখা হৈছে ।"(Ex Pak PM Imran Khan)
তেওঁ কয় যে, এই “অপৰাধী সকলে যিদৰে চাদৰ আৰু চৰ দেৱাৰীৰ পবিত্ৰতা উলংঘা কৰিছে, সেইদৰে কেতিয়াও উলংঘা কৰা হোৱা নাই । এইটো ইচ্ছাকৃতভাৱে মানুহৰ মনত ব্যাপক ভয় জগাই তোলাৰ প্ৰয়াস ৷ যাতে কাইলৈ আৰক্ষী মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিলে মানুহবোৰ ঘৰৰ পৰা ওলাই নাহে । কাইলৈ পুনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি ছ'চিয়েল মিডিয়া (যিটো আংশিকভাৱেহে খোলা) নিষিদ্ধ কৰিব । ইফালে, আমি কোৱাৰ দৰে ঘৰ ভাঙি নিৰ্লজ্জভাৱে আৰক্ষীয়ে ঘৰৰ মহিলাক অত্যাচাৰ কৰি আছে ।’’ (Imran Khan arrested)
পাকিস্তানৰ জনসাধাৰণৈ নিজৰ বাৰ্তা প্ৰেৰণ কৰি খানে কয়,"পাকিস্তানৰ জনসাধাৰণলৈ মোৰ বাৰ্তা; মই মোৰ তেজৰ শেষ টোপাললৈকে হাকীকী আজাদীৰ বাবে যুঁজিম ৷ কাৰণ মোৰ বাবে এই বিভাজনৰ দাসত্বতকৈ মৃত্যুৱেই শ্ৰেয় । মই মোৰ সকলো লোকক আহ্বান জনাইছো, এই কথা মনত ৰাখিব যে আমি লা ইল্লাহ হা ইল্লাহৰ প্ৰতিজ্ঞা কৰিছো ৷ আমি এজন আল্লাহৰ বাহিৰে আন কাৰো আগত প্ৰণাম নকৰো । যদি আমি এই সন্ত্ৰাসৰ আগত নিজকে প্ৰণাম কৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অপমান আৰু অংগ বিভাজনহে হ’ব । যিবোৰ দেশত অন্যায় আৰু জংঘলৰ আইন প্ৰচলিত, সেইবোৰ দেশ বেছি দিন জীয়াই নাথাকে ।" (Imran Khan latest news)
শুকুৰবাৰে জামিন লাভ কৰাৰ পিছতো পুনৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইছলামবাগ উচ্চ ন্যায়ালয়ৰ চৌহদত আবদ্ধ হৈ থকা খান শনিবাৰে লাহোৰৰ ঘৰলৈ উভতি যায়। আই এইচ চিয়ে খানক জামিন মঞ্জুৰ কৰি 9 মে’ৰ পিছত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা সকলো গোচৰতে কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰাত বাধা প্ৰদান কৰে আৰু 15 মে’ত অধিক সকাহৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয়।
খানে আৰু কয় যে উচ্চতম ন্যায়ালয়ৰ বাহিৰত যি JUI-F “নাটক” চলি আছে সেয়া মাত্ৰ এটা উদ্দেশ্যৰ বাবেহে, ‘‘পাকিস্তানৰ মুখ্য ন্যায়াধীশক অতিমাত্ৰা ভয় খুৱাই যাতে তেওঁ সংবিধান অনুসৰি ৰায়দান নকৰে। তেওঁ কয় যে, পাকিস্তানে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এনে নিৰ্লজ্জ আক্ৰমণ দেখিছে ৷ 1997 চনত পিএমএলএনৰ গুণ্ডসকলে ইয়াক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল আৰু আটাইতকৈ সন্মানীয় মুখ্য ন্যায়াধীশ ছাজ্জাদ আলী শ্বাহক আঁতৰাই পেলাইছিল ।’’
যোৱা মঙলবাৰে আই এইচ চিৰ চৌহদত পাকিস্তান ৰেঞ্জাৰসকলে খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে পাকিস্তানত অশান্তিৰ সৃষ্টি হয় আৰু শুকুৰবাৰলৈকে চলি থাকিল আৰু কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন সামৰিক আৰু ৰাজ্যিক প্ৰতিষ্ঠান প্ৰতিবাদকাৰীয়ে ধ্বংস কৰে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতিবাদকাৰীয়ে ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয় (জি এইচ কিউ)ত ধুমুহাৰ লগতে লাহোৰত কৰ্পছ কমাণ্ডাৰৰ ঘৰতো জ্বলাই দিয়ে । আৰক্ষীয়ে হিংসাত্মক সংঘৰ্ষত মৃত্যুৰ সংখ্যা 10 জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে খানৰ দলটোৱে দাবী কৰিছে যে নিৰাপত্তাৰক্ষীৰ গুলীচালনাত 40 জন কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক: Pakistan Army Chief Asim Munir : সেনাপ্ৰধানৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি ইমৰাণ খানৰ