ইণ্টাৰনেচনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : এগৰাকী পাকিস্তানী সাংবাদিকে এক প্ৰতিযোগিতাৰ সময়ত ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ খেলুৱৈসকলে চুটি কাপোৰ পিন্ধাক লৈ আপত্তি প্ৰদৰ্শন কৰে (Pakistani journalist controversy on wearing shorts) । তাৰ পিছতেই তেওঁ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় । উল্লেখ্য যে, কাঠমাণ্ডুত চলি থকা এছএএফএফ চেম্পিয়নশ্বিপত (SAFF Championship in Kathmandu) পাকিস্তানে মালদ্বীপক ৭ গ'লত পৰাস্ত কৰাৰ পিছতে সাংবাদিকজনে এই আপত্তি দৰ্শাইছিল ।
উল্লেখ্য যে, দীঘলীয়া ব্যৱধানৰ পিছত আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি ভাৰতীয় মহিলা দলে আঠ বছৰত উক্ত চেম্পিয়নশ্বিপত প্ৰথমটো বিজয় সাব্যস্ত কৰে । কিন্তু আচৰিতভাৱে প্ৰতিযোগিতাখনৰ পৰা বাতৰি পৰিবেশন কৰি থকা সংবাদদাতাই খেলুৱৈসকলৰ কিটৰ ওপৰতহে গুৰুত্ব দিবলৈ পছন্দ কৰে ।
মেচখনৰ অন্তত এক সংবাদমেলত সংবাদদাতাজনে দলৰ মেনেজাৰ আৰু অন্যান্য বিষয়াসকলক সোধে, "যিহেতু আপুনি জানে যে আমি ইছলামিক গণৰাজ্য পাকিস্তানৰ অন্তৰ্ভুক্ত । পাকিস্তান এখন ইছলামিক দেশ । সেয়ে মই সুধিব বিচাৰোঁ যে এই ছোৱালীবোৰে কিয় চৰ্টছ পিন্ধিছে, কিয় লেগিংছ পিন্ধা নাই ?"
উক্ত ঘটনাৰ পিছতে এতিয়া বহুতে খেলুৱৈসকলৰ কৃতিত্বৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকৰ কাপোৰৰ ওপৰত ধ্যান দিয়াৰ বাবে সাংবাদিকজনক সমালোচনা কৰে (slammed reporter for focusing on players clothes) । আনহাতে, সাতটাৰ ভিতৰত চাৰিটা গ'ল কৰাৰ বাবে ব্ৰিটিছ-পাকিস্তানী ফুটবলাৰ নাদিয়া খানক প্ৰশংসা কৰে । ইফালে ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক আদিল ৰিজকীয়ে এই প্ৰশ্নটোত স্পষ্টভাৱে বিস্ময় প্ৰকাশ কৰি কয় যে, ক্ৰীড়াক্ষেত্ৰত সকলোৱে প্ৰগতিশীল হোৱা উচিত ।
"পোছাক বিষয়টোৰ ক্ষেত্ৰত আমি কেতিয়াও কাকো বাধা দিবলৈ চেষ্টা কৰা নাই । এইটো এনে এক কথা যাক আমি নিয়ন্ত্ৰণ নকৰোঁ ।" তেওঁ এনেদৰে কয় । উল্লেখ্য, ভিডিঅ'টোত সাংবাদিকজনে সোধা এনে প্ৰশ্নই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে । টিভিৰ অনুষ্ঠান উপস্থাপক তথা আৰজে অনুষী আশ্ৰাফ, স্কোৱাছ খেলুৱৈ নুৰেনা চামছ আৰু আন বহুতে ইয়াৰ সমৰ্থনত ওলাই আহে আৰু সংবাদদাতাজনক তেওঁৰ সংকীৰ্ণ মনোভাৱৰ বাবে ভৰ্ৎসনা কৰে ।
আনহাতে, আন কিছুসংখ্যকে সাংবাদিকজনক সমালোচনা কৰি কয় যে যদি তেওঁ খেলুৱৈসকলক শ্বৰ্টছ পিন্ধাটো দেখাত সমস্যা হয় তেন্তে তেওঁ অনুষ্ঠানটো ক'ভাৰ কৰিব নালাগিছিল (pakistani reporter criticized for dress comments) ।
লগতে পঢ়ক :ওড়িশাত ৭০০ মাওবাদী সমৰ্থকৰ আত্মসমৰ্পণ