ইণ্টাৰনেচনেল ডেস্ক, ১৪ মে' : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ (Imran Khan arrest issue) কৰাৰ পিছত উদ্ভৱ হোৱা প্ৰতিবাদৰ সময়ত ৰাৱালপিণ্ডিত পাকিস্তানৰ সামৰিক বাহিনীৰ সাধাৰণ মুখ্য কাৰ্যালয়ত আক্ৰমণত জড়িত এজন সন্দেহজনক ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (1 suspect arrested in GHQ attack case) । ARY News সূত্ৰত এই কথা প্ৰকাশ । ARY News-ৰ উদ্ধৃতিৰে সূত্ৰটোৱে কয় যে সামৰিক বাহিনীৰ সাধাৰণ মুখ্য কাৰ্যালয়ত আক্ৰমণত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে সন্দেহজনক ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে । তেওঁক ইদ্ৰিছ বুলি চিনাক্ত কৰা হৈছে (attack on Pak militarys general headquarter) ।
সূত্ৰটোৱে লগতে দাবী কৰে যে গ্ৰেপ্তাৰ কৰা সন্দেহজনক লোকজন স্থানীয় চৰকাৰী কৰ্মচাৰী । তেওঁক ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ'ৰ পৰা চিনাক্ত কৰা হয় । আনহাতে, আৰক্ষীয়ে পঞ্জাব বিধানসভাৰ (Punjab Assembly) এজন প্ৰাক্তন পিটিআই সদস্য জাভেদ আক্ৰামকো গ্ৰেপ্তাৰ কৰিছে । পিটিআই নেতাজনৰ পৰিয়ালে দাবী কৰা অনুসৰি, আক্ৰামৰ পুত্ৰ আৰু বোৱাৰীকো লাহোৰ উচ্চ ন্যায়ালয়ৰ (Punjab Assembly) চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে দিয়া এক বিবৃতি অনুসৰি, গ্ৰেপ্তাৰ কৰা লোককেইজন ক'ৰ্পছ কমাণ্ডাৰ হাউছৰ অগ্নিসংযোগত জড়িত আছিল । প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে (Pakistan PM Shehbaz Sharif) কৰ্তৃপক্ষক ৭২ ঘণ্টাৰ ভিতৰত জিন্না হাউছ (Jinnah House) আৰু অন্যান্য সামৰিক আৰু অসামৰিক স্থানত অগ্নিসংযোগ আৰু ক্ষতিৰ বাবে দায়ী সকলো অপৰাধী আৰু আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত এই দুজনক গ্ৰেপ্তাৰ কৰা হয় (violence after Imran Khan arrest) ।
আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্বৰীফে কয়, "অহা ৭২ ঘণ্টাৰ ভিতৰত ধ্বংসলীলাৰ সৈতে জড়িত সকলো অপৰাধী, পৰিকল্পনাকাৰী, প্ৰৰোচক আৰু আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে ।" প্ৰধানমন্ত্ৰী শ্বৰীফে লগতে কয়, "এইটো এটা গুৰুত্বপূৰ্ণ কাম । আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে দ্ৰুত পদক্ষেপৰ প্ৰয়োজন ।" উল্লেখ্য, ইয়াৰ পূৰ্বে শনিবাৰে পঞ্জাবৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰীয়ে ক'ৰ্পছ কমাণ্ডাৰ ৰেচিডেন্স ওৰফে জিন্না হাউছত সংঘটিত অগ্নিসংযোগ আৰু ধ্বংসলীলাৰ তদন্তৰ বাবে এটা যুটীয়া জেৰা দল (Joint Interrogation Team, JIT) গঠন কৰা বুলি ARY News-ত প্ৰকাশ পাইছে ।
ইফালে পৰ্যালোচনা বৈঠকত পঞ্জাবৰ মহাপৰিদৰ্শকে শান্তি আৰু নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে তথ্য প্ৰদান কৰে । এই বৈঠকত পঞ্জাবৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী মহছিন নাকভিয়ে সভাপতিত্ব কৰে । উক্ত বৈঠকতে তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰীয়ে জিন্না হাউছ আৰু সেনাৰ মুখ্য কাৰ্যালয়কে ধৰি অন্যান্য চৰকাৰী মালিকানাধীন অট্টালিকাসমূহত ধ্বংসাত্মক কাৰ্য, অগ্নিসংযোগ আৰু ঘেৰাও কৰাৰ পৰা ৰক্ষা কৰিবলৈ এটা JIT গঠন কৰে ।
লগতে পঢ়ক :Russia Ukraine War : ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ যুঁজাৰু বিমান ভূপতিত