ETV Bharat / international

Interim bail to Imran Khan : অৱশেষত ইমৰাণ খানে পালে জামিন - অৱশেষত ইমৰাণ খানে পালে জামিন

ইছলামাবাদ উচ্চ ন্যায়ালয়ে সোমবাৰে ইমৰাণ খানক অন্তৱৰ্তীকালীন জামিন আবেদন দিয়ে (Interim bail to Imran Khan)। ৭ টা পৃথক গোচৰত অন্তৱৰ্তীকালীন জামিন খানক । গোলাৰা, বৰা কাহু, ৰামনা, খান্না আৰু চিটিডি আৰক্ষী থানাত ৰুজু হৈ আছিল গোচৰ ।

Interim bail to Imran Khan
অৱশেষত ইমৰাণ খানে পালে জামিন
author img

By

Published : Mar 27, 2023, 7:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ মাৰ্চ : পাকিস্তানৰ এখন আদালতে সোমবাৰে ইমৰাণ খানক তেওঁৰ বিৰুদ্ধে থকা ৭ টা পৃথক গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে (Pakistan court grants interim bail to Imran Khan)। মুখ্য ন্যায়াধীশ আমীৰ ফাৰুক আৰু ন্যায়াধীশ মিয়াংগুল হাছান ঔৰঙ্গজেৱক লৈ গঠিত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ দুই সদস্যৰ খণ্ড বিচাৰপীঠে জামিনৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ।

পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ অধ্যক্ষ ইমৰাণ খানে গোলাৰা, বৰা কাহু, ৰামনা, খান্না আৰু চিটিডি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা ৭ টা গোচৰত অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল । আবেদন দাখিল কৰা খানৰ অধিবক্তা বেৰিষ্টাৰ চলমান চফদাৰে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হ'লে তেওঁ অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'ব ।

লগতে একক সৰ্ববৃহৎ ৰাজনৈতিক দলৰ মুৰব্বী হোৱাৰ বাবে তেওঁৰ ৰাজনৈতিক বিৰোধীসকলে তেওঁলোকৰ জঘন্য অভিপ্ৰায় আৰু ৰাজনৈতিক উচ্চাকাংক্ষা আগবঢ়াই নিবলৈ সক্ষম হ'ব বুলিও আশংকা কৰা হৈছে । আদালতে যুক্তি শুনি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে (IHC grants interim bail to Imran Khan)। ইয়াৰ পূৰ্বে ১৮ মাৰ্চত আদালতৰ চৌহদৰ বাহিৰত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল যেতিয়া ইমৰাণ খানে লাহোৰৰ পৰা তোশাখানা গোচৰৰ বহু প্ৰতীক্ষিত শুনানিত অংশ ল'বলৈ আহিছিল ।

পিটিআই কৰ্মী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সময়ত ২৫ জনতকৈও অধিক নিৰাপত্তাকৰ্মী আহত হয় (Protests outside judicial complex)। যাৰ ফলত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ জাফৰ ইকবালে এই গোচৰটোৰ আদালতৰ শুনানি ৩০ মাৰ্চলৈ পিছুৱাই দিছিল । সোমবাৰে পিটিআইৰ অফিচিয়েল টুইটাৰত পোষ্ট কৰা এটা ভিডিঅ'ত খানক ইছলামাবাদ আৰক্ষীয়ে তেওঁৰ বুলেট প্ৰুফ বাহনখন ৰক্ষা কৰি আদালত চৌহদত প্ৰৱেশ কৰা দেখা গৈছে ।

খানৰ বিৰুদ্ধে মুঠ ১৪৩ টা গোচৰ ৰুজু কৰা হৈছিল । তাৰ বেছিভাগে সন্ত্ৰাসবাদ সম্পৰ্কীয় । ৭০ বছৰীয়া খানে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁৰ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে যাৰবাবে তেওঁ আদালতৰ শুনানিত উপস্থিত থকাৰ পৰা বিৰত আছিল । যোৱা সপ্তাহত খানে অভিযোগ কৰিছিল যে পিএমএল-এন নেতৃত্বাধীন চৰকাৰে তেওঁক মুৰ্তজা ভুট্টোৰ আৰ্হিত হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি আছে ।

ইফালে, আৰক্ষীয়ে কোৱা মতে তেওঁলোকে খানৰ ১৩ গৰাকী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । পিটিআই নেতা শিৰিণ মানজাৰীয়ে দাবী কৰা মতে সোমবাৰৰ আদালতৰ শুনানিৰ পূৰ্বে খানৰ ফটোগ্ৰাফাৰ আৰু আন তিনিজন নাগৰিককো জিম্মাত লোৱা হৈছে । ইছলামাবাদত পিটিআই কৰ্মীসকলক যেনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে সেয়া লজ্জাজনক বুলিও উদ্বেগ প্ৰকাশ কৰে । উল্লেখ্য যে ইমৰাণ খানক যোৱা বছৰ এপ্ৰিলত অনাস্থা ভোটত পৰাজিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Pro Khalistani Supporters Attack Journalist : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.