ETV Bharat / international

Balochistan Floods: বেলুচিস্তানত বানৰ প্ৰলয়, 124 জনৰো অধিক লোকৰ মৃত্যু - Chief Minister Quddus Bizenjo

পাকিস্তানৰ বেলুচিস্তানত হৃদয় বিদাৰক পৰিস্থিতি ৷ তীব্ৰ খৰাঙৰ পাছতেই এতিয়া বনৰ কবলত চকুলো টুকিছে বেলুচিস্তানবাসীয়ে (Balochistan floods)৷ এই প্ৰলয়ংকাৰী বানৰ ফলত জিলাখনৰ প্ৰায় 10,000 হাজাৰকতৈ অধিক ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এতিয়ালৈ 124 জন লোক মৃত্যুৰ মুখত পৰিছে (Over 124 killed in Balochistan floods) ৷

over-124-killed-thousands-of-houses-washed-away-in-balochistan-floods
বেলুচিস্তানত বানৰ প্ৰলয়, 124 জনৰো অধিক লোকৰ মৃত্যু
author img

By

Published : Aug 1, 2022, 6:08 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 আগষ্ট: প্ৰকৃতিক ৰোধিব পাৰে কোনে ! পাকিস্তানৰ বেলুচিস্তানত হৃদয় বিদাৰক পৰিস্থিতি ৷ তীব্ৰ খৰাঙৰ পাছতেই এতিয়া বনৰ কবলত চকুলো টুকিছে বেলুচিস্তানবাসীয়ে (Balochistan floods)৷ এই ভয়ংকৰ বানত বুৰ গৈছে বেলুচিস্তানৰ খুজদাৰ, কালাত, মাষ্টুং, লাচবেলা আৰু ঝাল মাগছিসহ 5 টাকৈ অঞ্চল ৷

এই প্ৰলয়ংকাৰী বানৰ ফলত জিলাখনৰ প্ৰায় 10,000 হাজাৰকতৈ অধিক ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এতিয়ালৈ 124 জন লোক মৃত্যুৰ মুখত পৰিছে (Over 124 killed in Balochistan floods) ৷ ইফালে জিলাখনৰ লাচবেলা জিলাৰ ওৰাকী অঞ্চলত প্ৰায় 300 জন লোক বানত আৱদ্ধ হৈ আছে ৷

যোৱা 24 ঘণ্টাই বানাক্ৰান্ত অঞ্চলসমূহত অহৰ্নিশে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও খাদ্য আৰু খোৱা পানী শেষ হৈ যোৱাৰ ফলত বহুতো লোকে মৃত্যুক আকোঁৱালি লৈছে ৷ বেলুচিস্তানৰ মুখ্যমন্ত্ৰী কুদ্দুছ বিজেঞ্জোৱে (Chief Minister Quddus Bizenjo) অনতিপলমে বানাত আৱদ্ধ হৈ থকাসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে ৷

ইয়াৰোপৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে (Prime Minister Shehbaz Sharif ) বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাৰ্তসকললৈ সাহায্য বিতৰণৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ তেওঁ লগতে বানত মৃত্যু হোৱা সকলৰ পৰিয়াললৈ 1 মিলিয়ন টকা সাহায্য ঘোষণা কৰে লগতে বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ 5 লাখ টকা আৰু 30 শতাংশতকৈও অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ 2 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তসকলৰ সুবিৰ্ধাথে সাহাৰ্য অভিযান ত্বৰান্বিত কৰাৰ লগতে চিকিৎসা শিৱিৰ স্থাপন কৰি বন্যাৰ্তসকলৰ কাষলৈ বিভাগীয় কৰ্তৃপক্ষক যাবলৈ নিৰ্দেশনা দিয়ে ৷ পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক সপ্তাহত দেশখনৰ অধিকাংশ অঞ্চলত স্বাভাৱিকতকৈ অধিক বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে ৷ খাইবাৰ পাখতুনখোৱাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰি কয় যে অহা ৪৮ ঘণ্টাত কাবুল নদী আৰু ইয়াৰ উপনদীসমূহত জলস্তৰ বৃদ্ধি হ’ব ৷

উল্লেখ্য যে ইয়াৰ কেইসপ্তাহমানৰ পূৰ্বে বেলুচিস্তানত তীব্ৰ খৰাঙৰ ফলত ডায়েৰিয়া আৰু খোৱা পানীৰ অভাৱত বহুতো লোকে মৃত্যুৰ মুখত পৰিছিল ৷ তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি বানৰ কবলত পৰি দিক বিদিক হেৰুৱাইছে জিলাবাসীয়ে ৷

লগতে পঢ়ক: Flash Flood in Himachal Pradesh: হিমাচলত অহা আকস্মিক বানত আৱদ্ধ হৈ পৰিল শতাধিক লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.