ETV Bharat / international

Metaৰ অৰ্থনৈতিক মন্দাৱস্থা : শীঘ্ৰে হ'ব অধিক ছাটাই - Mark Zuckerberg announced no hiring in Meta

বিশ্বৰ অন্যতম বৃহৎ ছ'চিয়েল নেটৱৰ্কিং কোম্পানী মেটাত অৰ্থনৈতিক মন্দাৱস্থা । অতি শীঘ্ৰে কোম্পানীটোৰ যথেষ্ট কৰ্মচাৰীক ছাটাই কৰা হ'ব (Layoffs soon in Meta)। কোম্পানীটোৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিলে এই কথা ।

Meta
Metaৰ অৰ্থনৈতিক মন্দাৱস্থা
author img

By

Published : Sep 30, 2022, 11:07 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত আছে মাৰ্ক জুকাৰবাৰ্গৰ বিশ্বৰ সৰ্ববৃহৎ ছ'চিয়েল নেটৱৰ্কিং মেটা কোম্পানী (Economic downturn of Meta)। অতি শীঘ্ৰে কোম্পানীটোৰ বহু কৰ্মচাৰীক কৰা হ'ব ছাটাই (More layoffs soon in Meta)। মেটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে স্পষ্ট কৰি দিছে এই কথা ।

বৰ্তমান নতুন নিযুক্তি নহয় বুলিও মুকলিকৈ কৈছে মাৰ্ক জুকাৰবাৰ্গে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য মতে ইতিমধ্যে জুকাৰবাৰ্গে ছ'চিয়েল নেটৱৰ্কিং কোম্পানীটোৰ কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সাৱধান কৰি দিছে আৰু কিছুমান কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থাও লৈছে ।

জুকাৰবাৰ্গে Metaৰ উপাৰ্জনৰ বিষয়ে উল্লেখ কৰি শেহতীয়াকৈ কৈছে যে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । কৰ্মচাৰীৰ শক্তি আন ক্ষেত্ৰলৈ স্থানান্তৰ কৰাৰ উদ্দেশ্যে বহুতো কৰ্মচাৰীৰ নিৰ্দিষ্ট দল সংকুচিত কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল । যোৱা মে' মাহত জুকাৰবাৰ্গে Metaৰ কিছুমান খণ্ডত নিযুক্তি বন্ধ ৰখাৰ ঘোষণা কৰিছিল আৰু বৰ্তমান এই ধাৰা অব্যাহত আছে (No hiring in Meta)।

ফেচবুকৰ মূল কোম্পানী Metaই বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত থকাৰ বাবে কোম্পানীটোৰ ব্যয় কিছু হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে । আনহাতে কিছুমান কৰ্মচাৰীক কোম্পানীটোৰ ভিতৰত আন দায়িত্ব ল'বলৈ বা কোম্পানী এৰিবলৈ ৩০ ৰ পৰা ৬০ দিনৰ বাবে সময়সীমা দিছে আৰু সেই কৰ্মচাৰীসকলৰ বিশেষ তালিকা প্ৰস্তুত কৰিছে । সূত্ৰৰ মতে Meta কোম্পানীয়ে আগন্তুক মাহত ব্যয় কমেও ১০ শতাংশ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে আৰু পূৰ্বৰ অধিকাংশ কৰ্মচাৰীক উক্ত ৩০ দিনৰ তালিকাত ৰখা হৈছে ।

যিসকল কৰ্মচাৰীক তালিকাত ৰখা হৈছে, এমাহৰ ভিতৰক যদি নতুন চাকৰি বিচাৰিব নোৱাৰে তেনেহ'লে মেটাৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ব বুলি একপ্ৰকাৰ স্পষ্ট কৰি দিয়া হৈছে (Mark Zuckerberg announced no hiring in Meta)। জানিব পৰা মতে মাৰ্ক জুকাৰবাৰ্গ পৰিচালিত Meta কোম্পানীটোত এই বছৰৰ দ্বিতীয় তিনিমাহৰ শেষলৈ ৮৩,৫৫৩ গৰাকী কৰ্মচাৰী আছিল ।

লগতে পঢ়ক :সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 435 টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.