ETV Bharat / international

Khalistani Nijjar killing: হিন্দু ফ’বিয়াৰ সন্মুখত মৌনতা অৱলম্বন ঘৃণাজনিত অপৰাধৰ প্ৰতি সমৰ্থনৰ সদৃশ; অধ্যাপক ইন্দু বিশ্বনাথন - Khalistani Nijjar killing today news

কানাডাত হিন্দুফ’বিয়াৰ সন্মুখত মৌনতা অৱলম্বন ঘৃণাজনিত অপৰাধৰ সমৰ্থনৰ সমান বুলি মন্তব্য আমেৰিকাস্থিত ভাৰতীয় আমেৰিকান অধ্যাপক ইন্দু বিশ্বনাথনে । বিশিষ্ট ভাৰতীয়-আমেৰিকানসকলে অট’ৱাক কয় যে মত প্ৰকাশৰ স্বাধীনতাক সন্ত্ৰাসবাদৰ স্বাধীনতাৰ সৈতে মিহলি নকৰিবলৈ ।

Khalistani Nijjar killing
মৌনতা অৱলম্বন ঘৃণাজনিত অপৰাধৰ প্ৰতি সমৰ্থনৰ সদৃশ
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 12:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: কানাডাত হিন্দুসকলৰ বিৰুদ্ধে কৰা নিৰ্লজ্জ ঘৃণনীয় মন্তব্য আৰু শত্ৰুতাপূৰ্ণ পৰিৱেশক গৰিহণা দি অট’ৱাক সন্ত্ৰাসবাদৰ স্বাধীনতাৰ সৈতে মত প্ৰকাশৰ স্বাধীনতাক মিহলাই নিদিবলৈ আৰু এই বিষয়ত মৌন হৈ ঘৃণাজনিত অপৰাধৰ সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছে বিশিষ্ট ভাৰতীয়-আমেৰিকান লোকৰ এটা দলে । কানাডাৰ হিন্দুসকলক দেশ এৰি যাবলৈ ভাবুকি দিয়া খালস্তানী সমৰ্থক গোটৰ এটা আপত্তিজনক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ভাৰতীয়-আমেৰিকানসকলে এই দাবী উত্থাপন কৰিছে ।

খালিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু কানাডিয়ানসকলক বাৰে বাৰে ভাবুকি দিয়াটো চিন্তনীয় । এনেক্ষেত্ৰত মৌনতা বা তাতোকৈ বেয়া কথাটো হ’ল যে এইটো ৰাজনৈতিক প্ৰকাশৰ এক গ্ৰহণযোগ্য ৰূপ বুলি ন্যায্যতা প্ৰদান কৰাটো - ঘৃণাজনিত অপৰাধৰ সমৰ্থনৰ সমান বুলি কয় আমেৰিকাৰ হিন্দু বিশ্ববিদ্যালয়ৰ আণ্ডাৰষ্টেণ্ডিং হিন্দুফ’বিয়াৰ সহ-প্ৰতিষ্ঠাপক তথা সহ-পৰিচালক অধ্যাপক ইন্দু বিশ্বনাথনে ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে মত প্ৰকাশৰ স্বাধীনতাক সন্ত্ৰাসবাদৰ স্বাধীনতাৰ সৈতে মিহলি কৰা উচিত নহয় । তেওঁ ইয়াৰ পৰিৱৰ্তে উগ্ৰবাদ, আৰু ড্ৰাগছ গেং বন্ধ কৰি আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি কূটনৈতিকভাৱে চম্ভালিব লাগে বুলি ফাউণ্ডেশ্যন ফৰ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান ডাইস্পোৰা ষ্টাডিজৰ (এফআইআইডিএছ) খণ্ডেৰাও কাণ্ডে এক সংবাদ মাধ্যমৰ বিবৃতিত উল্লেখ কৰে । উল্লেখ কৰা প্ৰয়োজন যে, ব্ৰিটিছ কলম্বিয়াত কানাডাৰ ভূমিত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যা হোৱাৰ পিচতে এইক্ষেত্ৰত ভাৰতীয় এজেণ্ট জড়িত থকাৰ অভিযোগ তুলিছিল । ট্ৰুডোৰ অভিযোগক অৰ্থহীন আৰু প্ৰেৰণাদায়ক বুলি অভিযোগ নাকচ কৰিছিল ভাৰতে ।

যদিও কানাডা চৰকাৰে কানাডাত আগ্ৰাসন, ঘৃণা, ভয় দেখুৱাই বা ভয়ৰ উচটনি দিয়া কাৰ্যৰ কোনো স্থান নাই বুলি দাবী কৰি আহিছিল যদিও ভাইৰেল হোৱা ভিডিঅ’টোৰ সৈতে জড়িত কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । এই ঘৃণা আমেৰিকালৈ বিয়পি পৰাৰ উদ্বেগ সন্দৰ্ভত চিকাগোৰ বিশিষ্ট ভাৰতীয় আমেৰিকান নেতা ভাৰত বাৰাই কয়, "ই বিয়পি পৰিব বুলি মোৰ সন্দেহ আছে । আমি শান্তভাৱে সজাগ হৈ থকা উচিত । খালিস্তানীসকলে ISI ৰ প্ৰৰোচিত আৰু ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহ আৰু অন্যান্য হিংসাত্মক অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত এক অতি বিপথে পৰিচালিত সংস্থা ।"

শেহতীয়াকৈ হিন্দু আৰু ভাৰতীয়ৰ প্ৰতি হোৱা ভাবুকি সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মিডিয়া কোম্পানী পিগুৰুছ পৰ্টেলৰ সম্পাদক শ্ৰী আয়াৰে কয় "বাক স্বাধীনতা আৰু ঘৃণামূলক বাক্যৰ মাজত এটা পাতল ৰেখা আছে আৰু গুৰপতৱন্ত সিং পান্নুনে হিন্দু কানাডিয়ানসকলক ভাবুকি দিয়াৰ সময়ত সেই ৰেখা অতিক্ৰম কৰিছিল । "

লগতে পঢ়ক : Jaishankar US visit: নিজ্জাৰৰ হত্যাৰে ভাৰত জড়িত থকাৰ অভিযোগ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ মাৰ্কিন বিদেশমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.