ইণ্টাৰনেচনেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : সোমবাৰে পুনৰ আন এক ভূমিকম্পই জোকাৰি যায় তুৰস্ক আৰু ছিৰিয়া (New quake hits battered Turkey) ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৬.৪ । ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই (EMSC) সদৰী কৰা মতে, তুৰস্ক-ছিৰিয়া সীমান্ত অঞ্চলৰ দুই কিলোমিটাৰ (১.২ মাইল) গভীৰতাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল (Turkey earthquake epicenter) । তুৰস্কৰ দক্ষিণ প্ৰদেশ হাতাইত দুবাৰকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।
তুৰস্কৰ গৃহমন্ত্ৰী চুলেমান চয়লুৱে এই ভূমিকম্পত বৰ্তমানলৈ তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২১৩ জন আহত হোৱাৰ কথা জানিবলৈ দিয়ে (Earthquake jolts Turkey) । ভূমিকম্পৰ ফলত বহুতো অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে । ইফালে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । এই ভূমিকম্পই ৬ ফ্ৰেব্ৰুৱাৰীত অনুভূত হোৱা ভূমিকম্পত ধ্বংসস্তূপত পৰিণত তুৰস্ক আৰু ছিৰিয়াৰ কিছু অংশতো পুনৰ আঘাত হানিছিল ৷
লগতে পঢ়ক: Turkiye Earthquake : তুৰস্ক-ছিৰিয়াত ভূমিকম্পত মৃত্যুৰ সংখ্যা ১০ হাজাৰলৈ বৃদ্ধি
স্থানীয় সংবাদ সংস্থাই জনোৱা অনুসৰি, হাতাই প্ৰদেশত হোৱা ৬.৪ আৰু ৫.৮ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া দেশ লেবাননৰ ৰাজধানী বেইৰুতো অনুভৱ কৰা হৈছিল । তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সন্থাই জানিবলৈ দিয়া মতে হাতাইত নিশা প্ৰায় ২০.০৪ বজাত (স্থানীয় সময় অনুসৰি) ৬.৪ প্ৰাৱল্যৰ প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৷
প্ৰথমটো জোকাৰণিৰ প্ৰায় তিনি মিনিটৰ পিছত ৫.৮ প্ৰাৱল্যৰ দ্বিতীয়টো ভূমিকম্পই প্ৰদেশখন জোকাৰি গৈছিল ৷ ইয়াৰ উপৰি তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সন্থাই সাগৰৰ জলস্তৰ বৃদ্ধিৰ আশংকা কৰি উপকূলীয় অঞ্চলসমূহ নাগৰিকসকলক ভ্ৰমণ পৰিহাৰ কৰিবলৈ আহ্বান জনাই এক সতৰ্কবাণী জাৰি কৰিছে ৷ বিভাগটোৱে সাগৰৰ জলস্তৰ 50 ছেণ্টিমিটাৰ (1.6 ফুট) লৈকে বৃদ্ধি হোৱাৰ আশংকা কৰিছে ৷
তুৰস্কৰ উপ-ৰাষ্ট্ৰপতি ফুয়াত অক্তাই অঞ্চলটোৰ নাগৰিকসকলক ক্ষতিগ্ৰস্ত অট্টালিকাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 2,300 গৰাকী লোকে