ETV Bharat / international

ম্যানমাৰত সামৰিক বাহিনীৰ হেলিকপ্টাৰত সশস্ত্ৰ সংগঠনৰ আক্ৰমণ - Army helicopter attack

জাতিগত সংখ্যালঘু সশস্ত্ৰ সংগঠন কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীয়ে সামৰিক বাহিনীৰ হেলিকপ্টাৰত আক্ৰমণৰ দাবী কৰিছে (Myanmar helicopter attack)। এই আক্ৰমণত হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ধ্বংস হয় । হেলিকপ্টাৰত থকা কেইবাগৰাকী জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে সামৰিক চৰকাৰে এই কথা নিশ্চিত কৰা নাই ।

Army helicopter
ম্যানমাৰত সামৰিক বাহিনীৰ হেলিকপ্টাৰত সশস্ত্ৰ সংগঠনৰ আক্ৰমণ
author img

By PTI

Published : Jan 4, 2024, 1:07 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৪ জানুৱাৰী : ম্যানমাৰৰ সামৰিক বাহিনীৰ সৈতে বিভিন্ন জাতিগত সংখ্যালঘু সশস্ত্ৰ সংগঠনৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে এটা সংগঠনে বুধবাৰে সামৰিক বাহিনীৰ এখন হেলিকপ্টাৰত আক্ৰমণ কৰে । কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীৰ মুখপাত্ৰ কৰ্ণেল নাও বুৱে সংবাদ মাধ্যমক জনোৱা মতে ৰাজ্যখনৰ ৰাজধানী মাইটকিনা টাউনশ্বিপত থকা ঘাটিলৈ উভতি যোৱাৰ মুহূৰ্তত হেলিকপ্টাৰখনত গুলীবৰ্ষণ কৰা হৈছিল ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি হেলিকপ্টাৰখনত থকা ৬ গৰাকী সেনা নিহত হৈছে আৰু এগৰাকী সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে । কিন্তু আন এক প্ৰতিবেদন অনুসৰি এই আক্ৰমণত আটাইকেইজনৰে মৃত্যু হৈছে । এক সংবাদ মাধ্যমে দুৰ্ঘটনাস্থলীৰ পৰা সামৰিক পোছাক পৰিধান কৰা মৃতদেহৰ ফটোও প্ৰকাশ কৰিছে ।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত অং চান চু কীৰ নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা দখল কৰি ক্ষমতালৈ অহা ম্যানমাৰৰ সামৰিক বাহিনীয়ে অধিক স্বায়ত্ত্ব শাসন বিচাৰি সশস্ত্ৰ জাতিগত সংখ্যালঘু সংগঠনৰ সৈতে সম্পৰ্কিত গণতন্ত্ৰ পন্থী প্ৰতিৰোধ শক্তিৰ সৈতে যুঁজ দি আহিছে । অৱশ্যে হেলিকপ্টাৰক আক্ৰমণ সম্পৰ্কে সামৰিক চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে কোনো তথ্য পোৱা হোৱা নাই । কাচিন হিউমেন ৰাইটচ ৱাচৰ এগৰাকী মুখপাত্ৰই হেলিকপ্টাৰ দুৰ্ঘটনাৰ কথা নিশ্চিত কৰিছে ।

কিছুমান সংবাদ মাধ্যমে এই ঘটনাৰ ভিডিঅ'ও প্ৰকাশ কৰিছে । য'ত জুই জ্বলি থকা আৰু ক'লা ধোঁৱাই এটা পাহাৰীয়া অঞ্চল আৱৰি ধৰা দেখা গৈছে । অৱশ্যে জুই জ্বলি থকা বস্তুটো সহজে চিনাক্ত কৰিব পৰা হোৱা নাই । গুলীবৰ্ষণ কৰা হৈছিল নে হেলিকপ্টাৰখন যান্ত্ৰিক বিফলতাৰ সন্মুখীন হৈছিল সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই ।

কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীৰ মুখপাত্ৰ কৰ্ণেল নাও বুৱে কৈছে যে হেলিকপ্টাৰখন দেশৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ৩৯০ কিলোমিটাৰ (২৪০ মাইল) উত্তৰ-পূবত থকা ৱাইং মাও টাউনশ্বিপৰ নাম চান য়াং গাঁৱৰ ওচৰত নাহপাও সেনা চৌকিৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে ।

যোৱা অক্টোবৰ মাহত কাচিনৰ হপাকান্ত টাউনশ্বিপৰ এক দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত সংগঠনটোৰ বাৰ্ষিকী উদযাপনত কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীৰ সদস্য, অতিথিসহ প্ৰায় ৮০ গৰাকী লোক নিহত হৈছিল । তাৰ পাছৰে পৰা সংগঠনটোৱে সামৰিক চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰ্যকলাপ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :আক্ৰমণ বন্ধ কৰিবলৈ হুথি বিদ্ৰোহী গোটক আমেৰিকাৰ সকীয়নি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.