ETV Bharat / international

জাপানী সাংবাদিকৰ বিৰুদ্ধে অভিবাসন আইন উলংঘাৰ অভিযোগ ম্যানমাৰৰ জুন্টাৰ - breaching immigration law

অভিবাসন আইন উলংঘা আৰু সেনাৰ বিৰুদ্ধে মতানৈক্যক উৎসাহিত কৰাৰ অভিযোগত ম্যানমাৰত বন্দী হৈ থকা এজন জাপানী সাংবাদিকক অভিযুক্ত কৰা হৈছে বুলি ম্যানমাৰৰ সেনাই প্ৰকাশ কৰিছে (Japanese citizen filmmaker Toru Kubota)। জাপানী নাগৰিক তথা চলচ্চিত্ৰ নিৰ্মাতা টৰু কুবোটা ম্যানমাৰত বন্দী হৈ থকা পঞ্চমজন বিদেশী সাংবাদিক ৷ তেওঁক গ্ৰেপ্তাৰ কৰাৰ ফলত বিশ্বব্যাপী ক্ষোভ আৰু সমালোচনাৰ সৃষ্টি হৈছে ।

Japanese citizen filmmaker Toru Kubota charged by Myanmar Military Junta

author img

By

Published : Aug 19, 2022, 9:50 PM IST

নিউজ ডেস্ক, 19 আগষ্ট: ম্যানমাৰত বন্দী হৈ থকা এজন জাপানী সাংবাদিকৰ বিৰুদ্ধে অভিবাসন আইন উলংঘা কৰা (Breaching immigration law) আৰু সেনাৰ বিৰুদ্ধে মতানৈক্যক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি শাসকীয় জুন্টাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে (Japanese citizen filmmaker Toru Kubota charged by Myanmar Military Junta) । যোৱা বছৰৰ পৰা ম্যানমাৰৰ সেনাই সংবাদ মাধ্যমৰ স্বাধীনতাক দমন কৰি সাংবাদিক আৰু ফটোগ্ৰাফাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে দেশখন বিশৃংখলতাত ডুব যোৱাৰ লগে লগে সংবাদ সম্প্ৰচাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ।

যোৱা সপ্তাহত য়াংগনত হোৱা প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে বন্দী হৈ থকা টৰু কুবোটাক “505 (A) ধাৰা আৰু অভিবাসন আইন 13-1 ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে” বুলি জুন্টাই এক বিবৃতিত কয় (Myanmar junta charges Japanese journalist)। 505 (A) সামৰিক বাহিনীৰ বিৰুদ্ধে মতানৈক্যক উৎসাহিত কৰাটোক অপৰাধমূলক বুলি গণ্য কৰা হয় আৰু তিনিবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে । অভিবাসন আইন 13-1 উলংঘা কৰিলে সৰ্বোচ্চ পাঁচ বছৰৰ কাৰাদণ্ড হ’ব পাৰে ।

য়াংগনত চৰকাৰ বিৰোধী সমাৱেশৰ সমীপত ম্যানমাৰৰ দুগৰাকী নাগৰিকৰ সৈতে আটক কৰা হৈছিল ২৬ বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা কুবোটাক । অভিযোগ দাখিল কৰাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মাত য়াংগনৰ ইনচেইন কাৰাগাৰলৈ বদলি কৰা হয় বুলি এক নিৰাপত্তা সূত্ৰই জনায় । তেওঁৰ স্বাস্থ্য ভালে আছে আৰু দূতাবাসৰ বিষয়াসকলে ইতিমধ্যে তেওঁক আটক কৰা থানাত তেওঁক সাক্ষাৎ কৰিছে বুলিও সূত্ৰটোত প্ৰকাশ (Myanmar junta charges Japanese journalist with encouraging dissent) ৷

ফিল্ম ফ্ৰীৱেৰ এটা প্ৰফাইল অনুসৰি কুবোটাই ইয়াৰ পূৰ্বে ম্যানমাৰৰ মুছলমান ৰোহিংগীয়া সংখ্যালঘু আৰু "ম্যানমাৰৰ শৰণাৰ্থী আৰু জনগোষ্ঠীয় সমস্যা"ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । বুধবাৰে টকিঅ’ত এখন সংবাদমেলত তেওঁৰ বন্ধু যোছিটাকা নিটাই কয় যে, 14 জুলাইত ম্যানমাৰত উপস্থিত হৈছিল কুবোটাই ম্যানমাৰৰ এজন ব্যক্তিক লৈ এখন তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণ কৰি আছিল (Japanese citizen filmmaker Toru Kubota)।

আমেৰিকাৰ নাগৰিক নাথান মাউং আৰু ডেনি ফেনষ্টাৰ, পোলেণ্ডৰ ৰবাৰ্ট বচিয়াগা আৰু জাপানৰ ইউকি কিটাজুমিৰ পিছত তেওঁ ম্যানমাৰত আটক কৰা পঞ্চমজন বিদেশী সাংবাদিক ৷ বাকীসকলক পিছত মুক্ত কৰি বিতাড়িত কৰা হয় । যোৱা বছৰৰ মে’ মাহত দেশ এৰি যাবলৈ চেষ্টা কৰাৰ সময়ত বন্দী হৈ থকা ফেনষ্টাৰে ইনচেইনৰ ভিতৰত অবৈধ সংযোগ, সামৰিক বাহিনীৰ বিৰুদ্ধে উচটনি দিয়া আৰু ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন হৈছিল ৷ বিতাড়ন কৰাৰ পূৰ্বে তেওঁক 14 বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

সাংবাদিকৰ বিৰুদ্ধে যুদ্ধ :

আন্তঃৰাষ্ট্ৰীয় সংকট গোটৰ ৰিচাৰ্ড হৰ্চে কয় যে, শাসন ব্যৱস্থাই সাংবাদিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আৰু 505(A) হৈছে ইয়াৰ পছন্দৰ অভিযোগ । এজন জাপানী সাংবাদিকৰ বিৰুদ্ধে এই অভিযোগে দেখুৱাইছে যে, শাসন ব্যৱস্থাই স্থানীয় বা বিদেশী সাংবাদিকৰ দ্বাৰাই হওক, বস্তুনিষ্ঠ প্ৰতিবেদনক স্তব্ধ কৰি ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ ।

জাপানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ম্যানমাৰত থকা তেওঁলোকৰ দূতাবাসে জাপানী নাগৰিকজনক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে ম্যানমাৰ কৰ্তৃপক্ষক আবেদন জনাইছে ৷ তথ্য সংগ্ৰহ কৰি তেওঁক আগতীয়াকৈ মুকলি কৰি দিবলৈ অনুৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব । টকিঅ’ ম্যানমাৰৰ বাবে অন্যতম দাতা আৰু দেশখনৰ সেনাবাহিনীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ।

ইতিমধ্যে বিচ্ছিন্ন হৈ পৰা জুন্টাই যোৱা সপ্তাহত আৰু অধিক আন্তঃৰাষ্ট্ৰীয় ক্ষোভৰ সৃষ্টি কৰিছিল যেতিয়া তেওঁলোকে চাৰিজন বন্দীক ফাঁচী দিয়াৰ কথা ঘোষণা কৰিছিল ৷ দেশখনত প্ৰথমবাৰৰ বাবে এইদৰে মৃত্যুদণ্ড দিয়া হৈছিল। ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেফ বৰেলৰ সৈতে আলোচনাৰ অন্তত দেশখনৰ পূৰ্বৰ নাম ব্যৱহাৰ কৰি আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে কয় যে, বাৰ্মাৰ পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে ।

কম্বোডিয়াত দক্ষিণ-পূব এছিয়াৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সময়তেই ব্লিংকেনে বৰেলক সাক্ষাৎ কৰে ৷ য’ত ম্যানমাৰৰ শীৰ্ষ কূটনীতিবিদজনক জুন্টাই ৰাজনৈতিক বিৰোধীৰ সৈতে আলোচনা মুকলি কৰাত ব্যৰ্থ হোৱাৰ বাবে বাদ দিয়ে । ম্যানমাৰত মতানৈক্যৰ বিৰুদ্ধে চলোৱা অভিযানত ২১০০ৰো অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্থানীয় এক নিৰীক্ষণকাৰী গোটে প্ৰকাশ কৰিছে ।

চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে সমগ্ৰ দেশতে ৪৮ জন সাংবাদিক জিম্মাত আছে বুলি নিৰীক্ষণকাৰী গোট ৰিপ’ৰ্টিং আছিয়ানে প্ৰকাশ কৰিছে । কেৱল চীনেহে যোৱা বছৰ ম্যানমাৰতকৈ অধিক সাংবাদিক কাৰাগাৰত বন্দী কৰিছিল বুলি কমিটি টু প্ৰটেকট জাৰ্নেলিষ্টছক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: অনলাইনত আহিল দুটাকৈ নাবালকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.