ETV Bharat / international

শ্বেখ হাছিনাৰ প্ৰশংসাত সংসদত গান গালে বাংলাদেশী সাংসদে

author img

By

Published : Jul 8, 2022, 10:00 PM IST

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ দলৰে এগৰাকী সাংসদ । কেৱল প্ৰশংসায়ে নহয়, গীতৰ কলিৰে প্ৰধানমন্ত্ৰীক শুভাচ্চাৰে উপচাই পেলাইছে সাংসদগৰাকীয়ে । তেওঁ হৈছে বাংলাদেশৰ সাংসদ মমতাজ বেগম । বৃহস্পতিবাৰে দেশখনৰ সংসদত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰশংসাত এই গানটো পৰিবেশন কৰে সাংসদ মমতাজ বেগমে (Bangladeshi MP Momtaz Begum sang a song for Sheikh Hasina) ।

a
a

নিউজ ডেস্ক, ৮ জুলাই : বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ দলৰে এগৰাকী সাংসদ । কেৱল প্ৰশংসায়ে নহয়, গীতৰ কলিৰে প্ৰধানমন্ত্ৰীক শুভাচ্চাৰে উপচাই পেলাইছে সাংসদগৰাকীয়ে । তেওঁ হৈছে বাংলাদেশৰ সাংসদ মমতাজ বেগম । বৃহস্পতিবাৰে দেশখনৰ সংসদত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰশংসাত এই গানটো পৰিবেশন কৰে সাংসদ মমতাজ বেগমে (Bangladeshi MP Momtaz Begum sang a song for Sheikh Hasina) ।

গানটোৰ কথাখিনি হৈছে এনে ধৰণৰ, "মই যি খন দেশলৈ যাওঁ সেই দেশতে মই বঙালী গান গাওঁ। মোৰ নেতা হৈছে শ্বেখ হাছিনা, যি তুলনাৰ বাহিৰত (Sheikh Hasina is beyond comparison) ।" উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে মমতাজ বেগমক সংসদত বাংলা ভাষাত এটা গান গাবলৈ অনুৰোধ কৰা শুনা গৈছিল । তাৰ পিছতেই অতি আনন্দেৰে নিজৰ কণ্ঠ নিগৰাই গানটো গাই যোৱা দেখা যায় ।

a

মমতাজ বেগমে নিজৰ গানটো আগবঢ়াই নিছিল আৰু গাইছিল, "প্ৰধানমন্ত্ৰী 'ৰাষ্ট্ৰৰ পিতা' শ্বেখ মুজিবুৰ ৰহমানৰ (Bangladesh Father of Nation Sheikh Mujibur Rahman) কন্যা আছিল, আৰু দেশখনে তেওঁক এই শীৰ্ষত পাই গৌৰৱান্বিত ।" উল্লেখ্য, বাংলাদেশৰ মানিকগঞ্জ-২ সমষ্টিক প্ৰতিনিধিত্ব কৰা আৱামী লীগৰ সাংসদগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ নিৰ্মিত পদ্মা সেতুক লৈ চাৰিওফালে যেনেধৰণৰ ইতিবাচক আলোচনা হৈছে তাৰ প্ৰতিধ্বনিৰ তীব্ৰতাৰ সৈতে তুলনা কৰিবলগা তেওঁ আন একো দেখা নাই ।

"ইয়াৰ আগতে বিশ্বই স্থাপত্যবিদ্যাৰ বহুতো উল্লেখযোগ্য কাম দেখিছে । অৱশ্যে, এই দলংখনক লৈ চাৰিওফালে যিমান আলোচনা হৈছিল, ই লাভ কৰা প্ৰশংসাৰ তীব্ৰতা আৰু ইয়াত সৃষ্টি কৰা গানবোৰ অপ্ৰত্যাশিত ।" তেওঁ উল্লেখ কৰে । উল্লেখ্য, মমতাজ বেগমৰ পৰিচয় এগৰাকী ৰাজনীতিবিদ হিচাপে হ'লেও, তেওঁ এগৰাকী প্ৰখ্যাত বঙালী লোকশিল্পী । তেওঁ বৰ্তমানলৈকে প্ৰায় 700 টা গানৰ এলবাম আছে ।

লগতে পঢ়ক :চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.