ETV Bharat / international

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত আন এক প্ৰত্যাহ্বান

author img

By PTI

Published : Jan 14, 2024, 9:40 AM IST

ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক অৱনতি হোৱাৰ পাছতে আন এক হতাশাই দেখা দিছে মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত । শেহতীয়াকৈ হৈ যোৱা অতি গুৰুত্বপূৰ্ণ মালেৰ মেয়ৰেল নিৰ্বাচনত শোচনীয় পৰাজয় ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ দল পিপলছ নেচনেল কংগ্ৰেছৰ (Male Mayoral election)। এমডিপি প্ৰাৰ্থী এডাম আজিম মালেৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচিত ।

Maldives Male Mayoral election
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সন্মুখত আন এক প্ৰত্যাহ্বান

ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : মালদ্বীপ আৰু ভাৰতৰ কূটনৈতিক বিবাদ চলি আছে । ইয়াৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুক প্ৰত্যাহ্বান জনাই শনিবাৰে ভাৰত পন্থী মালদ্বিভিয়ান ডেমক্ৰেটিক পাৰ্টীয়ে (এমডিপি) ৰাজধানী মালেৰ মেয়ৰেল নিৰ্বাচনত বিপুল বিজয় সাব্যস্ত কৰে । এমডিপি প্ৰাৰ্থী এডাম আজিমক মালেৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । যিটো পদত শেহতীয়াকৈ মুইজজু আছিল । মুইজুৱে যোৱা বছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পাছতে এই পদৰ পৰা পদত্যাগ কৰিছিল ।

মালদ্বীপৰ সংবাদ মাধ্যমে আজিমৰ বিজয়ক বৃহৎ ব্যৱধানৰ বিজয় বুলি অভিহিত কৰিছে । এমডিপিৰ নেতৃত্ব দিছে ভাৰত পন্থী প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ চোলিহ । মহম্মদ চোলিহক ৰাষ্ট্ৰপতি নিৰ্বাচনত চীনা পন্থী নেতা মুইজুৱে পৰাজিত কৰিছিল । মেয়ৰেল নিৰ্বাচনত ৪১ টা বাকচ গণনা কৰাৰ পাছত আজিমে ৫,৩০৩ টা ভোটৰ সৈতে বৃহৎ অগ্ৰগতি লাভ কৰিছিল । মালদ্বীপৰ এক স্থানীয় সংবাদ মাধ্যমৰ মতে তেওঁৰ প্ৰতিদ্বন্দী মুইজুৰ পিপলছ নেচনেল কংগ্ৰেছৰ (পিএনচি) প্ৰতিদ্বন্দী আইশাথ আজিমা শকুৰে ৩,৩০১ টা ভোট লাভ কৰিছে ।

প্ৰতিবেদন অনুসৰি এই নিৰ্বাচনত ভোটদান অতি কম হৈছিল । মেয়ৰেল নিৰ্বাচনৰ বিজয়ে এমডিপিৰ ৰাজনৈতিক ভাগ্য পুনৰুজ্জীৱিত কৰিব বুলি আশা কৰা হৈছে । যিটো দলে এতিয়াও সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰি আছে । ইফালে ৫ দিনীয়া চীন ভ্ৰমণৰ পিচত মুইজু শনিবাৰে মালেলৈ উভতি আহে ।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি মুইজু চৰকাৰৰ তিনিজন উপ-মন্ত্ৰী নিলম্বিত হৈছিল । তেনে পৰিস্থিতিৰ মাজতে মেয়ৰেল নিৰ্বাচন অনুষ্ঠিত হৈছিল । মুইজুৱে তিনিজন মন্ত্ৰীক তেওঁলোকৰ সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিচতে নিলম্বন কৰে । ইফালে ভাৰতত মালদ্বীপ বৰ্জনৰ এক অভিযানো আৰম্ভ হৈছিল ।

শেহতীয়া বছৰবোৰত মালদ্বীপলৈ ভাৰতৰ পৰা সৰ্বাধিক সংখ্যক পৰ্যটকে ভ্ৰমণ কৰা দেখা গৈছে । তেনে পৰিস্থিতিত মালদ্বীপৰ পৰ্যটন উদ্যোগতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যিটোৱে মালদ্বীপৰ ৰাষ্ট্ৰপতি তথা চৰকাৰক ভাবিবলৈ বাধ্য কৰিছে । এনে সময়তে ৰাষ্ট্ৰপতিৰ দলে মেয়ৰেল নিৰ্বাচনত পৰাজিত হোৱাৰ লগে লগে মালদ্বীপ চৰকাৰত উদ্বেগৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :ঝি জিনপিং আৰু মহম্মদ মুইজুৰৰ উপস্থিতিত মালদ্বীপ-চীনৰ মাজত ২০খন চুক্তি স্বাক্ষৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.