ETV Bharat / international

Khalistani violence in Australia : অষ্ট্ৰেলিয়াত খালিস্তান সমৰ্থকৰ বেআইনী কাৰ্যকলাপ, ৩ জনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 30, 2023, 4:02 PM IST

অষ্ট্ৰেলিয়াত জানুৱাৰী মাহত খালিস্তান গণ ভোটৰ কাৰ্যসূচীত উত্তেজনা (Khalistani violence in Australia)। প্ৰচণ্ড মাৰপিটত কেইবাজনো লোক আহত । চলিত সপ্তাহত ৩ জনক গ্ৰেপ্তাৰ কৰিছে ভিক্টোৰিয়া আৰক্ষীয়ে । আৰক্ষীৰ তদন্ত অব্যাহত ।

Khalistani violence in Australia
অষ্ট্ৰেলিয়াত খালিস্তান সমৰ্থকৰ বেআইনী কাৰ্যকলাপ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ : খালিস্তান সমৰ্থকৰ দ্বাৰা ভাৰতৰ লগতে বিদেশতো প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ খালিস্তান সমৰ্থকক (3 arrested on Khalistani violence case)। এক অনুষ্ঠানৰ সময়ত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে হিংসাত্মক কাৰ্যত জড়িত হোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

জানিব পৰা মতে ২৯ জানুৱাৰীত ফেডাৰেচন স্কোৱেৰত খালিস্তান গণ ভোটৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল (Khalistan Referendum event at Federation Square)। য'ত দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । দিনৰ প্ৰায় ১২.৪৫ মান বজাত আৰু বিয়লি প্ৰায় ৪.৩০ বজাত দুটাকৈ ঘটনা সংঘটিত হৈছিল ।

অভিযোগ অনুসৰি কাজিয়াৰ সময়ত একাংশ লোকে পতাকাৰ খুটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আক্ৰমণ কৰিছিল । য'ত কেইবাজনো লোক আঘাত প্ৰাপ্ত হৈছিল । দুগৰাকী ভুক্তভোগীৰ এজনে মূৰত আৰু হাতত আঘাত পাইছিল আৰু আনজনে হাতত আঘাত পাইছিল । আনহাতে, ঘটনাস্থলীত পেৰামেডিক্সৰ দল উপস্থিত হৈ আহত লোককেইজনক চিকিৎসা কৰিছিল । আনহাতে আঘাতপ্ৰাপ্ত একাংশ লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ।

দুয়োটা ঘটনাতে, আৰক্ষীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ লৈছিল । আনকি উত্তেজিত লোকসকলক ছত্ৰভঙ্গ দিবলগীয়াও পৰিস্থিতি হৈছিল । আনকি দ্বিতীয় ঘটনাটোত আৰক্ষীয়ে অ'চি স্প্ৰে (অলিওৰেচিন কেপচিকাম স্প্ৰে যাক জালুক স্প্ৰে বুলিও জনা যায়) ব্যৱহাৰ কৰা হৈছিল । ঘটনাটো সংঘটিত হোৱাৰ দিনাই দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । আনহাতে চলিত সপ্তাহত আৰক্ষীয়ে আৰু তিনিজনক গ্ৰেপ্তাৰ কৰিছে ।

ভিক্টোৰিয়া আৰক্ষীয়ে এক বিবৃতিত কয় যে চলিত সপ্তাহত গ্ৰেপ্তাৰ কৰা তিনিজন হৈছে কালকাল্লোৰ ২৩ বছৰীয়া এজন যুৱক, ষ্ট্ৰেথটুলোহৰ ৩৯ বছৰীয়া এজন আৰু ক্ৰেগিবাৰ্ণৰ ৩৬ বছৰীয়া এজন লোক (Victoria Police arrested 3 youth)। তেওঁলোকৰ বিৰুদ্ধে এই বেআইনী আৰু হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে অভিযুক্ত লোকসকলক ৮ আগষ্টত মেলবৰ্ণ মেজিষ্ট্ৰেটৰ আদালতত হাজিৰ কৰোৱা হ'ব । আৰক্ষীয়ে পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Pak ex Army chief Bajwa : পূৰ্বৰ সেনা প্ৰধানেও ৩ বছৰ চাকৰি সম্প্ৰসাৰণ বিচাৰিছিল, প্ৰাক্তন পাক সেনা প্ৰধান বাজৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.