ETV Bharat / international

PM Modi US Visits : White Houseত বাইডেন দম্পতীয়ে সম্ভাষণ জনালে মোদীক - ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছ

হোৱাইট হাউছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীক সম্ভাষণ জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু জিল বাইডেনে ৷

PM Modi US Visits
হোৱাইট হাউছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
author img

By

Published : Jun 22, 2023, 10:12 AM IST

Updated : Jun 22, 2023, 10:18 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 22 জুন : ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । হোৱাইট হাউছত উপস্থিত হোৱাৰ লগে লগে মোদীক আদৰণি জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ৷

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু জিল বাইডেনৰ আমন্ত্ৰণমৰ্মে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ লগতে বাইডেন পৰিয়ালে আয়োজন কৰা এই নৈশ আহাৰৰ অনুষ্ঠানত প্ৰায় 400 গৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ আমেৰিকা ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে ৱাশ্বিংটনস্থিত জইণ্ট বেছ এণ্ড্ৰুজত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

প্ৰধানমন্ত্ৰী মোদী আৰু বাইডেনে যৌথ সংবাদমেল সম্বোধন কৰিব :

তথ্য অনুসৰি, নিশাৰ আহাৰ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে আলোচনাত মিলিত হ’ব । হোৱাইট হাউছে প্ৰকাশ কৰা বিবৃতি অনুসৰি, বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এখনি যৌথ সংবাদমেল সম্বোধন কৰিব ।

হোৱাইট হাউছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এপ্লাইড মেটেৰিয়েলছৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া গেৰী ই ডিকাৰছন, মাইক্ৰন টেকন’লজিৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় মেহৰোত্ৰা আৰু জেনেৰেল ইলেকট্রিকৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া এইচ লৰেন্স কাল্প জুনিয়ৰক সাক্ষাৎ কৰে ।

আনহাতে, এই ভ্ৰমণৰ কালচোৱাতে বাইডেন দম্পতীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ উপহাৰো দিয়ে ৷ এই বিশেষ উপহাৰটো হৈছে 20 শতিকাৰ আৰম্ভণিতে হাতেৰে নিৰ্মিত এটা কিতাপৰ গেলেৰী ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীক ভিনটেজ আমেৰিকান কেমেৰা, জৰ্জ ইষ্টমেনৰ প্ৰথমটো কোডাক কেমেৰাৰ আৰ্কাইভ, আমেৰিকান বন্যপ্ৰাণী ফটোগ্ৰাফী সম্পৰ্কীয় হাৰ্ডক‘ভাৰ কিতাপও উপহাৰ হিচাবে প্ৰদান কৰে ।

ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনৰ সৈতে কটোৱা বিশেষ মুহূৰ্তৰ ছবিসমূহ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Modi US visit: ৰাছিয়াৰ তেল আৰু মানৱ অধিকাৰ বিষয় অন্তৰ্ভুক্ত হ'ব মোডী-বাইডেনৰ আলোচনাত

Last Updated : Jun 22, 2023, 10:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.