ETV Bharat / international

Israel Attack on Gaza : ইজৰাইলৰ স্থল আক্ৰমণৰ পৰিকল্পনা; গাজা চহৰ খালী কৰাৰ নিৰ্দেশ আৱাসীসকলক - Israel Defense Forces

হামাছৰ সৈতে যুদ্ধৰ সপ্তমদিনা ইজৰাইলী সামৰিক বাহিনীয়ে গাজা চহৰৰ বাসিন্দাসকলক গাজা ষ্ট্ৰিপৰ দক্ষিণলৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছে । ই হৈছে এক সংকীৰ্ণ উপকূলীয় অঞ্চল । ইজৰাইলে এক সতৰ্কবাণীত কৈছে, আপোনালোক নিজৰ সুৰক্ষাৰ বাবে আঁতৰি যাওক । আনহাতে, ইজৰাইলৰ নিৰ্দেশনাত অভিযোগ কৰা হৈছে যে হামাছ উগ্ৰপন্থীসকল চহৰখনৰ মাটিৰ তলৰ সুৰংগত লুকাই আছে ।

Israel Attack on Gaza
Israel Attack on Gaza
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 2:25 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৩ অক্টোবৰ : ইজৰাইলৰ সামৰিক বাহিনীয়ে শুকুৰবাৰে গাজা চহৰত বাস কৰা লাখ লাখ নাগৰিকক ইজৰাইলৰ স্থল আক্ৰমণৰ পৰিকল্পনাৰ পূৰ্বে আঁতৰি যাবলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশ এইটো সময়ত আহিছে, যেতিয়া ৰাষ্ট্ৰসংঘই কৈছে যে তেওঁলোকে ইজৰাইলৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত গাজাৰ উত্তৰত বাস কৰা ১.১ নিযুত লোকক স্থানান্তৰ কৰিবলৈ সতৰ্কবাণী লাভ কৰিছে ।

ইজৰাইলৰ এই সামৰিক আদেশ ইজৰাইলত হামাছৰ এক অভূতপূৰ্ব আৰু মাৰাত্মক আক্ৰমণৰ পিছত ঘোষণা কৰা যুদ্ধৰ সপ্তমদিনা আহিছে । নিৰ্দেশটোত গাজা চহৰৰ বাসিন্দাসকলক দক্ষিণে গাজা ষ্ট্ৰিপলৈ পলাই যাবলৈ কোৱা হৈছে । এই অঞ্চলটো হৈছে এক সংকীৰ্ণ উপকূলীয় অঞ্চল । ইজৰাইলৰ নিৰ্দেশনাটোত অভিযোগ কৰা হৈছে যে হামাছ উগ্ৰপন্থীসকলে চহৰখনৰ মাটিৰ তলৰ সুৰংগত লুকাই আছে ।

গাজা চহৰত থকা ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইনী শৰণাৰ্থী সংস্থাৰ এগৰাকী বিষয়া ইনাছ হামদানে কয় যে এইটো এক অৰাজকতা, কোনেও একো বুজি পোৱা নাই যে কি কৰিব লাগে । তেওঁলোকে যি পাৰে তাকে নিজৰ মোনাত ভৰাই লৈ তাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে । কিয়নো তেওঁলোকে চাৰিওফালে থকা আত্মীয়সকলৰ আতংকিত চিঞৰ শুনিছে । তেওঁ কয় যে গাজা চহৰ আৰু উত্তৰ গাজাৰ সকলো ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীক দক্ষিণে থকা ৰাফালৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছে ।

এই পলায়ন আপোনালোকৰ নিজৰ সুৰক্ষাৰ বাবে । ইজৰাইলী সামৰিক বাহিনীয়ে গাজা চহৰৰ নাগৰিকসকললৈ প্ৰেৰণ কৰা এক সতৰ্কবাণীত কয় । এই নিৰ্দেশনাই এক আসন্ন স্থল আক্ৰমণৰ সংকেত দিব পাৰে । অৱশ্যে ইজৰাইলী সামৰিক বাহিনীয়ে এতিয়ালৈকে এনে কোনো পদক্ষেপ নিশ্চিত কৰা নাই । বৃহস্পতিবাৰে ইজৰাইলে কৈছিল যে ইয়াৰ প্ৰস্তুতি চলি আছে যদিও কোনো সিদ্ধান্ত লোৱা হোৱা নাই ।

উল্লেখ্য যে ইজৰাইলে গাজাৰ প্ৰায় অৰ্ধেক লোকক ৰাষ্ট্ৰসংঘৰ দক্ষিণৰ অঞ্চলটোলৈ পলাই যাবলৈ ২৪ ঘণ্টা সময় দিছে । মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় । অৱশ্যে ইজৰাইলী সামৰিক বাহিনীয়ে তাৎক্ষণিকভাৱে বিস্তৃত স্থানান্তৰৰ আদেশ নিশ্চিত কৰা নাই । ইজৰাইলে শনিবাৰে চব্বিশ ঘণ্টা ধৰি বিমান আক্ৰমণ আৰম্ভ কৰাৰ পিছত ৰাষ্ট্ৰসংঘৰ বিদ্যালয় আৰু অন্যান্য শিবিৰসমূহত আশ্ৰয় লোৱা লাখ লাখ কৰ্মচাৰীৰ ক্ষেত্ৰতো এই আদেশ প্ৰযোজ্য ।

আনহাতে, ৰাষ্ট্ৰসংঘই এনে কাৰ্য বিধ্বংসী মানৱীয় পৰিণাম অবিহনে সংঘটিত হোৱাটো অসম্ভৱ বুলি বিবেচনা কৰে বুলিও ডুজাৰিকে কয় । ৰাষ্ট্ৰসংঘই এনে ধৰণৰ যিকোনো আদেশ যদি নিশ্চিত হয় তেন্তে দৃঢ়ভাৱে বন্ধ কৰিবলৈ আহ্বান জনাইছে । লগতে এক দুৰ্যোগপূৰ্ণ পৰিস্থিতিলৈ ৰূপান্তৰ কৰিব পৰা যিকোনো পৰিস্থিতিক পৰিহাৰ কৰি সেয়া বাতিল কৰিবলৈ আহ্বান জনোৱা বুলিও মুখপাত্ৰজনে কয় ।

লগতে পঢ়ক :Israel Hamas War : ইজৰাইল-হামাছ যুদ্ধত যোগদান কৰিব নেকি হিজবুল্লাই ? মধ্যপ্ৰাচ্য সংকটত ৱাইল্ড কাৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.