ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : হামাছৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইজৰাইলে গাজাত বিমান আক্ৰমণ অব্যাহত ৰাখিছে । ইজৰাইলী বায়ু সেনাই জনোৱা মতে সেনা বাহিনীয়ে প্ৰায় ৬,০০০ বোমা নিক্ষেপ কৰিছে । অৰ্থাৎ ইজৰাইলে যোৱা ৬ দিনত প্ৰতিদিনে কমেও এহেজাৰ বোমা নিক্ষেপ কৰিছে ।
-
🚨FOOTAGE: The Israeli army displays its ammunition and says that it will attack Gaza with all of this ammunition.
— Mario Nawfal (@MarioNawfal) October 12, 2023 " class="align-text-top noRightClick twitterSection" data="
Source: Bader pic.twitter.com/ZuF6gjGGP9
">🚨FOOTAGE: The Israeli army displays its ammunition and says that it will attack Gaza with all of this ammunition.
— Mario Nawfal (@MarioNawfal) October 12, 2023
Source: Bader pic.twitter.com/ZuF6gjGGP9🚨FOOTAGE: The Israeli army displays its ammunition and says that it will attack Gaza with all of this ammunition.
— Mario Nawfal (@MarioNawfal) October 12, 2023
Source: Bader pic.twitter.com/ZuF6gjGGP9
এই আক্ৰমণক লণ্ডনৰ কিংছ কলেজৰ জাৰ্মান আৰু ইউৰোপীয় অধ্যয়নৰ প্ৰবক্তা আলেকজেণ্ডাৰ ক্লাৰ্কচনে ২০০৯ চনত শ্ৰীলংকাৰ সামৰিক বাহিনীয়ে জাফনা আৰু মুল্লাইথিভুত বোমা বিস্ফোৰণ কৰা আৰু ২০০০ চনত গ্ৰজনিৰ যুদ্ধৰ সৈতে তুলনা কৰিছে ।
-
A lot of analysts and journalists are struggling to grasp that at this rate the best points of comparison will end up being early 00s Grozny, late 00s Jaffna and Mullaitivu than any of the US or European counter-insurgency wars of the last 20 years. https://t.co/ZVgeaNaQBb
— Alexander Clarkson (@APHClarkson) October 12, 2023 " class="align-text-top noRightClick twitterSection" data="
">A lot of analysts and journalists are struggling to grasp that at this rate the best points of comparison will end up being early 00s Grozny, late 00s Jaffna and Mullaitivu than any of the US or European counter-insurgency wars of the last 20 years. https://t.co/ZVgeaNaQBb
— Alexander Clarkson (@APHClarkson) October 12, 2023A lot of analysts and journalists are struggling to grasp that at this rate the best points of comparison will end up being early 00s Grozny, late 00s Jaffna and Mullaitivu than any of the US or European counter-insurgency wars of the last 20 years. https://t.co/ZVgeaNaQBb
— Alexander Clarkson (@APHClarkson) October 12, 2023
লিবাৰেচন টাইগাৰ্ছ অফ তামিল ইলাম (এলটিটিই)ৰ বিৰুদ্ধে এই যুদ্ধত হাজাৰ হাজাৰ নাগৰিক নিহত হৈছিল । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই যুদ্ধত ৪০,০০০ ৰ পৰা ৭০,০০০ লোকৰ মৃত্যু হৈছিল । অন্যান্য স্বতন্ত্ৰ বিশ্লেষক আৰু যুদ্ধ নিৰীক্ষকে প্ৰায় ১,৪০,০০০ লোকৰ মৃত্যুৰ অনুমান কৰিছিল । ক্লাৰ্কচনে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই সন্দৰ্ভত লিখিছে । ইফালে ইজৰাইলৰ মতে, বহু যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে সমগ্ৰ গাজা ষ্ট্ৰিপত থকা হামাছ সন্ত্ৰাসবাদী সংগঠনৰ কেইবাটাও আশ্ৰয়স্থলত আক্ৰমণ কৰিছে ।
-
Israel blockade: Gaza is on brink of running out of food, water, electricity and critical supplies, says UNWFP https://t.co/tkz1UYhO8I
— ETV Bharat (@ETVBharatEng) October 13, 2023 " class="align-text-top noRightClick twitterSection" data="
">Israel blockade: Gaza is on brink of running out of food, water, electricity and critical supplies, says UNWFP https://t.co/tkz1UYhO8I
— ETV Bharat (@ETVBharatEng) October 13, 2023Israel blockade: Gaza is on brink of running out of food, water, electricity and critical supplies, says UNWFP https://t.co/tkz1UYhO8I
— ETV Bharat (@ETVBharatEng) October 13, 2023
গাজা ষ্ট্ৰিপত খাদ্য, খোৱাপানী, বিদ্যুৎ আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ নাটনিৰ সময়তে ইজৰাইলে এক্সত আক্ৰমণৰ আপডেট দিছে । ৰাষ্ট্ৰসংঘৰ সংস্থা ইউএনআৰডব্লিউএ-ৰ মতে পেলেস্তাইনী ছিটমহলৰ ২৩ লাখ বাসিন্দাৰ বাবে বাহিৰৰ পৰা কোনো সাহায্য আহিব নোৱাৰে আৰু প্ৰায় ২,২০,০০০ লোকে গাজাৰ বিদ্যালয়সমূহত আশ্ৰয় লৈ আছে ।
এগৰাকী স্বতন্ত্ৰ বিশ্লেষকে কয় যে ইজৰাইলৰ বোমা বিস্ফোৰণৰ হাৰে ২০১৭ চনত চিৰিয়াৰ ৰাক্কা চহৰত আমেৰিকাৰ আক্ৰমণকো অতিক্ৰম কৰিছে । ২০১৪-১৯ বৰ্ষত আইএছআইএছৰ বিৰুদ্ধে বিমান অভিযানৰ সময়ত আমেৰিকাই সমগ্ৰ ইৰাক আৰু চিৰিয়াত প্ৰতি মাহে ২,০০০-৫,০০০ বোমা নিক্ষেপ কৰিছিল । বিশ্লেষক ৱেছলি মৰ্গানে ইজৰাইলী বায়ু সেনাৰ উদ্ধৃতি দি এক্সৰ এটা পোষ্টত কয় যে ২০১৭ চনত ৰাক্কা ধ্বংসৰ সময়ত আমেৰিকাৰ মাহিলী বোমাৰ সংখ্যা আছিল মাত্ৰ ৪,০০০ ।
এমনেষ্টি ইণ্টাৰনেচনেলৰ তথ্য অনুসৰি ২০১৭ চনৰ ৬ জুনৰ পৰা ১৭ অক্টোবৰলৈ আমেৰিকাৰ সেনা বাহিনীয়ে ৪ মাহ এসপ্তাহৰ সামৰিক অভিযানৰ সময়ত ৰাক্কাত ৩০,০০০ তকৈও অধিক বোমা নিক্ষেপ কৰিছিল ।
ইজৰাইল বায়ু সেনাই জনোৱা মতে এই বিমান আক্ৰমণত শ শ সন্ত্ৰাসবাদী নিহত হৈছে । ৩,৬০০ তকৈও অধিক লক্ষ্যত আক্ৰমণ কৰা হৈছে । ইফালে যিমান দিনলৈ প্ৰয়োজন হয় বলপূৰ্বক আৰু নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিব বুলিও ইজৰাইলী বায়ু সেনাই সকীয়াই দিয়ে ।
লগতে পঢ়ক :Hamas Israel War : গাজাবাসীক আঁতৰি নাযাবলৈ আহ্বান হামাছৰ; ইজৰাইলৰ বিৰুদ্ধে বিভ্ৰান্তি সৃষ্টিৰ অভিযোগ