ETV Bharat / international

Israel strikes downtown Gaza : হামাছৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান, ১,৫০০ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ - 1500 Hamas militants body recovered

হামাছ আৰু ইজৰাইলৰ যুদ্ধ অব্যাহত আছে । পেলেষ্টাইনৰ হামাছৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইজৰাইলে গাজাৰ ডাউন টাউনত আক্ৰমণ কৰে । ইজৰাইলৰ ভূখণ্ডত প্ৰায় ১,৫০০ টা হামাছ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ ।

Israel strikes downtown Gaza
হামাছৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:56 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : ইজৰাইল আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত সংঘৰ্ষ অব্যাহত আছে । হামাছৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইজৰাইলী সেনাইও অভিযান অব্যাহত ৰাখিছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ভাবুকি দিয়াৰ পাছতে ইজৰাইলৰ যুদ্ধ বিমানে মঙলবাৰে হামাছ চৰকাৰৰ কেন্দ্ৰস্থল গাজা চহৰৰ ডাউনটাউনত প্ৰচণ্ড বোমাবর্ষণ কৰে ।

৪ দিন ধৰি চলি থকা এই যুদ্ধত ইতিমধ্যে কমেও ১,৬০০ গৰাকী লোকৰ মৃত্যু হৈছে । ইফালে গাজাৰ চুবুৰীয়া অঞ্চলবোৰ ধ্বংসস্তূপলৈ পৰিণত হৈছে । হামাছেও আক্ৰমণ অব্যাহত ৰাখিছে আৰু সাধাৰণ লোকক লক্ষ্য কৰি আক্ৰমণ কৰাৰ উপৰি বন্দীও কৰিছে ।

ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে ইজৰাইলৰ ভূখণ্ডত প্ৰায় ১,৫০০ টা হামাছ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইজৰাইলে দাবী কৰা মতে গাজাৰ হামাছ আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনবোৰে ইজৰাইলৰ ভিতৰৰ পৰা অপহৰণ কৰি লৈ যোৱা ১৫০ তকৈও অধিক সৈনিক আৰু সাধাৰণ লোকক ধৰি ৰাখিছে ।

ইফালে ইজৰাইলী সামৰিক বাহিনীৰ প্ৰায় ৩ লাখ জোৱানক সাজু কৰা হৈছে বুলিও জানিব পৰা গৈছে । ইয়াৰ লগে লগে ভূমধ্যসাগৰৰ ক্ষুদ্ৰ উপকূলীয় অঞ্চলত ভূমি আক্ৰমণ আৰম্ভ কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে । ২০১৪ চনত অন্তিমটো স্থল সংঘৰ্ষ হৈছিল । গাজাৰ সমীপৰ বহু চহৰৰ পৰা হাজাৰ হাজাৰ ইজৰাইলীক স্থানান্তৰ কৰা হৈছে আৰু নতুন অনুপ্ৰৱেশৰ বিৰুদ্ধে গাজা সীমান্তত টেংক আৰু ড্ৰোণ মোতায়েন কৰা হৈছে । গাজাত বিমান আক্ৰমণৰ ফলত অট্টালিকাবোৰ ধ্বংসস্তুপত পৰিণত হৈছে আৰু হাজাৰ হাজাৰ লোকে ঘৰ এৰি পলায়ন কৰিছে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তীব্ৰ সকীয়নি প্ৰদান কৰি কয় যে ইজৰাইলে এতিয়া হামাছৰ বিৰুদ্ধে অভিযান চলাইছে আৰু আগন্তুক দিনত আন শত্ৰুসকলৰ বিৰুদ্ধেও অভিযান চলাব । ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰা মতে নিশাটোৰ ভিতৰতে গাজাৰ চিটি ৰিমাল চুবুৰীয়া অঞ্চলত শ-শ স্থানত আক্ৰমণ কৰা হৈছে । যদি ইজৰাইলী বাহিনীৰ এই ধৰণৰ আক্ৰমণ অব্যাহত থাকে তেনেহ'লে গাজাবাসীৰ বসবাসৰ স্থান নোহোৱা হ'ব ।

ইফালে এনে পৰিস্থিতিত পেলেষ্টাইনী সকলে ইজিপ্তৰ ৰাফা সীমান্ত পাৰ হৈ যাবলৈ বাধ্য হ'ব । অৱশ্যে সামৰিক বাহিনীয়ে কোৱা মতে দুয়োখন দেশৰ উক্ত ক্ৰছিং বন্ধ কৰা হৈছে । ইজৰাইলৰ আকাশী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে হামাছৰ সশস্ত্ৰ শাখাৰ মুখপাত্ৰ আবু ওবেইদাই সোমবাৰে নিশা কয় যে ইজৰাইলে আগতীয়া সতৰ্কতা অবিহনে গাজাত তেওঁলোকৰ ঘৰত আৰু সাধাৰণ লোকক লক্ষ্য কৰি আক্ৰমণ কৰিছে । আনহাতে হামাছে ইজৰাইলী বন্দী নাগৰিকক হত্যাৰো ভাবুকি দিছে । হামাছৰ এনে ভাবুকিৰ পাছত ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনে হামাছক কোনো বন্দীৰ ক্ষতি নকৰিবলৈ সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক :Hamas Attack on Israel : ইজৰাইলী ক্ষেপণাস্ত্ৰৰ গাজাত আঘাত; চিন্তাত হামাছে বন্দী কৰা প্ৰিয়জনৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.