ETV Bharat / international

Israel declares readiness for war : গাজা ষ্ট্ৰিপৰ পৰা ৰকেট আক্ৰমণ; উত্তৰত যুদ্ধৰ বাবে সাজু ইজৰাইল

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:23 PM IST

ইজৰাইলৰ দৈনিক বাতৰিকাকতৰ সূত্ৰ অনুসৰি, হামাছে আকস্মিক আক্ৰমণ কৰাৰ কেইঘণ্টামান পিছতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) ঘোষণা কৰে যে তেওঁলোকে গাজা ষ্ট্ৰিপত প্ৰতিশোধমূলক বিমান আক্ৰমণ চলাবলৈ আগবাঢ়িছে । গাজাৰ পৰা ইজৰাইলী অঞ্চলত ব্যাপক ৰকেট আক্ৰমণ হৈছে আৰু সন্ত্ৰাসবাদীয়ে বিভিন্ন প্ৰৱেশ পথৰ জৰিয়তে ইজৰাইলী অঞ্চলত অনুপ্ৰৱেশ কৰিছে ।

যুদ্ধৰ বাবে সাজু ঘোষণা ইজৰাইলৰ
Israel declares readiness for war

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ অক্টোবৰ : টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, শনিবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা বৃহৎ পৰিমাণৰ ৰকেট আক্ৰমণ আৰু ইজৰাইললৈ হামাছ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ পিছত যুদ্ধৰ বাবে তৎপৰতা ঘোষণা কৰে । "আইডিএফে যুদ্ধৰ বাবে তৎপৰৰ অৱস্থা ঘোষণা কৰিছে ।" সেনাই এক বিবৃতিত কয় ।

"গাজাৰ পৰা ইজৰাইলী অঞ্চলত ব্যাপক ৰকেটেৰে গুলীচালনা হৈছে আৰু সন্ত্ৰাসবাদীয়ে বিভিন্ন প্ৰৱেশ পথৰ জৰিয়তে ইজৰাইলী অঞ্চলত অনুপ্ৰৱেশ কৰিছে । দেশৰ দক্ষিণ আৰু কেন্দ্ৰস্থলৰ বাসিন্দাসকল সুৰক্ষিত অঞ্চলৰ ওচৰত থাকিব লাগিব । আনহাতে, গাজা সীমান্তৰ বাসিন্দাসকল এক সুৰক্ষিত স্থানৰ ভিতৰত থাকিব লাগিব ।" আইডিএফে নিজৰ বিবৃতিত কয় ।

ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কয় যে তেওঁলোকে গাজা ষ্ট্ৰিপত প্ৰতিশোধমূলক বিমান আক্ৰমণ চলাই আছে । ইজৰাইলৰ দৈনিক বাতৰিকাকত অনুসৰি, হামাছে আকস্মিক আক্ৰমণ কৰাৰ প্ৰায় দুঘণ্টা পিছতে এই আক্ৰমণ সংঘটিত হয়। এক বিবৃতিত আইডিএফে কয় যে চীফ অব ষ্টাফ, লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে ইয়াৰ এক মূল্যাঙ্কন কৰি আছে আৰু কাৰ্যপৰিকল্পনাত অনুমোদন জনাইছে । দৈনিক কাকতখনে প্ৰতিবেদনত লিখিছে ।

"এই আক্ৰমণৰ আঁৰত থকা হামাছ এই ঘটনাৰ ফলাফলৰ বাবে দায়বদ্ধ হ'ব ।" আইডিএফে কয় । আনহাতে, জেৰুজালেম পোষ্টে জনোৱা অনুসৰি, শনিবাৰে পুৱা জেৰুজালেমকে ধৰি দক্ষিণ আৰু মধ্য ইজৰাইলত ৰকেট আক্ৰমণ হয় । পুৱা প্ৰায় ৮.১৫ বজাত (স্থানীয় সময় অনুসৰি) চাইৰেনে ইয়াৰ সংকেত দিয়ে । গেডেৰট আঞ্চলিক পৰিষদৰ এটা অট্টালিকাত পোনপটীয়াকৈ কমেও এটা ৰকেটে আঘাত হানে । যাৰ ফলত ৬০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে শনিবাৰে পুৱা ৮ বজালৈকে (স্থানীয় সময় অনুসৰি) সমগ্ৰ দেশত ১৬ জন লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে । ইয়াৰে ভিতৰত দুজনৰ অৱস্থা সংকটজনক । আনহাতে, ছয়জনৰ অৱস্থা কম গুৰুতৰ আৰু সাতজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে । ইজৰাইলৰ ফালে দুঘণ্টাতকৈও অধিক সময় ধৰি ৰকেট আক্ৰমণ সংঘটিক হয় ।

লগতে পঢ়ক :Nobel Peace Prize 2023 :কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ শান্তিৰ নোবেল বঁটা প্ৰাপক নাৰ্গিছ মহম্মদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.