ETV Bharat / international

Putin on Hamas Israel war : মধ্যপ্ৰাচ্যত বিফল হৈছে আমেৰিকাৰ নীতি; হামাছ-ইজৰাইল যুদ্ধ সন্দৰ্ভত পুটিন

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 2:31 PM IST

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পেলেষ্টাইনক সমৰ্থন জনাইছে । পুটিনে কয় যে প্ৰথমে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সিদ্ধান্তৰ অধীনত এখন স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰয়োজন আছে । আনহাতে, পুটিনে মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক দোষাৰোপ কৰিছে ।

হামাছ-ইজৰাইল যুদ্ধ সন্দৰ্ভত পুটিন
Putin on Hamas Israel war

ইণ্টাৰনেচনেল ডেস্ক, ১১ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইজৰাইল আৰু হামাছ যুদ্ধৰ মাজতে এক বিবৃতি দিছে । পুটিনে কৈছে যে ইজৰাইল আৰু পেলেষ্টাইনীসকলৰ মাজত যুদ্ধ মধ্যপ্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিৰ বিফলতা । ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ডিমিত্রি পেছকভে কয় যে মস্কোৱে যুদ্ধ সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিচাৰিছে, কিন্তু এতিয়ালৈকে ইয়াৰ ৰণনীতি কি হ'ব সেয়া প্ৰকাশ কৰা নাই । আনহাতে, ক্ৰেমলিন দুয়োখন দেশৰে সংস্পৰ্শত আছে ।

তথ্য অনুসৰি, পুটিনে এই যুদ্ধত পেলেষ্টাইনক সমৰ্থন জনাইছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৈছে যে মধ্যপ্ৰাচ্যৰ যিকোনো পৰিস্থিতিৰ বাবে আমেৰিকাৰ নীতি দায়ী । আনহাতে, পুটিনে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তৰ অধীনত এখন স্বাধীন আৰু সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰাৰ প্ৰয়োজন আছে । শেহতীয়া তথ্য অনুসৰি, হামাছে এতিয়ালৈকে ইজৰাইলৰ ওপৰত পাঁচ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰিছে । তেতিয়াৰে পৰা দুয়োখন দেশতে আক্ৰমণ আৰু অধিক তীব্ৰতৰ হৈছে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে লগতে কয় যে পৰিস্থিতি যিয়েই নহওক, নাগৰিকসকলে বেছি কষ্ট ভোগ কৰিব নালাগে । আমি দুয়োপক্ষক আহ্বান জনাইছোঁ । তেওঁ ইৰাকৰ প্ৰধানমন্ত্ৰী মহম্মদ চিয়া আল-চুদানীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এই কথা কয় ।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তৃতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ফোনযোগে কথা পাতি দেশখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । আনহাতে, বাইডেনে কয় যে আমেৰিকাই সম্ভৱপৰ সকলো সহায় আগবঢ়াব । আমেৰিকান অস্ত্ৰৰে সজ্জিত এখন বিমান ইতিমধ্যে দক্ষিণ ইজৰাইলৰ নেভাটিম এয়াৰবেচত উপস্থিত হৈছে ।

লগতে পঢ়ক :Hamas attack on Israel : ইজৰাইলত হামাছৰ আক্ৰমণৰ প্ৰভাৱ ভাৰত-আৰব সম্পৰ্কত পৰাৰ সম্ভাৱনা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.