ETV Bharat / international

Israel strikes Syria : ছিৰিয়াত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইজৰাইলৰ

author img

By

Published : Apr 9, 2023, 12:37 PM IST

ফিলিস্তিনি ভূখণ্ড আৰু লেবাননৰ পৰা নিক্ষেপ কৰা কেইবাটাও ৰকেটৰ পিচত বৃহস্পতিবাৰে নিশা ইজৰাইলে গাজা ষ্ট্ৰিপত আঘাত হানে (Israel artillery strikes in southern Syria)। ইছলামিক চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ছয়টা ৰকেট উৎক্ষেপণ কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে এইবাৰ দক্ষিণ ছিৰিয়াত আক্ৰমণ কৰিলে ইজৰাইলে ।

Israel  artillery strikes in southern Syria
দক্ষিণ ছিৰিয়াত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ইজৰাইলে

ইন্টাৰনেশ্য়নেল ডেস্ক, ৯ এপ্ৰিল :দক্ষিণ ছিৰিয়াত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ইজৰাইলে (Israel strikes in southern Syria)। দ্য টাইমছ অৱ ইজৰাইলে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ উদ্ধৃতি দি কয় যে ক্ষেপণাস্ত্ৰৰে দক্ষিণ ছিৰিয়াত আক্ৰমণ চলোৱা হৈছে (The Times of Israel reported)। ইছলামিক চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ছয়টা ৰকেট উৎক্ষেপণ কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ চলাইছে ইজৰাইলে । অৱশ্য়ে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (Israel Defense Forces) তাৎক্ষণিকভাৱে এই আক্ৰমণ সম্পৰ্কে কোনো তথ্য় প্ৰদান কৰা নাছিল । ইয়াৰ পূৰ্বে দক্ষিণ ছিৰিয়াৰ পৰা গোলান হাইটছৰ ইজৰাইলী চহৰসমূহত আৰু ৩ টা ৰকেট উৎক্ষেপণ কৰা হৈছিল বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে কয় ।

দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ছিৰিয়াৰ পৰা গোলানত আন তিনিটা ৰকেট উৎক্ষেপণ কৰাৰ কেইঘণ্টামান পিচত এই ঘটনা সংঘটিত হয় (Rockets were launched from Syria at the Golan)। শনিবাৰে নিশা জেৰুজালেমৰ পুৰণি চহৰত এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি দ্য টাইমছ অৱ ইজৰাইলে কয় যে নিৰাপত্তা বাহিনীয়ে আশংকা কৰা অনুসৰি দেওবাৰে যেতিয়া ইহুদী উপাসকসকলে আশীৰ্বাদৰ বাবে পশ্চিম দেৱালত ভিৰ কৰিব তেতিয়া অধিক অস্থিৰতা সৃষ্টি হ'ব পাৰে ।

ইপিনে, জেৰুজালেম পোষ্টৰ বাতৰি অনুসৰি, "ইহুদী দৰ্শনাৰ্থীসকলে ওপৰৰ টেম্পল মাউণ্টত উঠিব বুলি আশা কৰা হৈছে (Temple Mount)। সেইবাবে সমগ্ৰ চহৰখনত অতিৰিক্ত 2,300 আৰক্ষী তথা সেনা মোতায়েন কৰা হৈছে । ইপিনে,বৈদেশিক মন্ত্ৰালয়ে কয়,"ইজৰাইলে মুছলমান, ইহুদী আৰু খ্ৰীষ্টানসকলে যাতে শান্তিপূৰ্ণভাৱে ৰমজান, নিস্তাৰ আৰু ইষ্টাৰ উদযাপন কৰিব পাৰে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।" বৈদেশিক মন্ত্ৰালয়ে কয়, "সংযমৰ আবেদন স্বত্বেও বুধবাৰে ইজৰাইলী আৰক্ষীয়ে আল-আকছা মছজিদত আক্ৰমণ কৰাৰ পিচত হিংসা বৃদ্ধি পাইছে । ফিলিস্তিনি উগ্ৰপন্থীৰ ৰকেট গুলীচালনাৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে গাজা আৰু লেবাননত বোমা বর্ষণ কৰা হৈছে।"

বৈদেশিক মন্ত্ৰালয়ে পুনৰ উল্লেখ কৰে যে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ, ইহুদীৰ নিস্তাৰ আৰু খ্ৰীষ্টানৰ ইষ্টাৰৰ সময় উপনীত হোৱাৰ লগে লগে এই অস্থিৰতাৰ সৃষ্টি হৈছে। "আনহাতে,প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে (Defense Minister Yoav Gallant) শনিবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । উল্লেখ্য় যে ফিলিস্তিনি ভূখণ্ড আৰু লেবাননৰ পৰা নিক্ষেপ কৰা কেইবাটাও ৰকেটৰ পিচত বৃহস্পতিবাৰে নিশা ইজৰাইলে গাজা ষ্ট্ৰিপত দুটা লক্ষ্যত আক্ৰমণ কৰিছিল (Israel struck in Gaza Strip)।

লগতে পঢ়ক:Israel Hits Weapons Factories : হামাছৰ নিৰাপত্তা উলংঘনৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ প্ৰত্যাক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.